Difference between revisions 104279 and 104312 on aswiki

{{প্ৰতিলিপি}}
মাইলছ ব্ৰনছন (জন্ম-১৮১২, মৃত্যু-১৮৮৩ চন):  আমেৰিকাৰ নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰিছিল মাইলছ ব্ৰনছনে। তাতেই তেওঁ শিক্ষা গ্ৰহণ কৰি ২৪ বছৰ বয়সত মিছনেৰীৰ সভ্য হয় আৰু জেকব টমাছ নামৰ এজন বন্ধুৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহে। পাছত বন্ধুজনৰ মাজ বাটতে মৃ্ত্যু ঘটাত বন্ধু পত্নী আৰু নিজ পত্নীক লগত লৈ শদিয়াত উপস্থিত হয় তেওঁ। প্ৰথমে শদিয়া, জয়পুৰ, নগাৰাজ্য, শিৱসাগৰ আদিত থাকি শেষত নগাঁও চহৰ পায়হি। নগাঁৱত অৰফেন ইনষ্টিটিউট নামৰ পঢ়াশালি এখন স্থাপন কৰে । পাছত তেওঁ চৈধ্য হাজাৰ শব্দ সম্বলিত অসমীয়া-ইংৰাজী অভিধান এখন ৰচনা কৰি ব্ৰনছনে ১৮৬৭ চনত সেইখন তেওঁ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা কৰি উলিয়ায়। অৰুণোদইৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত ব্ৰনছনে ইংৰাজীত দুখনমান পুস্তিকা আৰু বহু স্তুতিগীত ৰচনা কৰিছিল।