Difference between revisions 104313 and 110578 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

(contracted; show full)ৃটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আবহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে। পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। এইদৰেই সংযোগ, বিয়োগৰ মাজেদি গঢ় লবলৈ ধৰে আধুনিক অসমীয়া সংস্কৃতিৰ। আধুনিক অসমীয়া সংস্কৃতি খৰতকীয়া গতিত ক্ৰমা
ত্‍ আধুনিকতাৰ ফালে আগবঢ়াই নিয়াৰ মূলতে হ’ল - পুঁজিবাদী সমাজ ব্যৱস্থা। মানুহৰ সাংস্কৃতিক সৃষ্টি সমূহৰ উত্পা দন প্ৰক্ৰিয়াৰ ওপৰতো এই পুঁজিবাদী ব্যৱস্থাই প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে। এই সময়চোৱাত মানুহে সংস্কৃতিৰ সমলবোৰ জীৱনৰ প্ৰয়োজনীয়তাৰ মাপকাঠিৰে জুখিবলৈ লয়। শিক্ষা-ব্যৱস্থাত আমূল পৰিবৰ্ত্তনে দেখা দিয়ে। জনমানসে পূৰ্বৰ শিক্ষাৰ অন্তৰ্গত আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰিবলৈ টান পোৱা হয়, লগতে গুৰু-কুল প্ৰথা উঠি যায় আৰু টোলসমূহৰ সমাদৰ ক্ৰমাত্‍ লাঘব হ’বলৈ ধৰে। ঐহিক সুখদায়ক লৌকিক বিষয়ৰ ওপৰত শিক্ষাৰ গুৰুত্ব আহিল। মানুহৰ মন ক্ৰমাত্‍ নগৰকেন্দ্ৰিক হোৱাৰ ফলত পূৰ্বৰ গ্ৰাম্যসংস্কৃতিৰ গৰাখহনীয়া ৰূপৰ সৃষ্টি হ’বলৈ ধৰে। উদ্যোগমুখিতাই আনি দিয়ে পুৰনিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অবহেলা; ফলত বিভিন্ন কুটিৰ শিল্পৰ চৰ্চাৰ লাহ লাহে অবক্ষয় ঘটিবলৈ ধৰে। সাজপোচাক, অয়-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ, খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ স্পৰ্শ পৰে। মুঠৰ ওপৰত ইংৰাজ আগমনৰ লগে লগে অসমীয়া পুৰনিকলীয়া সংস্কৃতি ক্ৰমাত্‍ আধুনিকমুখী হ’বলৈ ধৰে।

সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰনৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হয়। সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো বিষয়তে আধুনিকতাৰ স্পৰ্শ। খাদ্যদ্ৰৱ্যৰ প্ৰস্তুতি আৰু পৰিবেশন লগতে খোৱাৰ পদ্ধতিতো পশ্চিমীয়া ধৰণ সোমাই পৰিল। ‘খাৰখোৱা লোক’ বুলি পৰিচিত আজিৰ অসমবাসীয়ে খাৰ খাব নজনা হ’ল। সাজপাৰৰ ক্ষেত্ৰতো অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন সাধন হয়। যি ৰিহা-মেখেলা পিন্ধিলেই অসমীয়া লোক বুলি পৰিচিত আছিল সেই ৰিহা-মেখেলা বৰ্ত্তমান অসমীয়া গাভৰুহতে চিনি নোপোৱা হ’ল। সমূহীয়া উত্সৰৱত অসমীয়া সাজ এযোৰ পৰিধান কৰাতকৈ জাক-জমক পোচাক এযোৰ পৰিধান কৰি নিজকে আধুনিক বুলি দেখুৱাবলৈ আমাৰ অসমীয়া যুৱতীসকলে বেছি ভাল পোৱা হ’ল। পুৰনি অসমীয়াৰ সাঁজ ৰিহা, কাঁচলি, পাতেনি, দোপটী, ধুতি আদিৰ প্ৰচলন লাহে লাহে কমি আহিবলৈ ধৰে আৰু এইবোৰ ঠাই অধিকাৰ কৰে আধুনিক সাজপাৰ যেনে - চোলা-চাদৰ, লংপেণ্ট, চাৰ্ট, চুৰিদাৰ ইত্যাদিয়ে। অৱশ্যে আধুনিক মহিলাসকলে পৰিধান কৰা ‘শাৰী’ৰ প্ৰচলন অতি প্ৰাচীন কালৰ পৰা অসমত আছে। অসমীয়া সাজ পৰিধান কৰা পদ্ধতিও বেলেগ। অসমীয়া সাজ মুগা-পাটৰ জনপ্ৰিয়তা পূৰ্বৰে পৰা অদ্যাপি চলি আহিছে যদিও কৃষিমুখী সমাজৰ ভাঙোন ধৰাৰ লগে লগে এৰী, মুগা-পাটৰ খেতি ক্ৰমাত্‍ কমি আহিবলৈ ধৰে।

অসমীয়া সংস্কৃতিৰ বিকাশত বিশেষ অৰিহনা যোগোৱা এটি প্ৰধান বিষয় হ’ল ধৰ্ম। কিন্তু আধুনিকতাৰ পৰিপেক্ষিতত অসমীয়া সংস্কৃতিৰ বিকাশত কোনো ধৰ্মৰে বাস্তবমুখী আৰু সৃষ্টিমুখী বৰঙনি পৰিলক্ষিত নহয়। অসমৰ মধ্যযুগৰ সংস্কৃতি আছিল মূলতঃ ধৰ্ম্মভিত্তিক। এই যুগৰ প্ৰায় সকলোবোৰ সংস্কৃতিক বিকাশৰ মূলতে আছিল ধৰ্মীয় প্ৰভাব। মধ্যযুগত ধৰ্ম্মীয় প্ৰভাৱজনিত সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত বৈষ্ণৱ সত্ৰ সমূহ সৰ্ব্বশ্ৰেষ্ঠ। এই সত্ৰসমূহ আছিল তদানীন্তন সময়ৰ সংস্কৃতি বিকাশৰ মূল কেন্দ্ৰ। কিন্তু, বৰ্ত্তমান এই সত্ৰসমূহৰ সমাদৰ বহুখিনিয়ে হ্ৰাস পাইছে। আজিৰ সত্ৰসমূহ আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰীয়স্থল হৈ থকা নাই। অৱশ্যে ধৰ্মৰ নামত বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰি বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা এতিয়াও কৰা দেখা যায়। কিন্তু, এইবোৰত জনমানসৰ কিমানখিনি ভক্তিভাব নিমজ্জিত হৈ আছে ই সন্দেহৰ বিষয়। ধৰ্মীয় অনুষ্ঠানবোৰে ক্ৰমাত্‍ হৈ পৰিছে ব্যৱসায় ভিত্তিক। ধৰ্মৰ নামত গা কৰি উঠা ‘চান্দা তোলা’ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ক্ষয়ংকৰি স্বৰূপটো উদঙাই দিয়ে। আকৌ, ধৰ্মৰ নামত অসমীয়া লোকৰ অৰিয়া-অৰিয়েও এক নতুন সাংস্কৃতিক সংকটৰ বাৰ্তাই বহন কৰি আনিব ধৰা যেন বোধ হৈছে।


আধুনিকতাৰ কবলত অসমীয়া সংস্কৃতিৰ বহল পথাৰখন আগুৰি থকা উত্সসৱ-অনুষ্ঠানবোৰতো এক বৃহত্‍ পৰিৱৰ্ত্তন পৰিলক্ষিত হয়। অসমৰ জাতীয় উত্সকৱ ‘বিহু’ মূলত গাঁওমুখী কৃষি ধৰ্মী উত্সউৱ। কিন্তু, আধুনিক বিহু নগৰমুখী। পূৰ্বতে বিহু উত্স ৱত পালন কৰা বেছিভাগ লোকচাৰেই নাইকিয়া হৈ আহিছে। বিহুৱে গছৰ তল, নৈৰ পাৰ এৰি নগৰীয়া মঞ্চত উঠিছে। সংস্কৃতিৰ দিশত বহাগ বিহুক মহিমামণ্ডিত কৰিছে বিহুগীতবোৰে। কিন্তু, আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়ীকৃত। বিহুগীত প্ৰকৃতিৰ কোলাৰ পৰা তথা প্ৰকৃতিৰ সন্তানসকলৰ হাতৰ পৰা এতিয়া বিশেষীকৃত গীতিকাৰ, সুৰকাৰ সকলৰ হাতলৈ আহি কেচেটত বানীবদ্ধ হৈছে। আকৌ, বিহু নৃত্যতো আধুনিক আন নৃত্যৰ স(contracted; show full)
পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।

সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।