Difference between revisions 151481 and 160185 on aswiki{{Wikify}} '''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:wikipedia:Idiom| Idiom]] । ==কেইটামান জতুৱা ঠাঁচ== তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। * অৱস্থা চাই ব্যৱস্থা * অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা । * অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ । * আঁঠু কাঢ় : আঁঠুৰে বুল * আঁঠু ল : মাটিত আঠু লগাই সেৱা কৰ * অাভুৱা ভৰা : মিচা কথা কৈ দায় সৰা । * আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা । * আলাশৰ লাড়ু : অতি মৰমৰ । * এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান । * ওপৰ চকুৱা * কপাল ফুটা : দু্ৰ্ভগীয়া । * কপাল ফুলা : সৌভাগ্যই লগ দিয়া । * কপাল ধো : আশা এৰ * কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ * কঁকাল পৰ : বুঢ়া হ * কাণ কটা: নিলাজ * কাণ দি : মনোযোগ দি * কাণ চুই থ : আগলৈ মনত ৰাখ * কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ * কাণত ধৰি ক : শপত খাই ক * কাণ সমনীয়া : ডেকা * কাণ বাগৰা : লোকৰ মুখে শুনা * কুকুৰে মৈ টনা * খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা । * গাত সৰিয়হ ফুটা * গা এৰা দিয়া : সম্পৰ্ক এৰা * গাই বাই চোৱা : চেষ্টা কৰি চোৱা * গা ধৰা : শকত হোৱা * ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা । * ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা । * চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা * চকুত লগা : ধুনীয়া হোৱা * চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ * চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু । * চুক ভেকুলী * চুঙা চাই সোপা * চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন * ডলাৰ বগৰী : * তলে পুতল * দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা * দেশ চাইহে ভেশ * ধোদৰ পছলা : এলেহুৱা * ধোঁৱাচাঙত তোল * নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ । * নদন-বদন : উভৈনদী । * নাদৰ/কুৱাৰ ভেকুলী * পৰ্বতত কাছ কণী বিচৰা * পাবত গজা : মূল নোহোৱা * পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু । * পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা * পানী মিঠৈ * পাভ লুটি মৰা * পেট চলা : বেছিকৈ শৌচ কৰা * পেট মচা : নুমলীয়া * পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা * পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা * পানীত পৰা : অথলে যোৱা * বাট চা : অপেক্ষা কৰা * বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ । * বুৰেপিত শেলুক * ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা * ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ * মন কৰ : ইচ্ছা কৰ,মনোযোগ দে * মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ * মূৰ খা : মৃত্যুৰ কাৰণ হ * মূৰ ঘমা : বৰকৈ চিন্তা কৰা * মূৰ পাতি লোৱা : দায়িত্ব লোৱা * মূৰ পোলোকা মাৰ/দে : গা এৰা দে * মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা * মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা * হাত উজান দিয়া : কামত সহায় কৰা * হাত লৰ : চোৰ স্বভাৱৰ * হাত দীঘল : ক্ষমতাশালী * হাত সাৱটি থকা : কাম নকৰাকৈ থকা * হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা * হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা * হাত টান : কৃপণ * শেনৰ এজাত * শেন চকুৱা * শূণ্যত গদা ঘূৰোৱা * সাত ঘাটৰ চেঙেলী : অতি টেঙৰ । * সাত ঘাটৰ সৈয়াকণী * সাহেই সিদ্ধি ==লগতে চাওক:== *[[ফকৰা যোজনা]] ⏎ ⏎ ==তথ্য সংগ্ৰহ== {{Reflist}} [[Category:অসমৰ ভাষা আৰু লিপি]] [[শ্ৰেণী:অসমীয়া ব্যাকৰণ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=160185.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|