Difference between revisions 155083 and 155084 on aswiki

জিগশ্ব প্ৰযুক্তি হৈছে শ্ৰেণীকোঠাৰ বিভিন্ন কাৰ্য্যকলাপ সমূহৰ সুব্যৱস্থাপনাৰ সুবিধাৰ্থে আবিস্কৃত এক আধূনিক প্ৰযুক্তি যি ছাত্ৰ-ছাত্ৰী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে সফলতাৰ দিশে আগবঢ়াই লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। এই প্ৰযুক্তিৰ জৰিয়তে একোটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সৰু সৰু গোট বা দলত ভগাই লোৱা হয় আৰু তেওঁলোকক কৰিবলৈ দিয়া একোটা প্ৰকল্প সৰু সৰু অংশত বিভক্ত কৰি দলটোৰ সদস্য সমূহৰ মাজত এনেভাৱে ভগাই দিয়া হয় যাতে তেওঁলোকৰ প্ৰতিজনে নিজৰ ভাগৰ কামখিনি সম্পন্ন কৰাৰ পিছত সকলোখিনি সন্মিলিত কৰি ললেহে সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ হয়। সমাজ মনোৱিজ্ঞানী ইলিয়ট আৰনছনে জাতি সংঘৰ্ষৰ কুপ্ৰভাৱে শিক্ষাৰ ক্ষেত্ৰত জন্মোৱা ব্যাঘাতৰ ফলত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক আগবঢ়াই নিবলৈ সমন্বিত বিদ্যালয় সমূহত ব্যৱহাৰ কৰিবলৈ এই প্ৰযুক্তিটোৰ আবিস্কাৰ কৰিছিল। <ref>  Lestik, M., & Plous, S. (2012). "Jigsaw Classroom". Retrieved October 24, 2012, from jigsaw.org</ref> <ref>Aronson, E. (n.d.). "Jigsaw Basics". Retrieved December 5, 2012, from jigsaw.org</ref> <ref>Perkins, D. V., & Tagler, M. J. (n.d.). "Jigsaw Classroom". Retrieved December 5, 2012</ref>

== ইতিহাস ==
জিগশ্ব প্ৰযুক্তি ব্যৱহাৰ কৰাৰ নিয়ম অনুসৰি একোটা শ্ৰেণী কেইবাটাও সৰু সৰু দলত ভাগ কৰি লোৱা হয় আৰু প্ৰতিটো দলক একোটা সমস্যাৰ সমাধান উলিয়াবলৈ বা একোটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ দিয়া হয়। দলৰ প্ৰতিজন সদস্যই প্ৰথমে সমস্যাটোৰ বা প্ৰকল্পটোৰ নিজৰ ভাগত পৰা অংশখিনি সম্পূৰ্ণ কৰিব লাগে আৰু তাৰ পিছত সকলোৰে অংশবোৰ একেলগ কৰি সামূহিক ভাৱে সমস্যাটোৰ সমাধান উলিয়াব লাগে অথৱা প্ৰকল্পটো সম্পূৰ্ণ কৰিব লাগে। উদাহৰণ স্বৰুপে – প্ৰথমে সমগ্ৰ শ্ৰেণীটোৰ বাবে প্ৰকল্প হিচাবে এটা মুখ্য বিষয় নিৰ্দ্ধাৰণ কৰা হয়। তাৰ পিছত ম(contracted; show full)পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় তথ্য-পাতি আহৰণ কৰিবলৈ একোটা দলৰ প্ৰতিজন সদস্যই দলৰ আন সদস্য সকলৰ প্ৰতি সমানে মনোযোগ দিয়াতো আৱশ্যক হয। এনে প্ৰকল্পই দলৰ প্ৰতিজন সদস্যকে মূল প্ৰকল্পটোৰ সমান অংশীদাৰ হিচাবে লৈ প্ৰতিজনকে সমানে গুৰুত্ব দিয়াত সহায় কৰে। যিহেতু সামগ্ৰিকভাৱে সম্পন্ন কৰা প্ৰকল্পটোৰহে মূল্যায়ন কৰা হয় সেইবাবে এনে প্ৰকল্পই শিক্ষাৰ্থী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সহযোগিতাৰ শিক্ষা দিয়ে আৰু লগতে পৰস্পৰৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱো হ্ৰাস কৰে, কাৰণ তেওঁলোকে অনুভৱ কৰিব পাৰে যে প্ৰতিজন শিক্ষা্ৰ্থীৰ গুৰুত্ব সমান।


== তথ্য সংগ্ৰহ ==
{{reflist}}