Difference between revisions 155196 and 173087 on aswiki

{{db|page is in MAIN namespace instead of USER namespace}}

জিগশ্ব প্ৰযুক্তি হৈছে শ্ৰেণীকোঠাৰ বিভিন্ন কাৰ্য্যকলাপ সমূহৰ সুব্যৱস্থাপনাৰ সুবিধাৰ্থে আবিস্কৃত এক আধূনিক প্ৰযুক্তি যি ছাত্ৰ-ছাত্ৰী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতাৰ জৰিয়তে সফলতাৰ দিশে আগবঢ়াই লৈ যোৱাত গুৰুত্ব আৰোপ কৰে। এই প্ৰযুক্তিৰ জৰিয়তে একোটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সৰু সৰু গোট বা দলত ভগাই লোৱা হয় আৰু তেওঁলোকক কৰিবলৈ দিয়া একোটা প্ৰকল্প সৰু সৰু অংশত বিভক্ত কৰি দলটোৰ সদস্য সমূহৰ মাজত এনেভাৱে ভগাই দিয়া হয় যাতে তেওঁলোকৰ প্ৰতিজনে নিজৰ ভাগৰ কামখিনি সম্পন্ন কৰাৰ পিছত সকলোখিনি সন্মিলিত কৰি ললেহে সমগ্ৰ প্ৰকল্পটো স(contracted; show full)াতি আহৰণ কৰিবলৈ একোটা দলৰ প্ৰতিজন সদস্যই দলৰ আন সদস্য সকলৰ প্ৰতি সমানে মনোযোগ দিয়াতো আৱশ্যক হয। এনে প্ৰকল্পই দলৰ প্ৰতিজন সদস্যকে মূল প্ৰকল্পটোৰ সমান অংশীদাৰ হিচাবে লৈ প্ৰতিজনকে সমানে গুৰুত্ব দিয়াত সহায় কৰে। যিহেতু সামগ্ৰিকভাৱে সম্পন্ন কৰা প্ৰকল্পটোৰহে মূল্যায়ন কৰা হয় সেইবাবে এনে প্ৰকল্পই শিক্ষাৰ্থী সকলক পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সহযোগিতাৰ শিক্ষা দিয়ে আৰু লগতে পৰস্পৰৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱো হ্ৰাস কৰে, কাৰণ তেওঁলোকে অনুভৱ কৰিব পাৰে যে প্ৰতিজন শিক্ষা্ৰ্থীৰ গুৰুত্ব সমান।

== তথ্য সংগ্ৰহ ==
{{reflist}}