Difference between revisions 162065 and 163564 on aswiki{{db-a1}}⏎
সাংখ্য দৰ্শন : মহৰ্ষি কপিল হৈছে এই দৰ্শনৰ প্ৰতিষ্ঠাতা।এই দৰ্শনৰ প্ৰধান গ্ৰন্থ হৈছে ঈশ্বৰ কৃষ্ণ ৰচিত সাংখ্য কাৰিকা।বাচস্পতি মিশ্ৰ হৈছে সাংখ্য দৰ্শনৰ ভাষ্যকাৰ।
সাংখ্য দৰ্শনে দুটা মূল তত্ব স্বীকাৰ কৰিছে।সেই দুটা হ'ল পুৰুষ অাৰু প্ৰকৃতি।পুৰুষক অাত্মা নামাৰেও জনা যায়। এই অাত্মা শুদ্ধ, বদ্ধ, মুক্ত, নিত্য আৰু চৈতন্য স্বৰূপ। ই সদায় জ্ঞাতাৰূপেহে থাকে। ই স্বয়ং চৈতন্য; পুৰুষ কেৱল দ্ৰষ্টা; ই নিষ্ক্ৰয় আৰু অবিকাৰী। আনহাতে, প্ৰকৃতি হৈছে ত্ৰিগুণাত্মক অৰ্থাৎ স্বত্ত্বঃ, ৰজঃ আৰু তমঃ গুণক লৈ প্ৰকৃতি গঠিত হয়। সাংখ্য দৰ্শন সৎকাৰ্যবাদত বিশ্বাসী।
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|