Difference between revisions 165605 and 173421 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

(contracted; show full)ুক মহিমামণ্ডিত কৰিছে বিহুগীতবোৰে। কিন্তু, আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়ীকৃত। বিহুগীত প্ৰকৃতিৰ কোলাৰ পৰা তথা প্ৰকৃতিৰ সন্তানসকলৰ হাতৰ পৰা এতিয়া বিশেষীকৃত গীতিকাৰ, সুৰকাৰ সকলৰ হাতলৈ আহি কেচেটত বানীবদ্ধ হৈছে। আকৌ, বিহু নৃত্যতো আধুনিক আন নৃত্যৰ সাঁচ সোমাই পৰিল। সেয়ে এতিয়াৰ বিহুনাচ বা বিহুগীতক আমি প্ৰকৃতিৰ কোলালৈ নিবলৈ যত্ন কৰিলেও যাব নোখোজে। নগৰকেন্দ্ৰিক অসমীয়া সমাজখনত বিশ্বকৰ্মা পূজা, গনেশ পূজা, দীপান্দিতা উত্সেৱৰ জাক-জমকতা মন কৰিবলগীয়া। কিন্তু, এইবোৰ জনসাধাৰনৰ ক্ষণিক উচ্ছাস মাথোন। অসমত 
[[অম্বুবাচী]] নিবৃত্তিৰ দিনা যি মেলা কামাখ্যা-দেৱালয়ত উত্যানপিত  হয়, সি ভাৰত বিখ্যাত। কিন্তু, এই উত্সনৱ সমূহ পতাৰ নামত উদ্যোক্তা সকলৰ একাংশই মদ, ভাং, জুৱা আদি পৰিবেশন কৰি কিছুমান অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি সংস্কৃতি বিশৃংঙ্খলতা আনিছে।

(contracted; show full)
পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।

সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।