Difference between revisions 171602 and 171603 on aswiki[https://sangbadprahari.co.in/ সংবাদ প্ৰহৰী৷] [[চিত্ৰ:সংবাদ প্ৰহৰী লগ ১.jpg|thumb]] সত্য আৰু ন্যায়ৰ সপক্ষে কেৱল অসমীয়া ভাষাত প্ৰতিটো সংবাদ, সবাতোকৈ আগত পাঠক সমাজৰ আগত দাঙি ধৰাৰ উদ্দেশ্য আগত ৰাখি Save Media Solution (A Unit of SAVE)ৰ দ্বাৰা পৰিচালিত প্ৰথমটো ৱেবমিডিয়া হৈছে ‘সংবাদ প্ৰহৰী’৷ বিশিষ্ট সাংবাদিক [https://bulbuljamanur.blogspot.in/ ছৈয়দ বুলবুল জামানুৰ হক]ৰ সম্পাদনাৰে ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত বৰপেটা আৰু গুৱাহাটীৰ পৰা ‘সংবাদ প্ৰহৰী’ নামেৰে এখন সাপ্তাহিক কাকত হিচাপে জন্ম লাভ কৰে৷ কাকতখেন পাঠক সমাজৰ ব্যাপক সমাদৰ লাভ কৰা ফলশ্ৰুতিত ধাৰাবাহিকভাৱে সম্পূৰ্ণ এটা বছৰ সাপ্তাহিক হিচাপে চলাই থ(contracted; show full) ‘সংবাদ প্ৰহৰী’ৰ এই ৱেবমিডিয়াত প্ৰকাশ পোৱা প্ৰতিটো সংবাদ তথা লিখনি, ভিডিঅ’ আদি ছ’ছিয়েল মিডিয়া Facebook, Twitter, Google Plus, Linkedin, YouTube তো একে সময়তে প্ৰচাৰ কৰা হয়৷ একেদৰে Google Play Store আৰু App Store ত ‘সংবাদ প্ৰহৰী’ৰ Mobile Application উপলব্ধ৷ সম্প্ৰতি ‘সংবাদ প্ৰহৰী’ ইণ্টাৰনেট জগতত ৱেবমিডিয়া হিচাপে কাম কৰি যোৱাৰ লগতে বিভিন্ন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সংবাদ গোষ্ঠীৰ বাবে ‘নিইজ এজেন্সী’ আৰু ‘ফটো এজেন্সী’ হিচাপে কাম কৰি আছে৷ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=171603.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|