Difference between revisions 173311 and 173318 on aswiki

{{story}}
ওপজা মাটিৰ পৰা বিশ্বখনৰ য’লৈকে ভূপেন হাজৰিকা গৈছিল তাৰেই আকাশ-বতাহ, সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচি মৃত্যুপৰ্যন্ত গাই গৈছিল। তেওঁৰ গীত সমূহত দেশ-জাতিৰ মানুহক ভালপোৱাৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্বলাই তোলাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা জানিব পাৰি। ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্তমান।<ref name="বৈচিত্ৰ" /> জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ কাহিনী যিদৰে তেওঁৰ গীত(contracted; show full)

==লোকগীত আধাৰিত গীতৰ শৰাই==
ভূপেন হাজৰিকাই আমাৰ সমাজখনত চলি থকা বনগীত, বিহুগীত, নিচুকনি গীত, গোৱালপৰীয়া গীত, কামৰূপী লোকগীতৰ আধাৰত নতুনকৈ গীত ৰচনা কৰি সুৰ সংযোগেৰে গাইছিল আৰু পুৰণি সুৰৰেও বহু গীত পৰিৱেশন কৰি গীতবোৰ জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ কণ্ঠত বিশেষকৈ কামৰূপী, 
[[গোৱালপৰীয়া লোকগীত]], বিহুগীত আদিয়ে অধিক প্ৰসাৰ লভিছিল। এনে গীতৰ ভিতৰত ‘ৰাধে ক’লা নুবুলিবা মোক’, ‘কানাই পাৰ কৰা হে’, ‘আৰে, গেইলে কি আসবেন’, ‘বন্ধুৰ বাৰীতে’ আদি অনেক গীতৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ কণ্ঠ নিগৰোৱা বিহুগীত সমূহৰ ভিতৰত ‘অ’ বিহুৰেও বিৰিণা অ’ আইতা/ অ’ নাচনীৰ কলাফুল লৰে’, ‘চৰাই চিকুণ অ’ লীলা ৰহিলা/ তেলীয়া সাৰেঙ অ’ লীলা ৰহিলা’ আদি গীতকেইটা বিপুল জনপ্ৰিয়তা আছে।<ref name="বৈচিত্ৰ" /> 

==শিশুবিষয়ক গীত==
ভূপেন হাজৰিকাৰ অনেক গীত আৰু আন ৰচনাৰ মাজেদি শিশুসকলৰো অকৃত্ৰিম, আলসুৱা ভাব-অনুভূতিৰ মূৰ্ত প্ৰকাশ ঘটিছে। তেখেতৰ গীতে-মাতে অ, আ, ক, খ শীৰ্ষক গ্ৰন্থখনেই তেওঁৰ শিশুপ্ৰেমৰ পৰিচয় বহন কৰে। ১৯৫৫ চনত তেওঁ ৰচনা কৰিছিল:

<poem>
::::::::::''ৰং কিনিবা কোনে''
::::::::::''ৰং কিনিবা কোনে? ''
::::::::::''মোনা ভৰাই ৰং আনিছোঁ''
::::::::::''কিনা মোনে মোনে।''
</poem>

==লগতে চাওক==
* [[ভূপেন হাজৰিকাৰ সাহিত্য]]
* [[ভূপেন্দ্ৰ সংগীত]]

==তথ্য সংগ্ৰহ== 
{{Reflist
|refs =


<ref name="বৈচিত্ৰ">
{{cite journal 
| title=ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়-বৈচিত্ৰ্য 
| author=প্ৰশান্ত বৰা 
| journal=অসম সাহিত্য সভা পত্ৰিকা 
| year=২০১২-১২ খ্ৰীষ্টাব্দ, 
| month=ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী মাহ 
| volume=ষট্‌ষষ্টিতম বৰ্ষ 
| issue=তৃতীয় সংখ্যা 
| pages=২১৫ৰ পৰা ২২৬ পৃষ্ঠালৈ 
| শক=১৯৩৩ শক: ৫৬৩ শংকৰাব্দ}}
</ref>

}}
[[শ্ৰেণী:অসমৰ সংগীত]]
[[শ্ৰেণী:ভূপেন হাজৰিকা]]