Difference between revisions 173336 and 173339 on aswiki{| |- |সাম্যবাদ এনে এক ৰাজনৈতিক আদৰ্শ যিয়ে এক এনে ভৱিষ্যৰ কামনা কৰে যি সামাজিক শ্ৰেণী/বৰ্গ আৰু ৰাজ্যহীন, আৰু য'ত উত্পাদনৰ মাধ্যম ৰাইজৰ অধীন। এই ভাৱাদৰ্শক বৃহত্তৰ সমাজবাদী আন্দোলনৰ অংশও বোলা হয়। সাম্যবাদেৰে এনে ৰাজনৈতিক আন্দোলনসমূহকো গণ্য কৰা হয় যিয়ে নিজৰ পূৰ্ণ উদ্দেশ্য সাম্যবাদী সমাজ গঠন কৰা বুলি দাবী কৰে। </br> প্ৰাথমিক মানৱ সমাজক 'প্ৰাথমিক সাম্যবাদী' আখ্যা দিয়া হয়। পিচে বৰ্তমানে বিচৰা সাম্যবাদ ভৱিষ্যৰহে ব্যৱস্থা, আজিলৈকে কোনো স্থানতে আৰু কোনো কালতে সাম্যবাদী সমাজ গঠন হোৱা নাই। নিজকে সাম্যবাদী বা কমিউনিষ্ট বোলা সকলৰ মাজতো মতৰ ভালেমান পাৰ্থক্য দেখা যায়, যিহেতু ই লুক্সেম্বাৰ্গবাদ, মাওবাদ, ট্ৰটস্কিবাদ, পৰিষদীয় সাম্যবাদৰ দৰে ভিন্ন ভাৱাদৰ্শী গোট সামৰে, যি আন অতিকৈ জনপ্ৰিয় সাম্যবাদী বিশ্বাসৰ লগতে বৰ্তি আছে। পিচে দেখা যায়, যে অনেকে মত পোষণ কৰে যে বিংশ শতিকাত ছ'ভিয়েট আৰু মাওবাদী সাম্যবাদেই আছিল সাম্যবাদী আন্দোলনৰ গুৰুত্বপূৰ্ণ চালিকাশক্তি। || [[File:Fist.svg|150px]] |{db|Unnecessary Template. Original content present in [[ৱিকিচ'ৰা:সাম্যবাদ/Intro]]}} All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=173339.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|