Difference between revisions 80195 and 80611 on aswiki{{প্ৰবন্ধ প্ৰতিযোগিতা}} মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে [[অসমীয়া সাহিত্য]] সংস্কৃতিলৈ তথা জাতীয় জীৱনলৈ [[অঙ্কীয়া নাট]]-[[ভাওনা]]ৰ যি অমূল্য অৱদান উপহাৰ দি থৈ গল,সেয়া আজিও স্বীকৃত আৰু সৰ্বজন সমাদৃত। আধুনিক নাটৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱৰ [[অঙ্কীয়া নাট]]ৰ নাৰী চৰিত্ৰ সমূহ অংকন কৰিব নোৱাৰি। আধুনিক নাটত নাৰী চৰিত্ৰৰ যোগেদি সংঘাত সৃষ্টি কৰাৰ বিপৰীতে [[অঙ্কীয়া নাট]]ত নাৰীক সুকোমল ব্যাকুল প্ৰেমিকা, মাতৃ ভাৱনা,আৰু নিষ্কাম ভক্তি ৰসৰ সমাহাৰৰে নাৰীৰ উচ্চ মহত্ত্বৰ প্ৰকাশ ঘটাই নাৰীক যি উচ্চ আসনত স্থান দি গৈছে ,সেৱা তেৰাৰ নাৰী সমাজলৈ উল্লেখযোগ্য অৱদান|। তলত তেখেতৰ দ্বাৰা ৰচিত কেইখনমান অংকীয়া নাটত নাৰীৰ চৰিত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হ’ল|। ==ৰুক্মীণী হৰণ== [[ভাগৱত]]ৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা [[ৰুক্মীণী হৰণ নাট]]ৰ মূল নাৰী আছিল ৰুক্মীণী। দেশান্তৰী ভাটৰ মুখে [[কৃষ্ণ]] কথা শুণি ৰুক্মীণী [[কৃষ্ণ]]ৰ প্ৰতি আকৃষ্ট হয়। পিতাক [[ভীষ্ম]]ই স্নেহৰ কন্যা ৰুক্মীণীক [[কৃষ্ণ]]ৰ হাতত সমৰ্পণ কৰিবলৈ ইচ্ছা আছিল যদিও ৰুক্মীণী জেষ্ঠ ভাতৃ ৰুক্মবীৰে [[কৃষ্ণ]]ৰ পৰিবৰ্তে ছেদীৰাজ [[শিশুপাল]]লৈ বিয়া দিয়াৰ ব্যৱস্থা কৰি যা-যোগাৰ আৰম্ভ কৰিলে। এইখিনিতে নাট্যকাৰে(গুৰুজনাই)ৰুক্মীণীক ধৈয্যশীলা আৰু উপস্থিত বুদ্ধিসম্পন্না নাৰীৰূপে প্ৰতিপন্ন কৰিছে। [[কৃষ্ণ]]ৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম আছে। [[কৃষ্ণ]]ক স্বামীৰূপে পাবলৈ ৰুক্মীণী দৃঢ়প্ৰতিজ্ঞ আছিল। প্ৰেমাস্পদক লাভ কৰাৰ ক্ষেএত স্বয়ং ককায়েক বাধাস্বৰূপ হৈ পৰাতো ৰুক্মীণীয়ে সাধাৰণ নাৰীৰ দৰে শেতেলিত পৰি কন্দা-কটা নকৰি তেওঁৰ প্ৰিয় ব্যক্তি বেধনিধি বিপ্ৰক মতাই আনি চিঠিসহ তেওঁক দ্বাৰকালৈ পঠাই [[কৃষ্ণ]]ক মাতি পঠাইছে আৰু কেনেকৈ কি উপায়েৰে তেওঁক পলুৱাই নিব তাকো দিহা চিঠিত লিখি পঠাইছে আৰু "যৱে তোঁহো হৈলা কৰি হামাক নাহি নেৱৰ, তৱ তোমাত বধ দিয়ে, হামু প্ৰাণ ছাড়ব।" বুলি ক'বলৈ পাহৰা নাই। [[কৃষ্ণ]] প্ৰেমত মত্ত ৰুক্মিণীয়ে ককায়েকৰ বাধা নেওচি [[কৃষ্ণ]]ৰ লগত গোপনে গৈছে যদিও ৰুক্মিণী চৰিত্ৰত ভাতৃপ্ৰেম,শ্ৰীসুলভ কোমলতা আৰু স্নেহভাব বিদ্যমান।বিপক্ষে ৰজা সকলৰ [[কৃষ্ণ]]ই পৰাস্ত কৰি খেদি পঠোৱাৰ পিছতো যুদ্ধ কৰিবলৈ খেদি অহা ৰুক্মবীৰক [[কৃষ্ণ]]ই তৰোৱালেৰে কাটিবলৈ যাওঁতে ৰুক্মীণীয়ে কান্দি-কাটি [[কৃষ্ণ]]ৰ চৰণত পৰি ৰক্মবীৰৰ প্ৰাণ ভিক্ষা কৰে। নাটখনিত কেইবাটাও নাৰী চৰিত্ৰ সংযোজন ঘটিছে যদিও ৰুক্মিণীৰ কাৰ্য্য,প্ৰেমমুগ্ধা নাৰীৰ আচৰণ,প্ৰিয়জনক পোয়া-নোপোৱাৰ দোদুল্যমান অৱস্থা আৰু মানসিক অস্থিৰতা আদি সংলাপ আদিয়ে নাটখন অধিক আবেদনশীল কৰি তুলিছে। কন্যাদায়গ্ৰস্তা মাতৃ শশীপ্ৰভাই কন্যাক প্ৰেমাস্পদ [[কৃষ্ণ]]লৈ ৰুক্মীণীৰ পিতৃ ৰজা ভীষ্মকে বিয়া দিবলৈ যো-জা কৰি শুনি আনন্দ প্ৰকাশ কৰিছে। তেনেদৰে [[কৃষ্ণ]]ৰ মাতৃ দৈৱকীয়ে পুত্ৰই ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ ঘূৰি যাওঁতে মঙ্গলবাদ্য সহকাৰে আদৰ সাদৰ কৈ নিজৰ গৃহলৈ আদৰি নিয়াৰ বাদে এই দুটা চৰিত্ৰৰ কাৰ্য্যত অমিল দেখা নাযায়। সখীপ্ৰাণা মদন মঞ্জৰি আৰু লীলাৱতী দুয়ো সখী ৰুক্মীণীৰ প্ৰেম-বিৰহ আৰু মিলনৰ ক্ষেত্ৰত ছাঁটোৰ দৰে থাকি ডাঁৱৰৰ বতৰা ডাঁৱৰৰ আৰে আৰে জনাই সহায় কৰিছে।ভাগৱতত উল্লেখ নথকা এই দুই চৰিত্ৰ নাট্যকাৰৰ নিজা মধুৰ সৃষ্টি। ব্যহ্যিক দৃষ্টিৰে [[কৃষ্ণ]]-ৰুক্মীণীৰ কাহিনী লৌকিক প্ৰেম কাহিনী যেন লাগিলেও প্ৰকৃতাৰ্থত ভক্ত কবিয়ে ঈশ্বৰ-ঈশ্বৰীক মিলনৰ নাটকীয় ৰূপ লৌকিক মাধ্যমত ব্যক্ত কৰিছে। ==কালিয়দমন== শ্ৰীমন্ত শঙ্কৰদেৱে [[ভাগৱত]]ৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত [[কালিয়দমন নাট]]খনি ৰচনা কৰিছে।পুত্ৰশ্নেহি [[যশোদা]] আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ। কালি হ্ৰদৰ বিষজল পান কৰি অচেতন হৈ পৰা ভক্ত গোপবালক সকলক [[কৃষ্ণ]]ই অমৃতৰ হাত ফুৰাই জীৱন প্ৰদান কৰিলে আৰু দম্ভ কালিনাগক দমন কৰাৰ বাবে [[কৃষ্ণ]]ই কালি হ্ৰদত অৱতৰন কৰি সাময়িক ভাৱে অচেতন হৈ পৰে।গকুলত নানা অপায়-অমঙ্গলে দেখা দিয়াত বৃন্দাবনত প্ৰানৰ পুত্ৰৰ কিবা অমঙ্গল ঘটিছে বুলি পিতৃ নন্দ আৰু মাতৃ [[যশোদা]] আৰু গোপী সকল ঢপলিয়াই আহি মৃত ভাৱে [[কৃষ্ণ]]ক কালি হ্ৰদত পৰি থকা দেখি ইনাই বিনাই কান্দি -কুটি [[যশোদা]] শোকত মূৰ্ছিত হৈ পৰিল। পুত্ৰ শ্নেহত আতুৰ মাতৃ গৰাকীৰ চকুত শোকৰ বন্যা নাট্যকাৰে [[যশোদা]] চৰিত্ৰৰ মাজেদি পুত্ৰহাৰা মাতৃৰ স্বৰূপটো সুন্দৰকৈ ফুটাই তুলিছে। কত তপসাইলোঃ তোক পুত্ৰ পাইলোঃ হাততে হৰাইলোঃ কোনে মোক মাতিবেক আই বুলিঃ কাক ধূলা মাৰি বুকে লৈবা তুলি--- বুলি শোকদগ্ধা [[যশোদা]]ই জলত জাপ দিবলৈ লোৱা বৰ্ণনাই নাটখনি তীব্ৰ কৰুণ ৰষৰ সঞ্চাৰণ ঘটাইছে। কালিয়দমনত শঙ্কৰদেৱে ভক্তা নাৰীৰ ৰূপটৌও মনোৰমকৈ প্ৰকাশ কৰিছে।কালিনাগে [[কৃষ্ণ]]ৰ পদৰ ভৰ সহিব নোৱাৰি মৃতপ্ৰায় অৱস্থা লক্ষ্য কৰি কালিনাগৰ পত্নী সকলে [[কৃষ্ণ]]ক স্তুতি কৰি স্বামীৰ প্ৰাণ ভিক্ষা কৰিছে।ভক্ত পত্নীসকলৰ প্ৰাথনাত সন্তুষ্ট হৈ [[কৃষ্ণ]]ই কালিক ক্ষমা কৰি সপৰিয়ালে ৰমণ দ্বীপলৈ পঠাইছে। নাগনাৰী চৰিত্ৰৰ অৱতাৰণাই নাতকৰ বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰাৰ বাহিৰে কালিয় দমন নাটত নাৰী চৰিত্ৰৰ যোগেদি বিৰোধ বা সংঘাত সৃষ্টি হোৱা দেখা নাযায়। আনহাতে কালিনাগক [[কৃষ্ণ]]ই বধ কৰি অহাৰ পিছত [[যশোদা]]ৰ আৱেগবিহ্বল চিত্ৰ মহাপুৰুষ জনাই ফুটাই তুলি মূল নাৰি চৰিত্ৰবোৰক অধিক ৰমণীয় কৰি তুলিছে। ==কেলিগোপাল== [[কেলিগোপাল নাটখন]] মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে [[ভাগৱত]]ৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল।শৰৎৰ পূৰ্ণিমাৰ ৰাতি শ্ৰী[[কৃষ্ণ]]ৰ সুমধুৰ বংশীৰ মাত শুনি ব্যাকুলতা গোপনাৰীসকল বৃন্দাবনলৈ উদবাউল হৈ ঢাপলি মেলে। [[কৃষ্ণ]]ই চতুৰতাই গোপনাৰীসকলৰ [[কৃষ্ণ]]প্ৰেম-ভক্তি পৰিক্ষাৰ নিমিত্তে তেওলোকক কুলবধুৰ কৰ্ত্তব্য আৰু দায়িত্বতাৰ গুৰুত্ব সোঁৱৰাই দি উলতি যাবলৈ বুজাই কয়।কিন্তু [[কৃষ্ণ]]প্ৰাণা গোপীসকলে ভকতি বলৰ প্ৰভাৱেৰে [[কৃষ্ণ]]ক আবদ্ধ কৰিবলৈ সক্ষম হয়। "হে পৰমেশ্বৰ তযু মূখ পঙ্কজ ছোড়ই হামাৰ চক্ষু আন পেখয়ে নাহি---তযু পদ পঙ্কজ তেজয়ে নাহি পাৰিয়ে।" ভক্তগোপীসকলৰ কৰুণবাণী শুনি [[কৃষ্ণ]]ই প্ৰতি গৰাকী গোপীকে পৰম আহ্লাদেৰে বুজায় শান্ত কৰিলে।[[কৃষ্ণ]] গোপীসকলৰ প্ৰতি প্ৰেম আবেদন দেখি গোপীসবৰ অহমিকা ভাৱত দূব যোৱাত [[কৃষ্ণ]]ই অৰ্ন্তধান হয় পৰে। গোপীসকলৰ [[কৃষ্ণ]]ৰ প্ৰতি থকা অনন্ত ভক্তিপ্ৰেমে তেওলোকৰ পুনৰ মিলন হয়। ৰাষ-নৃত্যৰ আলমৰে নাট খনৰ গোটেই কাহিনীৰ লৌকিক প্ৰেমৰ বিভিন্ন ৰূপ প্ৰকাশ ঘটিছে। এই প্ৰেম আধ্যাত্মিক প্ৰেম,ভক্ত আৰু ভগৱানৰ মিলনৰ প্ৰতিক ৰূপত দেখুৱাবলৈ যাওঁতে লৌকিক প্ৰেমৰ বিভিন্ন অৱস্থা বোৰ যেনে --প্ৰেমোন্মেষ, মিলন-বিচ্ছেদৰ আশংকা,পুনৰমিলন,মান,অভিমান এই সকলোবোৰ অৱস্থা গোপীসকলৰ হাৱ-ভাৱ,ক্ৰিয়া প্ৰতিক্ৰিয়া তেওলোকৰ অনেক আচৰণৰ দ্বাৰা প্ৰকাশ পাইছে কেলিগোপাল নাটখনত। ৰাসক্ৰীড়াৰ মনোৰম কাহিনীটোয়ে এক পৰম স্বৰ্গীয় অৰ্থ বুজায়। জীৱাত্মা স্বৰূপ গোপীসকলৰ পৰমাত্মা [[কৃষ্ণ]]ৰ প্ৰতি আকৰ্ষণ আৰু মিলনকে ৰাষক্ৰীড়াত বহিঃপ্ৰকাশ হৈছে। ন বিধ ভক্তিৰ অন্তৰ্গত প্ৰেম ভক্তি গোপীসকলৰ ভক্তিত বিৰাজমান। প্ৰেম ভাৱ আৰু কাম ভাৱৰ প্ৰভেদ আছে।কাম ভাৱৰ যোগেদি আত্ম-ইন্দ্ৰিয়ৰ সন্তোষ্টি কৰাৰ বাসনাক বুজাই,আনহাতে হৃদয়ৰ গভীৰতাৰে এজনক উপলব্ধি কৰি ,ভালপোৱাই প্ৰেম। কেলিগোপাল নাটত গোপনাৰী সকলৰ আত্মেন্দ্ৰিয় প্ৰেম পৰমাত্মা স্বৰূপ [[কৃষ্ণ]] প্ৰেমলৈ ৰপান্তৰিত হৈ সৰ্বকালৰ শ্ৰেষ্ঠ ভক্ত নাৰীৰূপে পৰিগণিত হৈছে। ==পাৰিজাত হৰণ== [[ভাগৱত]] আৰু [[হৰিবংশ]] মূল ৰছনা কৰি [[পাৰিজাত হৰণ নাট]]খনি মহাপুৰুষজনাৰ শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ।নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট বিদ্যমান। নাটৰ আৰম্ভণিতে [[কৃষ্ণ]]ই ৰুক্মিণী, [[সত্যভামা]] প্ৰমুখ্যে পত্নীসৱৰ লগত বিহাৰ কৰি ৰুক্মিণীৰ মন্দিৰত [[কৃষ্ণ]]ই বিশ্ৰাম জিৰণি ল'লে। [[সত্যভামা]]ই নিজৰ মন্দিৰত প্ৰবেশ কৰিছে। তেনেসময়ত [[নাৰদ]]মুনি উপস্থিত হৈ [[কৃষ্ণ]]ৰ হাতত এপাহ পাৰিজাত ফুল অৰ্পন কৰি পাৰিজাত ফুলৰ মহিমা প্ৰকাশ কৰি কলে- "ওহি দেৱ দূৰ্লভ পাৰিজাতঃ জো নাৰী পৰিধান কৰে সে পুস্পক মহিমায়ে সোভাগিণী হয়ঃ তাকহ ছাড়ি স্বামী কথায়ে যাৱে নাহি।" কথা শুনি ৰুক্মিণীয়ে কাতুৰ্বাদ কৰি ফুলপাহ খোজাত [[কৃষ্ণ]]ই প্ৰিয়াক গৌৰৱে কোলে বৈঠাই মাথে পাৰিজাত পিন্ধাৱল।"আনহাতে [[নাৰদ]]মুনি গৈ [[সত্যভামা]]ৰ ওচৰ পাই কলেগৈ- "আহে দেৱী [[সত্যভামা]]।তোহাৰি স্বামী শ্ৰী [[কৃষ্ণ]] বৰি বিষম চেষ্টা দেখলঃ হা হা মাৱঃ তুহু দুৰ্ভাগ্য ভৈলিঃ হামু আজসে জানলু।" [[সত্যভামা]]ৰ মতে তেঔঁ স্বামী [[কৃষ্ণ]]ৰ প্ৰিয়তমা পত্নী। কিন্তু নাৰদে "তোহাক বিধি বঞ্চল,কহিতে দুখ লাগ"কপাল থপৰিয়াই বেদনা প্ৰকাশ কৰা দেখি [[সত্যভামা]]ৰ মন চঞ্চল অএ পৰি কথাটো কি কবলৈ খাটনি ধৰিলে।নাৰদে এটাকে দহোটা কৰি তেঔঁ দিয়া পাৰিজাত ফুলপাহ [[সত্যভামা]]হে পিন্ধা যোগ্য বুলি নাৰদে কোৱা স্বত্বেও [[কৃষ্ণ]]ই ৰুক্মিণীৰ খোপাত পিন্ধোৱাৰ কথা [[নাৰদ]]ৰ মুখত শুনি সতিনীৰ অভ্যুদয় দেখি জীয়াই থকাৰ সাৰ্থকতা নাই বুলি [[সত্যভামা]]ই নিজৰ জীৱনক ধিক্কাৰ দিলে। "সতিনীক মহোদয় শুনি কহুঁ,কোপে-অপমানে আন্ধৰি দেখিল,দেৱী [[সত্যভামা]] মূৰ্ছিত হুয়া পৰিল।" ইয়াত নাট্যকাৰে [[সত্যভামা]]ক অভিমাননী, ঈৰ্ষাপৰায়ণানাৰী ৰূপে অংকিত কৰিছে। স্বামী [[কৃষ্ণ]]ই [[সত্যভামা]]ক আশ্বাস কৰি "ৰুক্মিণী জাম্বৱন্তী তোহাৰ সম ভাগ্যৱতী নাহি।তোহো হামাৰ প্ৰানময় প্ৰিয়"আদি আদৰ আৰু স্নেহ বাণীৰে আপ্যায়িত কৰাৰ উপৰি"তোহোক একশত পাৰিজাত দেৱবো" বুলি কোয়া স্বত্বেও অভিমানী [[সত্যভামা]]ই স্বামীৰ ফালে পিঠি দি "যে তোমাৰ প্ৰিয়তমা ৰুক্মিণী তাহেক সমীপ চলহ" বুলি কতাক্ষ হানিছে।গৰ্বিতা, আত্মাভিমানী [[সত্যভামা]]ৰ চৰিত্ৰ নাট্যকাৰে শেষ পৰ্যন্ত দক্ষতাৰে অংকন কৰিছে। [[সত্যভামা]]ই বহু পত্নীক [[কৃষ্ণ]]ৰ কথাত বিশ্বাশ কৰিবলৈ টান পাইছে।সেয়েহে পাৰিজাত আনিবলৈ স্বামীক প্ৰতিজ্ঞাবদ্ধ কৰাৰ উপৰি যুদ্ধলৈ যাওতে লগত যাবলৈ কুণ্ঠাবোধ কৰা নাই।তেওঁৰ মনত ভয় কিজানি [[কৃষ্ণ]]ই পাৰিজাত ননাকৈ আহে আনিলেও আন পত্নীক দিয়ে।"হে' স্বামী হামাৰ বহুত সতিনি, ইয়াৰ পাৰিজাত আন কোন স্ত্ৰীক দেৱব নাহি।"স্বামীৰ ওচৰত তেওঁৰ বিশ্বাস নাই। "হামু কদাচিত তোহাৰ সঙ্গ নাহি চৰব" আদি কথাই [[সত্যভামা]]ৰ সতিনী বিদ্বেষপ্ৰকাশ কৰিছে। স্বৰ্গত [[কৃষ্ণ]]ই পাৰিজাতৰ কথা আওকাণ কৰা দেখি [[সত্যভামা]]ই সোঁৱৰাই দি [[নাৰদ]]ক ইন্দ্ৰৰ ওচৰলৈ দূত পঠাইছে। পাৰিজাত স্বত্বাধিকাৰী ইন্দ্ৰ পত্নী শচীয়ে যেতিয়া শ্ৰী [[কৃষ্ণ]]ৰ মনুষ্যত্বক লৈ তাচ্ছিল্যপূৰ্ণ কতাক্ষ কৰিলে ,স্বামীৰ গৌৰৱত গৌৰৱিনী [[সত্যভামা]]ই [[কৃষ্ণ]]ৰ গুন-গৰিমা আৰু শক্তি ক্ষমতাৰ কথা প্ৰকাশ কৰি শচীক চুঙা চাই সোপা দিছে।ইয়াত [[সত্যভামা]]ৰ মুখৰাস্বৰূপ সুন্দৰকৈ প্ৰকট হৈছে।আনকি [[কৃষ্ণ]]ৰ শৰণাপন্ন ইন্দ্ৰয়ো কবলৈ বাধ্য হৈছে,"ওহে [[সত্যভামা]] ,ওহি শ্ৰী [[কৃষ্ণ]]ত পতনী ঠিক তাহেক মধ্যে তুঁহু বৰি প্ৰগলভা।" ইন্দ্ৰ-পত্নী শচী আৰু [[কৃষ্ণ]]-পত্নী-[[সত্যভামা]]ৰ বাক যুদ্ধখনে প্ৰত্যেকৰে স্বামীৰ পূৰ্ব কলঙ্কৰ কথা কৈ অবাচ্য গালিৰে ইগৰাকীয়ে সিগৰাকীক থকা-সৰকা কৰি দমাবলৈ কৰা প্ৰয়াসৰ ক্ষেত্ৰত মুখৰা আৰু আত্মগৰৱিনী দুগৰাকী নাৰীৰ সমধম্মী চৰিত্ৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰ্যই সাধাৰন দৰ্শকক আমোদ দিলেও ইন্দ্ৰ-পত্নী শচি আৰু [[কৃষ্ণ]] -পত্নী [[সত্যভামা]]ৰ চৰিত্ৰৰ মান অবনমিত হৈছে। দুজনী সাধাৰন মুখৰা তিৰোতাৰ স্বৰুপহে প্ৰকাশ ঘটিছে। স্বৰ্গৰ পৰা পাৰিজাত ফুল উঘালি আনিও [[সত্যভামা]] শান্ত হোৱা নাই।গৰ্বত উফন্দি থকা [[সত্যভামা]]ই দ্বাৰকালৈ আহি ৰুক্মিণীক কৈছে"হে বিৰ্দভ ৰাজকুমাৰী,তুহু স্বামীৰ হন্তে গোটা এক পাৰিজাত পুষ্প পাৱল,দেখু যাৱত সেই পাৰিজাতসমূহে উভালি [[কৃষ্ণ]]ৰ হাতে নাহি আনোলো,তাৱত ছাড়লো নাহি। হামো সৌভাগ্যক মহিমা পেখু পেখু।" ৰুক্মিণী [[সত্যভামা]]তকৈ বয়সত ডাঙৰ হোৱা সত্বেওগৰ্বিতা [[সত্যভামা]]ই সামান্য সৌজন্য ভাৱ প্ৰদৰ্শন নকৰাৰ বিপৰীতে মৃদু-স্বভাৱা ,স্বল্পভাষিণী ৰুক্মণীয়ে এই বুলি উত্তৰ দিছে....অয়ে ভগিনী [[সত্যভামা]] ,কি কহৈছ,জগতৰ পৰম গুৰু শ্ৰী [[কৃষ্ণ]],উনিকৰ চৰণ সেৱা কৰিতে ব্ৰক্ষ্মাণ্ড ভিতৰে কোন বস্তু ঠিক। ধৰ্ম ,অৰ্থ,কাম,মোক্ষ চাৰি পদাৰথ হাতে মিলাৱে।তোহাৰি পাৰিজাত কোন কথা।" [[সত্যভামা]]ই 'বিদৰ্ভ ৰাজকুমাৰী' বুলি সম্বোধন কৰাৰ বিপৰীতে ৰুক্মণীয়ে ক্ষোভহীন ,বিদ্বেষহীনভাৱে ভগিনী [[সত্যভামা]] বুলি সম্বোধন ধৰি দিয়া উত্তৰে [[সত্যভামা]]ৰ গৰ্বত চেচাঁ পানী ঢালিলে। তথাপি [[সত্যভামা]]ৰ ঈৰ্ষা হ্ৰাষ নাপালে।বৰঞ্চ [[কৃষ্ণ]]ই তেওঁৰ কক্ষৰপৰা দূৰত ফুল ৰোৱা দেখি সতিনীয়ে ফুল চুৰী কৰিব বুলি ভাবি নিজৰ দুৱাৰ মুখতে [[কৃষ্ণ]]ৰ হতুৱাই পাৰিজাত ফুল ৰোৱালে। [[সত্যভামা]]ৰ কাৰ্য্যই বহুপত্নীক ভগৱান [[কৃষ্ণ]]ক তিৰুতা সেৰুৱা সাধাৰণ পুৰুষ ৰূপে সজাইছে।পাৰিজাত হৰণ নাটৰ ৰুক্মিণী চৰিত্ৰটি গাম্ভীৰ্য যুক্ত,স্বামীপৰায়ণা,গভীৰ উপলব্ধিৰে পৰম ভক্তা। আনহাতে [[সত্যভামা]]ক স্বামী পৰায়ণা হলেও মদগৰ্বী, ঈৰ্ষা পৰায়ণা,অভিমাননী মুখৰা ৰূপত দেখা গৈছে।ভক্ত কবি নাট্যকাৰ শঙ্কৰদেৱে হয়তো নিৰ্গুনা ভক্তিৰ প্ৰতিক ৰূপত ৰুক্মিণীক আৰু সগুণা বা সকামা ভক্তিৰ প্ৰতিক ৰূপত [[সত্যভামা]]ক অংকন কৰাৰ প্ৰয়াস কৰিছে। ==ৰাম বিজয়== [[ৰামায়ণৰ আদিকাণ্ড]]ৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে [[ৰাম বিজয় নাট]]খন ৰছনা কৰিছে।ৰাম বিজয় নাটখনৰ নায়িকা [[সীতা]] জাতিষ্মৰ কন্যা। পূৰ্বজন্মতে [[বেদৱতী]]ৰূপে খ্যাত এই কন্যাগৰাকীয়ে [[বিষ্ণু]]ক পাব বুলি দৈৱবাণী শুনিছিল।পূৰ্ব জনমৰ কথা সুঁৱৰি ঈশ্বৰ নাৰায়ণক স্বামীৰূপে লাভ নকৰাৰ বেদনাত [[সীতা]] মৰ্মাহত হল। সখীসৱৰ আশ্বাস বাণীত [[সীতা]] শান্ত হল।আনহাতে বিশ্বামিত্ৰই অযোধ্যাৰ পৰা ৰাম-লক্ষ্মনক নি মাৰীচ,সুবাহু, তাৰকা আদি দৈত্য-দানৱবোৰ বধ কৰি যজ্ঞ সম্পাদান কৰাৰ পাছত ৰাম-লক্ষ্মণৰ কিবা উপকাৰ কৰাৰ কথা চিন্তা কৰি তেওঁলোকক জনক ৰজাই অনুস্থিত কৰা [[সীতা]]ৰ স্বয়ম্বৰলৈ লৈ যায়।বিশ্বামিত্ৰৰ লগত ৰাম-লক্ষ্মণ আহি মিথিলাৰ যজ্ঞস্থলীত উপস্থিত হোৱাত [[সীতা]]ই উদিগ্নভাৱে সখী কনকাৱতীক খবৰ কৰিবলৈ পঠায়। কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত "[[সীতা]] মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা,অ দেখহ ,শুনহ নিৰন্তৰে হৰি বোল হৰি।"সেই প্ৰসঙ্গত নাট্যকাৰে ধনশ্ৰী ৰাগৰ গীতত দিয়া বৰ্ণনাই [[সীতা]]ৰ মানসিক অৱসথাৰ প্ৰকাশ ঘটাইছে এনেদৰে- "স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী ভেলি পুলক তনু চেতন আকুল কমল নয়নে ঝুৰি বাৰি।।" হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সাম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা [[সীতা]]ৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে।নাটখনিত [[সীতা]] ৰামৰ প্ৰতি আসক্তি,ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ,শংকা,ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে। জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই।নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা,কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ। শেষত এইদৰে কব পাৰি যে,শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জল আৰু প্ৰাণৱন্ত।বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজিকালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে।এইক্ষেত্ৰত ৰুক্মীণীৰ লগত [[সত্যভামা]]ৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু [[সত্যভামা]]ৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। [[পত্নী প্ৰসাদ নাট]]ৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,[[কালিয়দমন]]ৰ [[যশোদা]] আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, [[পাৰিজাত হৰণ ]]আৰু [[ৰুক্মীণী হৰন নাট]]ৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই। [[শ্ৰেণী:নৱবৈষ্ণৱ ধৰ্ম ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=80611.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|