Difference between revisions 80643 and 80658 on aswiki{{db|মৌলিক গৱেষণা সমৃদ্ধ লেখা}} {{প্ৰবন্ধ প্ৰতিযোগিতা}}==প্ৰথম ভাগ==অসমীয়া নাৰীৰ ব্যস্ততাঃ- আগকথাঃ-সময়ৰ সদ ব্যৱহাৰ আৰু সফলতাৰ আৰত কঠোৰ পৰিশ্ৰম বা ব্যস্ততা নিহিত হৈ থাকে। সময়ৰ লগত খোজত খোজ মিলাই আগুৱাই যাৱলৈ অসমীয়া নাৰীও পিছ পৰি থকা নাই । লক্ষ কৰিলে দেখা যায় যে –অতীজৰ পৰাই অসমীয়া নাৰীয়ে সকলো কামতে দক্ষতাৰ প্ৰমান দি আহিছে। তাহানিৰ আহোম স্বৰ্গদেউ সকলৰ দিনত নাৰী সকলে নিজৰ স্বামীক যুদ্ধত জয়ী হৱলৈ মনেপ্ৰাণে সাজু কৰি তোলাৰ লগতে ৰাতিটোৰ ভিতৰতে তঙালী বৈ উলিয়াই দক্ষতা চিন দি থৈ গৈছে।সময় পৰিবৰ্তনশীল-সময়ৰ লগতে সকলো, প্ৰকৃতি,মানুহ, জলবায়ু সকলো আজি সলনি হৈছে। বিজ(contracted; show full)়পি থকা তাহানিৰ ডেকা-গাভৰুৰ মৰমৰ-চেনহৰ জুৰীয়া আহতৰ তলৰ বিহু ৰাধাগোবিন্দ বৰুৱা দেৱৰ সানিধ্যত মঞ্চলৈ পৰিবৰ্তন হল। লাহে লাহে বিহু নাচত কৃতিমতাই যেন আগুৰিহে ধৰিলে। অসমীয়া জীয়াৰী-বোৱাৰীয়ে বিহুৰ এমাহৰ আগৰ পৰা তাঁতৰ শালত বোৱা সকলো কাপোৰ-গামোচা, তঙালি, হাঁচতি, ৰিহা, মেখেলা সকলো বজাৰত উপলব্ধ হল। ফলস্বৰূপে লাহে লাহে তাঁতশালৰও যেন ব্যৱহাৰ প্ৰতি ভাবুকি আহিল। এতিয়া অসমীয়াৰ মৰমৰ আদৰৰ গামোচাৰ বাণিজ্যও বহিঃৰাজ্যৰ পৰা আমদানি হৱলৈ ধৰিলো। তথাপিও সকলোৱে কিয় চকু মুদা কুলিৰ ভাওঁ যুৰি আছে, সেয়া এতিয়াওঁ সাথৰ হৈয়ে ৰৈছে। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=80658.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|