Difference between revisions 80644 and 80659 on aswiki{{db|মৌলিক গৱেষণা সমৃদ্ধ লেখা}} {{প্ৰবন্ধ প্ৰতিযোগিতা}}বাৰবাসী আইৰ সেৱাৰ নিদৰ্শনঃ-(সহায়ক গ্ৰন্থ-আতাপুৰুষৰ মুকুতা) ঐশ্বৰিক শক্তিসম্পন্ন মহাপুৰুষ ধৰ্ম-গুৰুসকলৰ পৃথিৱীত আৱিৰ্ভাব হয় ভক্তক শুদ্ধ পথ দেখুৱাবলৈ বা অমৃতৰ সন্ধান দিবলৈ। লগতে মহীয়সী সতী নাৰী সকলৰো অতুলনীয় বিৰল প্ৰতিভা প্ৰকাশৰ ফলত বহু আৰ্দশ ৰাখি যায় সমাজৰ বাবে। পঞ্চদশ শতিকাত সমাজৰ কু-সংস্কাৰবোৰ মশিমূৰ কৰিবলৈ আৰু অধ্যাত্মিক ভাৱধাৰৰ প্ৰতিষ্ঠা কৰিবলৈকে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাব হয। তেনে সময়ৰে এগৰাকী মহীয়সী নাৰী বাৰাসী আই আছিল নাৰায়ণ দাসৰ আতাৰ পত্নী। সতী নাৰীৰৰ বাৰটা গুণৰ অধিকাৰী বাবে আইৰ নাম(contracted; show full)ড়মলিৰ ঘৰত ৰাখিছিল। পাছত নাৰায়ণ আতাৰ মুক্তি হোৱাত নৱজাতকৰ সৈতে দুয়োজনা গৈ শঙ্কৰ গুৰুৰ ওচৰ সেৱা জনাই সকলো দুখৰ কথা বিৱৰি কলে। দুখৰ দিনত ওপজা বাবে পুত্ৰটিৰ নাম ৰাখিছিল দুখীয়া। গুৰুজনাই নিজ হস্তপদ্ম জাতকৰ শিৰত দি দুখৰ দিনত পৰম আনন্দ দিয়া হেতুকে লৰাটিৰ নাম থলে পৰ্ম্মানন্দ। দেৱৰো দুৰ্ল্লভ আশীৰ্ব্বাদ লাভি পৰমানন্দও মহাভক্ত হল।বাৰবাসী আই সতী, গুণৱতী আছিল আৰু পৰমাৰ্থিক তত্ত্বৰ দিশতো তেওঁ বিচক্ষণা আছিল। আইৰ সাহস, উদাৰ ভক্তিয়ে সকলোকে মুগ্ধ কৰিছিল। আইৰ ভকত সেৱাৰ নিদৰ্শনে আইক অমৰ কৰি জগতত চিৰ-যুগমীয়া কৰি ৰাখিলে। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=80659.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|