Difference between revisions 81941 and 81943 on aswiki

{{review}}

"'''অংকীয়া নাট'''" হৈছে মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[মাধৱদেৱ|মাধৱদেৱে]] পৌৰাণিক আখ্যানৰ ভিত্তিত [[ব্ৰজাৱলী ভাষা]]ত ৰচনা কৰা [[নাটসমূহ]]<ref>[http://www.atributetosankaradeva.org/ankiya.htm atributetosankaradeva.org]</ref>। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক ''"যাত্ৰা ঝুমুৰা"'' হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক ''"অংকীয়া নাট"'' বুলি নামাকৰণ কৰে। ইয়াক "অংকীয়া ভাওনা" বুলিও কোৱা হয় । "ভাওনা" শব্দৰ প্ৰকৃত অৰ্থ ''ভাও দি দেখুওৱা কাৰ্য''। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে [[ভাওনা]] বোলা হয় । খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত শংকৰদে‌ৱৰ দ্বাৰা প্ৰ‌ৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম অংকীয়া (contracted; show full)ৰৰ নিজা মধুৰ সৃষ্টি। ব্যহ্যিক দৃষ্টিৰে কৃষ্ণ-ৰুক্মীণীৰ কাহিনী লৌকিক  প্ৰেম কাহিনী যেন লাগিলেও প্ৰকৃতাৰ্থত ভক্ত কবিয়ে ঈশ্বৰ-ঈশ্বৰীক মিলনৰ নাটকীয় ৰূপ লৌকিক মাধ্যমত ব্যক্ত কৰিছে<ref>[http://www.spondonsph.com/index.php?option=com_content&view=article&id=92:2012-01-05-20-55-22&catid=32:nibandh-author5&Itemid=38 স্পন্দন, ই আলোচনী, সংগ্ৰহ: ২৫ জুন, ২০১২]</ref>।

==কালিয়দমন==
{{মূল|কালিয়দমন নাট}}
শ্ৰীমন্ত শঙ্কৰদেৱে [[ভাগৱত]]ৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত [[কালিয়দমন নাট]]
<ref>[http://barpetasatra.com/performing-art-2/ankiya-nat/ barpetasatra.com] খনি ৰচনা কৰিছে</ref>। পুত্ৰশ্নেহি [[যশোদা]] আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ। কালি হ্ৰদৰ বিষজল পান কৰি  অচেতন হৈ পৰা ভক্ত গোপবালক সকলক কৃষ্ণই অমৃতৰ হাত ফুৰাই জীৱন প্ৰদান কৰিলে আৰু দম্ভ কালিনাগক দমন কৰাৰ বাবে [[কৃষ্ণ]]ই কালি হ্ৰদত অৱতৰন কৰি সাময়িক ভাৱে অচেতন হৈ পৰে।গকুলত নানা অপায়-অমঙ্গলে দেখা দিয়াত বৃন্দাবনত প্ৰানৰ পুত্ৰৰ কিবা অমঙ্গল ঘটিছে বুলি পিতৃ নন্দ আৰু মাতৃ যশোদা আৰু গোপী সকল ঢপলিয়াই আহি মৃত ভাৱে [[কৃষ্ণ]]ক কালি হ্ৰদত পৰি থকা দেখি ইনাই বিনাই কান্দি -কুটি যশোদা শোকত মূৰ্ছিত হৈ পৰিল। পুত্ৰ শ্নেহত আতুৰ মাতৃ গৰাকীৰ চকুত শোকৰ বন্যা নাট্যকাৰে যশোদা চৰিত্ৰৰ মাজেদি পুত্ৰহাৰা মাতৃৰ স্বৰূপটো সুন্দৰকৈ ফুটাই তুলিছে।

<blockquote>
কত তপসাইলোঃ
তোক পুত্ৰ পাইলোঃ
হাততে হৰাইলোঃ
কোনে মোক মাতিবেক আই বুলিঃ
কাক ধূলা মাৰি বুকে লৈবা তুলি
(contracted; show full)্বামী পৰায়ণা হলেও মদগৰ্বী, ঈৰ্ষা পৰায়ণা,অভিমাননী মুখৰা ৰূপত দেখা গৈছে।ভক্ত কবি নাট্যকাৰ শঙ্কৰদেৱে হয়তো নিৰ্গুনা ভক্তিৰ প্ৰতিক ৰূপত ৰুক্মিণীক আৰু সগুণা বা সকামা ভক্তিৰ প্ৰতিক ৰূপত সত্যভামাক অংকন কৰাৰ প্ৰয়াস কৰিছে<ref>[http://www.spondonsph.com/index.php?option=com_content&view=article&id=177:2012-06-14-17-27-15&catid=32:nibandh-author5&Itemid=38 স্পন্দন, ই আলোচনী, সংগ্ৰহ: ২৫ জুন, ২০১২]</ref>।

==ৰাম বিজয়==
{{মূল|ৰাম বিজয় নাট}}
[[ৰামায়ণৰ আদিকাণ্ড]]ৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে 
[[ৰাম বিজয় নাট]]খন ৰছনা কৰিছে।  ৰাম বিজয় নাটখনৰ নায়িকা [[সীতা]] জাতিষ্মৰ কন্যা। পূৰ্বজন্মতে [[বেদৱতী]]ৰূপে খ্যাত এই কন্যাগৰাকীয়ে [[বিষ্ণু]]ক পাব বুলি দৈৱবাণী শুনিছিল।পূৰ্ব জনমৰ কথা সুঁৱৰি ঈশ্বৰ নাৰায়ণক স্বামীৰূপে লাভ নকৰাৰ বেদনাত [[সীতা]] মৰ্মাহত হল। সখীসৱৰ আশ্বাস বাণীত [[সীতা]] শান্ত হ'ল।আনহাতে বিশ্বামিত্ৰই অযোধ্যাৰ পৰা ৰাম-লক্ষ্মনক নি মাৰীচ,সুবাহু, তাৰকা আদি দৈত্য-দানৱবোৰ বধ কৰি যজ্ঞ সম্পাদান কৰাৰ পাছত ৰাম-লক্ষ্মণৰ কিবা উপকাৰ কৰাৰ কথা চিন্তা কৰি তেওঁলোকক জনক ৰজাই অনুস্থিত কৰা [[সীতা]]ৰ স্বয়ম্বৰলৈ লৈ যায়।বিশ্বামিত্ৰৰ লগত ৰাম-লক্ষ্মণ আহি মিথিলাৰ যজ্ঞস্থলীত উপস্থিত হোৱাত [[সীতা]]ই উদিগ্নভাৱে সখী কনকাৱতীক খবৰ কৰিবলৈ পঠায়। কনকাৱতীয়ে ৰামৰ অপূৰ্ব ৰূপ লাৱণ্যৰ কথা বৰ্ণনা কৰাত "[[সীতা]] মহা হৰ্ষম্বিতা হৈয়ে পৰিল। যৈচে প্ৰেমৰসে মহা আকুল কৈলা,অ দেখহ ,শুনহ নিৰন্তৰে হৰি বোল হৰি।"সেই প্ৰসঙ্গত নাট্যকাৰে ধনশ্ৰী ৰাগৰ গীতত দিয়া বৰ্ণনাই [[সীতা]]ৰ মানসিক অৱসথাৰ প্ৰকাশ ঘটাইছে এনেদৰে-

<blockquote>
"স্বামীৰ চৰিত্ৰ শুনিয়ে কুমাৰী
ভেলি পুলক তনু চেতন আকুল
কমল নয়নে ঝুৰি বাৰি।।"
</blockquote>

হৰধনু ভঙ্গৰ পিছত ৰজাসকলে ৰামক খেদি আহোঁতে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামে হাতত কুঠাৰ লৈ প্ৰচণ্ড গতিৰে খেদি আহোঁতে স্বামীৰ সাম্ভাব্য বিপদৰ কথাত শঙ্কিত হৈ পৰা [[সীতা]]ৰ কাৰ্যই তেওঁৰ স্বামীপ্ৰেম প্ৰকট কৰিছে।নাটখনিত [[সীতা]] ৰামৰ প্ৰতি আসক্তি,ৰামক পোৱা-নোপোৱাৰ সম্পৰ্কে গভীৰ উদ্ৰেগ,শংকা,ভয় আদি প্ৰকাশেৰে ৰামমুখি চৰিত্ৰ এটাহে প্ৰকাশ কৰিছে। জীয়াৰী বা সখীৰূপত তেওঁক চিত্ৰিত কৰা নাই।নাট্যকাৰৰ নিজা সৃষ্টি মদন মন্থৰা,কনকাৱতী আৰু লীলাৱতী তিনিগৰাকী সখীপ্ৰাণগতা নাৰী চৰিত্ৰ। 



শেষত এইদৰে কব পাৰি যে, শঙ্কৰদেৱৰ আটাইকেইখন নাটৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক সংখ্যক স্ত্ৰী চৰিত্ৰই স্বকীয় বৈশিষ্ট্যত উজ্জল আৰু প্ৰাণৱন্ত। বিশেষকৈ পাৰিজাত হৰণ নাটৰ নাৰী চৰিত্ৰৰ যোগেদি মহাপুৰুষজনাই আজিকালি নাট্যকাৰৰ দৰে চৰিত্ৰৰ বৈপৰীত্য আৰু সাদৃশ্যৰ দ্বাৰা নাটকৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে।এইক্ষেত্ৰত ৰুক্মীণীৰ লগত [[সত্যভামা]]ৰ চৰিত্ৰ বিপৰীত্য আৰু আনহাতে শচী আৰু [[সত্যভামা]]ৰ চৰিত্ৰৰ সাদৃশ্য আৰু সমমৰ্মিতা প্ৰকাশ ঘটাইছে। [[পত্নী প্ৰসাদ নাট]]ৰ বিপ্ৰপত্নীসকলৰ চৰিত্ৰ,[[কালিয়দমন]]ৰ [[যশোদা]] আৰু গোপমাতৃসকলৰ মাতৃৰূপ,নাগ পত্নীৰ ভক্তিভাব, [[পাৰিজাত হৰণ ]]আৰু [[ৰুক্মীণী হৰন নাট]]ৰ ৰুক্মীণী চৰিত্ৰই কোনো সমালোচকৰ 'নাৰীৰ প্ৰতি শঙ্কৰদেৱৰ ভাব উচ্চ নাছিল'বুলি সমালোচনা যুক্তি যুক্ত নহয় বুলিয়ে প্ৰমাণ কৰিছে। মহাপুৰুষ জনাৰ আদৰ্শতে শঙ্কৰোত্তৰ কালৰ নাট্যকাৰ সকলে নাট ৰচনাৰ ক্ষেত্ৰত তেনে পাৰদৰ্শিতা কোনোজন নাট্যকাৰে দেখুৱাব পৰা নাই।

==তথ্য সংগ্ৰহ==
{{Reflist}}

==বাহ্যিক সংযোগ==
* [http://books.google.co.in/books/about/Ankiya_nat_or_A_collection_of_sixteen_As.html?id=TNp4AAAAIAAJ&redir_esc=y Ankiya nat A collection of sixteen Assamese dramas]
* [http://srimanta.net/photogallery.php?username=&status=&q=gallery&category=2&catename=Mising%20Bhaona/Ankiya%20Nat আলোকচিত্ৰ সংগ্ৰহ]

[[শ্ৰেণী:নৱবৈষ্ণৱ ধৰ্ম ]]
[[শ্ৰেণী:নাটক]]
[[শ্ৰেণী:ভাওনা]]