Revision 108291 of "গ্রীন হাউছ গেছ" on aswiki{{প্ৰতিলিপি}}
গোলকীয় উষ্ণতা বৃদ্ধি বৰ্তমান বিশ্বত এটা প্ৰধান আন্ত:ৰাষ্ট্ৰীয় সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যা এবছৰ বা দুবছৰতে গা কৰি উঠা সমস্যা নহয়। বহু বছৰ আগৰ পৰাই উষ্ণতা বৃদ্ধি কাৰক গ্ৰীন হাউছ গেছ মানুহে অত্যধিক পৰিমাণে সৃষ্টি কৰি অহাৰ কাৰণেহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন হ’ব ধৰিছে। গ্ৰীন হাউছ গেছবিলাকৰ ভিতৰত কেৱল কাৰ্বন-ডাই-অক্সাইড গেছেহে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি পৰিবেশ বিজ্ঞানী তথা সচেতন মহলে মত প্ৰকাশ কৰিছে। শিল্প বিপ্লৱ আৰম্ভ হোৱা দিনৰ পৰা কাৰ্বন-ডাই-অক্সাইড সৃষ্টিৰ পৰিমাণ বৃদ্ধি পাই আহিছে।
কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাবৰ কাৰণে মাজে সময়ে বিশ্ব শীৰ্ষ সন্মিলন পাতি বিজ্ঞানীসকলে আলোচনা বিলোচনা কৰি আহিছে। উদাহৰণ স্বৰূপে ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ পৰিচালনাত বিশ্বৰ ১৮৯খন দেশৰ প্ৰতিনিধিৰ দ্বাৰা ৰিঅ’ডি জেনেৰিঅ’ত শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ভাৰত আৰু ইউৰোপিয়ান দেশবিলাকৰ সকলো প্ৰতিনিধি উপস্থিত আছিল। এই সন্মিলনতে গ্ৰীন হাউছ গেছবিলাকৰ নিৰ্গমন পৰৱৰ্তী বছৰবিলাকত কম কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰাৰ কাৰণে এই সিদ্ধান্ত লোৱা অপৰিৰ্হায আছিল। কিন্তু কাৰ্যক্ষেত্ৰত পৰৱৰ্তী বছৰবিলাকত ইয়াৰ প্ৰতিফলন নঘটিল। ফলস্বৰূপে এনেকুৱা গেছ উৎপাদন কৰাৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উদাহৰণস্বৰূপে আটাইতকৈ বেছি কাৰ্বন-ডাই-অক্সাইড গেছ উৎপাদন কৰা দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানেও, অৰ্থাৎ সিদ্ধান্ত গ্ৰহণ কৰাৰ ১৫ বছৰৰ পিছতো ইয়াৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উপযুক্ত ব্যৱস্থা নল’লে আগন্তুক বছৰবিলাকত আৰু বেছি বৃদ্ধি পাই থকাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ১৫ বছৰ আগতেই ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ পাইছে যদিও কাৰ্যক্ষেত্ৰত কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমনৰ মাত্ৰা কম হোৱা দেখিবলৈ পোৱা নাযায়। ঠিক তেনেদৰে ২০০১ চনত অনুষ্ঠিত কিউটো সন্মিলনে কাৰ্বন-ডাই-অক্সাইড কমোৱাৰ বাবে কৰ্ম-পদ্ধতি আৰু ৰীতি-নীতি প্ৰস্তুত কৰি উলিয়াইছিল। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে কিউটোৰ প্ৰস্তাৱত চহী কৰা নাছিল।
গ্ৰীন হাউছ গেছ, অৰ্থাৎ কাৰ্বন-ডাই-অক্সাইডৰ উৎপাদন শিল্প উদ্যোগত কম কৰাটো মূল বিষয় হিচাপে লৈ ইতিমধ্যে জি-৮ দেশসমূহৰ জাৰ্মানীৰ হেলিজানডামত হোৱা সন্মিলন অন্ত পৰিছে। ১৯৮৫ চনৰ ২২ ছেপ্টেম্বৰত কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ১৯৯৮ চনত ছোভিয়েট ৰাছিয়াই যোগদান কৰা বিশ্বৰ আৰ্থিকভাৱে উন্নত এই দেশসমূহকে জি-৮ নামেৰে জনা যায়। জি-৮ সন্মিলনে গ্ৰীন হাউছ গেছ কমাই জলবায়ু পৰিৱৰ্তন হোৱাৰ পৰা ৰক্ষা পাবৰ কাৰণে আলোচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই কিউটো প্ৰট’কলক সমৰ্থন নজনালেও এইবাৰ গ্ৰীন হাউছ গেছ কম কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ মনস্থ কৰিছে। সন্মিলনত জাৰ্মানীৰ চেন্সেলৰ এঞ্জেলো মাৰকেলে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি ১৯৯০ চনত বিশ্বত থকা কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা কমাই ২০৫০ চনত আধালৈ ৰূপান্তৰিত কৰাৰ কাৰণে প্ৰস্তাৱ দিছে লগতে সন্মিলনে চীন, ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, মেক্সিকো আদি উন্নয়নশীল দেশসমূহেও গ্ৰীন হাউছ গেছ উৎপাদন ৰোধ কৰিবলৈ ব্যৱস্থা লোৱাৰ হকে হেঁচা প্ৰয়োগ কৰিছে।
বৰ্তমান বিশ্বত জমা হৈ থকা গ্ৰীন হাউছ গেছবোৰৰ স্ৰষ্টা প্ৰকৃততে উন্নত দেশবিলাকহে। ভাৰতৰ নিচিনা উন্নয়নশীল বা অনুন্নত দেশবোৰ নহয়। সমীক্ষা অনুসৰি বিশ্বৰ ৮৩ শতাংশ গ্ৰীন হাইছ গেছ কেৱল জি-৮ দেশকেইখনেই প্ৰস্তুত কৰে। জনসংখ্যাৰ ফালৰ পৰা ইয়াৰ অনুপাত কেৱল ১৩ শতাংশ। অকল আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ ২৫ শতাংশ গ্ৰীন হাউছ উৎপাদন কৰে, যাৰ নেকি অনুপাত কেৱল চাৰি শতাংশহে। চীনৰ লগত তুলনা কৰিলে আমেৰিকাৰ গ্ৰীন হাউছ গেছৰ উত্পাদন ছয় গুণ পৰিমাণৰ হয় আৰু ভাৰতৰ লগত ১৮ গুণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে চীন সৰ্বাধিক গ্ৰীন হাইছ গেছ সৃষ্টিকাৰী দেশ আৰু এনেদৰে চলি থাকিলে অহা ২৫ বছৰত চীনৰ গ্ৰীন হাউছ প্ৰস্তুত কৰাৰ মাত্ৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপিয়ান ইউনিয়ন আৰু জাপানৰ গেছ উৎপাদনৰ যোগফলৰ দুগুণ হ’বগৈ। কিন্তু প্ৰতিজন ব্যক্তিৰ গড় হিচাপত প্ৰকাশ কৰিলে উন্নত দেশ সমূহৰ মাত্ৰা যথেষ্ট বেছি হয়।
১৯৯৯ চনৰ গ্ৰীন হাউছ গেছ উৎপাদনকাৰী দেশৰ গড় হিচাপ বছৰে প্ৰতি তলত উল্লেখ কৰা ধৰণেৰে পোৱা যায়-
আমেৰিকা যুক্তৰাষ্ট্ৰ- ৫.৬০ টন/প্ৰতি ব্যক্তি
ছোভিয়েট ৰাছিয়া- ২.৭২ টন/ প্ৰতি ব্যক্তি
ইউৰোপিয়ান ইউনিয়ন- ২.৪০ টন/ প্ৰতি ব্যক্তি
জাপান- ২.৪০ টন/প্ৰতি ব্যক্তি
চীন- ০.৫৩ টন/ প্ৰতি ব্যক্তি
ভাৰত- ০.২৫ টন/ প্ৰতি ব্যক্তি
ওপৰত উল্লেখ কৰা তথ্যসমূহৰ পৰাই অসমতাৰ ছবিখন জলজল পটপটকৈ ওলাই পৰে। গতিকে উন্নত দেশবোৰে গ্ৰীন হাউছ গেছ কমোৱাৰ যথোচিত ব্যৱস্থা লোৱা দৰকাৰ।
গোলকীয় উষ্ণতা বৰ্তমানৰ নিচিনাকৈ বৃদ্ধি পাই থাকিলে পৃথিৱীত মানুহ আৰু বিভিন্ন প্ৰজাতি তিষ্ঠি থকা টান হৈ পৰিব| সমীক্ষা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে অহা ২৫ বছৰ পিছত প্ৰতিবছৰে মানুহ তিনি লাখ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে| সাগৰ মহাসাগৰৰ পানী ২০ ফুট পৰ্য্যন্ত বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ উপকুলীয় অঞ্চলবিলাক সাগৰীয় পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে| গৰম দীৰ্ঘদিনীয়া আৰু তীব্ৰ হ’ব লগতে পৃথিৱীৰ সাম্ভাব্য উষ্ণতা ২.৮ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাটো নিশ্চিত আৰু এই তাপমাত্ৰা ৬.৪ ডিগ্ৰী চেলচিয়াছলৈয়ো বৃদ্ধি পাব পাৰে| ২০৫০ চনৰ ভিতৰত এক বিলিয়ন প্ৰজাতি বিলুপ্তি ঘটিব| দুই-তিনি দশকৰ পিছত হিমালয়ৰ বৰফ খণ্ড গলি বৰ্তমানৰ পাঁচলাখ বৰ্গফুটৰ ঠাইত একলাখ বৰ্গফুট হবগৈ লগতে উষ্ণতা বৃদ্ধিৰ ফলত সুমেৰুৰ বৰফ আচ্ছাদন, গ্ৰীনলেণ্ডৰ তুষাৰ স্তৰ, এণ্টাৰ্কটিকাৰ বিস্তীৰ্ণ বৰফাচ্ছাদন গলি সাগৰ পৃষ্ঠৰ উচ্চতা প্ৰায় তিনি ফুটৰ পৰা পাঁচ ফুটলৈ বাঢ়ি যাব আৰু এনে অৱস্থা হ’লে বিশ্বৰ জনগনৰ মাজলৈ মহা প্ৰলয় নামি অহা স্বাভাৱিক|
আমেৰিকা যুক্তৰাষ্ট্ৰই ২০০১ চনত কিউটো চহৰত বহা বিশ্বৰ শীৰ্ষ সন্মিলনৰ গ্ৰীন হাউচ গেছ কমোৱাৰ বাবে থিৰাং কৰা কৰ্মৰাজি আৰু ৰীতি-নীতি মানি ল’ব খোজা নাছিল| কেইবছৰমানৰ পিছত যেতিয়া “কাট্ৰিনা” নামৰ সামুদ্ৰিক বা-মাৰলি আহি আমেৰিকাৰ এটা বৃহত্ অঞ্চল ছেদেলি-ভেদেলি কৰি পেলালে, তেতিয়াহে গ্ৰীন হাউচ গেছ নিৰ্গমন ৰোধ কৰাৰ কথা চিন্তা কৰিছে| সেই হিচাপে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰে গ্ৰীনহাউচ গেছৰ মাত্ৰা ২০১০ চনত ১ শতাংশ, ২০২০ চনত ২৫ শতাংশ আৰু ২০৫০ চনত ৮০ শতাংশ কৰ্তন কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে| গ্ৰীন হাউচ গেছ সৃষ্টিকাৰী উত্সৰ পৰা বিদ্যুত্ নলৈ নিউয়িৰ্ক বিশ্ববিদ্যালয়ে বতাহ শক্তিৰ পৰা উদ্ভাৱন কৰা ১১৮ কিলোৱাট বিদ্যুত্ শক্তি কিনি লোৱাৰ কথা বিবেচনা কৰিছে| এনে কৰাৰ কাৰণে খৰচৰ মাত্ৰা কিছু বেছি হ’লেও গ্ৰীন হাউচ গেছ কমোৱাৰ স্বাৰ্থতে কৰিছে বুলি ক’ব পাৰি| জানিব পৰা মতে, ৮৫ শতাংশ আমেৰিকান লোকে আজিকালি গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বুলি পতিয়ন গৈছে| ২৫ শতাংশ লোকে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ কাৰণে হোৱাইট হাউচে ব্যৱস্থা ল’ব লাগে বুলি মত প্ৰকাশ কৰিছে|
পৰম্পৰাগত ভাবে চলি অহা, বিশেষকৈ কয়লা জ্বলাই পোৱা শক্তিৰ পৰা কাৰ্বন-ডাই অক্সাডৰ নিৰ্গমন বেছি পৰিমাণে হয়| ভাৰতত বৰ্তমান আধাতকৈ বেছি কয়লা ইন্ধনৰ ওপৰত ভিত্তি কৰিয়েই নতুন শক্তি প্ৰকল্প গঢ়ি উঠিছে| ফলস্বৰূপে ভাৰতত প্ৰতিবছৰে ১৩০ মিলিয়ন টন কাৰ্বনডাই-অক্সাইড নিৰ্গত হৈ আছে| ইয়াৰ পৰিমাণ বহু বেছি| কিউটো প্ৰটো’কলৰ মতে, ইউৰোপিয়ান ইউনিয়নে সেইবিলাক দেশত প্ৰতিবছৰে দুশ মিলিয়ন টনলৈ কমোৱাৰ কাৰণে সিদ্ধান্ত লৈছিল| সেইবাবে কয়লা ইন্ধনৰ পৰা শক্তি, সৌৰশক্তি, বতাহশক্তি, জলশক্তি আদি শক্তি আহৰণ কৰাৰ পদ্ধতিত বেছি গুৰুত্ব দিয়া প্ৰয়োজন| তাত্ক্ষণিক ভাৱে ভাৰতে হাতত লবলগীয়া বা বেচি গুৰুত্ব দিব লগা শক্তি খণ্ডটো হ’ল নিউক্লিয় শক্তি| বৰ্তমান ভাৰতত তিনি গিগাৱাট নিউক্লিয় শক্তি পোৱা যায়| ২০২০ চনত ইয়াৰ পৰিমাণ ৩০ গিগাৱাটলৈ বৃদ্ধি কৰিব পাৰি| এনে কৰিলে বছৰি নিৰ্গত হোৱা ১৩০ মিলিয়ন টন কাৰ্বনডাই অক্সাইড নোহোৱা হ’ব| কিন্তু এনে কৰিবলৈ যাওতে অৰ্থৰো বেছি প্ৰয়োজন হ’ব| কিয়নো ১ নিউক্লিয় শক্তিৰ দ্বাৰা শক্তি উত্পাদন কৰোঁতে সাতৰ পৰা আঠ মেগাৱাট শক্তি কেৱল ৪.৫ কোটি টকাতে পাব পৰা যায়| তথাপি দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ ওপৰত লক্ষ্য ৰাখি এই দিশত আগবঢ়া উচিত|
ইয়াৰ উপৰি সেউজীয়া গছ-গছনি নোহোৱাৰ কাৰণেও গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত সহায় হৈছে| দেখা যায় যে ১৭০০ চনৰ তুলনাত বৰ্তমান পৃথিৱীত ২০ শতাংশ সেউজীয়া আৱৰণ নোহোৱা হৈছে| গতিকে সেউজীয়া গছ-গছনি ৰোপন কৰি ইয়াৰ পৰিমাণ কমাব পৰা যায়| চীন দেশে আৰ্থিক উন্নয়নত বাধা দি কাৰ্বনডাই অক্সাইড গেছ কমোৱাতকৈ পৰিৱেশৰ বিশেষ ক্ষতি নকৰাকৈ উন্নয়ন আৰু সেউজীয়া আৱৰণ গঢ়ি তোলাত বেছি গুৰুত্ব দিছে| গতিকে চীন দেশৰ নিচিনাকৈ বিশ্বৰ বাকীবোৰ দেশেও যদি নিজৰ কোনো গভীৰ ক্ষতি নোহোৱাকৈ গোলকীয় উষ্ণতা বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ জগতখনক গোলকীয় সুস্থিৰ পৰিৱেশেৰে আবৰাত যত্নপৰ হয় তেতিয়া হ’লে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে এখন মঞ্চৰ তলত একগোট হৈ নিজৰ নাতি, পো-নাতিক এখন সেউজীয়া বিশ্বলৈ আদৰি আনিব পাৰিম নাইবা এখন সেউজীয়া ধৰা অনুজ সকলক উপহাৰ দিব পাৰিম|
(সমলঃ বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা পৰিৱেশ সম্বন্ধীয় লেখা)All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=108291.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|