Revision 115993 of "হাড়গিলা" on aswiki

{{Taxobox
| name = হাড়গিলা (Lesser Adjutant)
| status = VU
| status_system = IUCN3.1
| status_ref = <ref name=IUCN2012>{{IUCN|id=106003840 |title=''Leptoptilos javanicus'' | assessors=[[BirdLife International]] |version=2012.1 |year=2012 |accessdate=16 July 2012}}</ref>
| trend = down
| image = Leptoptilos_javanicus_1.jpg
| image_caption = হাড়গিলা
| regnum = [[Animal]]ia
| phylum = [[Chordate|Chordata]]
| classis = [[bird|Aves]]
| ordo = [[Ciconiiformes]]
| familia = [[Ciconiidae]]
| genus = ''[[Leptoptilos]]''
| species = '''''L. javanicus'''''
| binomial = ''Leptoptilos javanicus''
| binomial_authority = [[Thomas Horsfield|Horsfield]], 1821
}}
হাড়গিলা ‘Ciconiidae ‘ পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই৷ এই গোত্ৰৰ অন্যন্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)৷ ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়৷ হাড়গিলা দক্ষিণ-পূব [[এছিয়া]]ত [[ভাৰত]] ৰ পৰা [[জাভা]] লৈকে বহুল ভাৱে বিস্তৃত৷ 
==বিৱৰণ==
[[Image:Leptoptilos javanicus02.jpg|thumb|left|হাড়গিলাৰ মূৰ অংশ]]
হাড়গিলা এবিধ ডাঙৰ আকাৰৰ চৰাই৷ ইয়াৰ মূৰ আৰু ডিঙি উদং (bare)৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৮৭-৯৩ ছে: মি: আৰু ওজন প্ৰায় ৪-৫.৭১ কি: গ্ৰা: হয়৷ <ref name=hbk>{{cite book|author=Ali, S & SD Ripley| title= Handbook of the Birds of India and Pakistan. Volume 1|edition=2| pages=107–109|publisher=Oxford University Press|year=1978| place= New Delhi}}</ref><ref>{{cite book|author=Elliot, A.|year=1994| chapter= Order Ciconiiformes. Family Ciconiidae (Storks)|editor= del Hoyo, J., A. Elliot & J. Sargatal| title=Handbook of the Birds of the World. Volume 1. Ostrich to Ducks|publisher= Lynx Edicions| place= Barcelona, Spain|pages=436–465}}</ref><ref name= Hancock>Hancock & Kushan, ''Storks, Ibises and Spoonbills of the World''. Princeton University Press (1992), ISBN 978-0-12-322730-0</ref>৷ চিনাক্ত কৰাৰ সময়ত ইয়াৰ স'তে সহজে খেলিমেলি হ'ব পৰা প্ৰজাতিটো হৈছে [[বৰটোকোলা]], কিন্তু হাড়গিলা তুলনামূলক ভাৱে আকাৰত সৰু আৰু বৰটোকোলাৰ দৰে ইয়াৰ ডিঙিত মোনা নাথাকে৷ হাড়গিলাৰ পেট আৰু নেজৰ তলভাগ বগা বৰণৰ৷ পোৱালিবোৰ দেখাত শেঁতা বৰণৰ হয়৷<ref>{{cite book| url=http://archive.org/stream/birdsindia04oaterich#page/375/mode/1up|year=1898| pages=374–375|title=The Fauna of British India. Birds. Volume 4|author=Blanford, WT| publisher=Taylor and Francis| place=London}}</ref>প্ৰজননৰ সময়ত, ইয়াৰ মুখ ৰঙা আৰু ডিঙি কমলা বৰণৰ হৈ পৰা দেখা যায়৷  এই গোত্ৰৰ আনবোৰ চৰাইৰ দৰে হাড়গিলাইও উৰোঁতে ডিঙিটো সোমোৱাই লয়৷  এনেকৈ চাপ খুৱাই থোৱা ডিঙিটো উৰন্ত অৱস্থাত দেখিলে বৰটোকোলাৰ ডিঙিৰ মোনাটোৰ দৰে লাগিব পাৰে৷ <ref name=pcr>{{cite book|author=Rasmussen PC & JC Anderton| year=2005| title=Birds of South Asia. The Ripley Guide. Volume 2| page=64| publisher=Smithsonian Institution and Lynx Edicions| place = Washington DC and Barcelona}}</ref> মতা-মাইকী উভয়ে দেখাত প্ৰায় একে যদিও মতা চৰাইবোৰ আকাৰত কিছু ডাঙৰ হয়৷ <ref name= Hancock/><ref>{{cite journal|url=http://www.cambosastra.org/wp-content/uploads/2011/08/CJNH-2011-July-2011.pdf  |journal=Cambodian Journal of Natural History| year=2011| issue=1|pages=23–28| title=A method for identifying the sex of lesser adjutant storks ''Leptoptilos javanicus'' using digital photographs|author=Weckauf R & M Handschuh}}</ref>

==বিতৰণ==
হাড়গিলা বহুলভাৱে বিস্তৃত আৰু প্ৰায়বোৰ অঞ্চলতে ই থলুৱা৷ ইয়াক সাধাৰণতে ঘন কাঠনিৰ মাজত ডাঙৰ নদী আৰু হ্ৰদ সমূহত দেখা পোৱা যায়৷ হাড়গিলা [[ভাৰত]], [[নেপাল]]<ref>{{cite journal|title=Surveys for Lesser Adjutant Leptoptilos javanicus in and around Koshi Tappu Wildlife Reserve, Nepal | author=Baral HS| year=2005 | journal=Forktail| volume=21| pages=190–193| url=http://www.orientalbirdclub.org/publications/forktail/21pdf/Baral-Adjutant.pdf}}</ref> [[শ্ৰীলংকা]], [[বাংলাদেশ]], [[ম্যানমাৰ]],[[থাইলেণ্ড]], [[ভিয়েটনাম]], [[মালয়েছিয়া]], [[লাওছ]], [[চিংগাপুৰ]], <ref>{{cite journal|author=Subaraj R and A. F. S. L. Lok|journal=Nature in Singapore| year=2009| volume=2| pages=107–113| title= Status of the Lesser Adjutant Stork (''Leptoptilos javanicus'')| url=http://rmbr.nus.edu.sg/nis/bulletin2009/2009nis107-113.pdf}}</ref>[[ইণ্ডোনেছিয়া আৰু [[কম্বোডিয়া]]ত বিস্তৃত হৈ আছে৷ ইয়াৰ সকলোতকৈ ডাঙৰ আবাদীটো ভাৰতৰ [[অসম]], [[পশ্চিমবংগ]] আৰু [[বিহাৰ]] ত পোৱা যায়৷ <ref>{{cite journal|url=http://www.orientalbirdclub.org/publications/forktail/21pdf/Choudhury-Adjutant.pdf 	|pages=164–165| title=First record of Lesser Adjutant Leptoptilos javanicus for Bhutan| author=Choudhury, A.| journal=Forktail| year=2005| volume=21}}</ref>দক্ষিণ ভাৰতত ইয়াৰ জনসংখ্যা তেনেই কম (extremely rare)৷ <ref>{{cite journal| journal=J. Bombay Nat. Hist. Soc.| author=Andheria, A. P.| year=2001| volume=98| issue=3| pages=443–445 }}</ref><ref>{{cite journal|title=First sighting of lesser adjutant-stork Leptoptilos javanicus from Sanjay Gandhi National Park, Mumbai| author=Andheria, A.| journal=J. Bombay Nat. Hist. Soc.|year=2003| volume=100| issue=1| page=111 }}</ref>

==বসতিস্থল==
হাড়গিলাই প্ৰাকৃতিক বনাঞ্চল আৰু মানুহৰ আবাদী পূৰ্ণ দুয়োবিধ পৰিৱেশতে বসবাস কৰে৷ ই প্ৰধানকৈ জলাশয়, যেনে-নদ-নদী, পুখুৰী, বিল, ধাননি পথাৰ আদিত চৰে৷  <ref>BirdLife International. (2001) Threatened Birds of Asia: the BirdLife International Red Data Book. BirdLife International, Cambridge, UK.</ref> সাগৰীয় ঠাইত থকা হাড়গিলাই মেনগ্ৰুভ (mangroves) বনাঞ্চলত নিজকে খাপ খুৱাই লয়৷ ই সাধাৰণতে সৰু গোট হৈ জলাশয়ৰ পাৰৰ ডাঙৰ গছত বাহ সাজে৷ খৰালি জলাশয় সমূহ শুকাই যোৱাৰ ফলত হাড়গিলাই প্ৰায়ে মানুহৰ স'তে ঘন আবাদী পূৰ্ণ স্থানতে বসবাস কৰিবলৈ বাধ্য হয়৷ <ref>Li, Z.W.D., Yeap, C. A.; Kumar, K. 2007. Surveys of coastal waterbirds and wetlands in Malaysia, 2004-2006. In: Li, Z. W. D.; Ounsted, R. (ed.), The status of coastal waterbirds and wetlands in Southeast Asia: results of waterbird surveys in Malaysia (2004-2006) and Thailand and Myanmar (2006), pp. 1-40. Wetlands Internationa, Kuala Lumpur.</ref>.

==আচৰণ==
হাড়গিলাই জলাশয় সমূ্হত প্ৰধানকৈ মাছ, ভেকুলী, সৰীসৃপ আৰু ডাঙৰ আকাৰৰ অমেৰুদণ্ডী প্ৰাণীসমূহ খাই জীয়াই থাকে৷ প্ৰজননৰ সময়ত ইহঁতে কেতিয়াবা সৰু চৰাই আৰু নিগনি আদিও ধৰি খায়৷ সেই সময়ৰ বাদে অন্য সময়ত ই অকলশৰে থাকে৷ <ref name=hbk/> উত্তৰ-পূব ভাআৰু দক্ষিণ ভাৰতত হাড়গিলাৰ প্ৰজননৰ সময় ক্ৰমান্বয়ে নৱেম্বৰ-জানুৱাৰী আৰু ফেব্ৰুৱাৰী-মে’ হয়৷<ref name=fbi2/> ইয়াৰ বাহ প্ৰধানকৈ ওখ গছত ঠাল-ঠেঙুলী আদি দি বনোৱা হয়৷ বাহটোৰ দীঘ আৰু প্ৰস্থ ১ মিটাৰৰো অধিক আৰু সিমানেই গভীৰো হোৱা দেখা যায়৷<ref name=hbk/>৷ কণী পৰাৰ তিনিমাহ মান আগৰে পৰা ইহঁতে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ মতা হাড়গিলাই বাহ সজাৰ ঠাই বিচাৰি উলিয়ায় আৰু গছৰ ডালি কঢ়িয়াই নি সেই ঠাইৰ বিষয়ে মাইকীজনীক জনায়৷  এবাৰত তিনিৰ পৰা চাৰিটাকৈ পোৱালি জন্ম হয়৷ মতা-মাইকী উভয়ে মিলি পোৱালিৰ যত্ন লয়৷<ref name=fbi2>{{cite book|author=Baker, ECS| title=Fauna of British India. Birds. Volume 6|edition=2|publisher=Taylor and Francis|place=London| url=http://archive.org/stream/BakerFbiBirds6/BakerFBI6#page/n369/mode/1up|pages=329–330|year=1929}}</ref><ref>{{cite journal|author=Maust, M., Clum, N. and Sheppard, C. |year=2007|title= Ontogeny of chick behavior: a tool for monitoring the growth and development of lesser adjutant storks|journal= Zoo Biol.|volume=26|pages=533–538| doi=10.1002/zoo.20156|issue=6|pmid=19360599}}</ref>

==স্থিতি তথা সংৰক্ষণ==

কেইবাটাও উল্লেখযোগ্য কাৰকে হাড়গিলাৰ জনসংখ্যা হ্ৰাসৰ মাত্ৰা বৃদ্বি কৰিছে৷ বিশেষকৈ অসমত গছৰ ওপৰত থকা বাহ তললৈ পৰি বিনষ্ট হোৱাটোও এটা উল্লেখযোগ্য কাৰণ বুলি কোৱা হয়৷ বহুতো ঠাইত জলাশয় সমূহৰ কৃষিভূমিলৈ পৰিৱৰ্তন, খেতি পথাৰত প্ৰয়োজনাধিক কীটনাশকৰ প্ৰয়োগ আৰু অন্যান্য কাৰক সমূহেই প্ৰধান ভাবুকি হিচাপে পৰিগণিত হৈছে৷ নেপাল আৰু কম্বোডিয়াত শেহতীয়াকৈ পোৱা তথ্যমতে মাছ ধৰাৰ বাবে সমগ্ৰ জলাশয়টোতে বিষ প্ৰয়োগ কৰাত হাড়গিলাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে৷ <ref>Gyawali, N. 2004. Conservation fund reports of grant-assisted work: population status and habitat preferences of Lesser Adjutant in Royal Chitwan National Park, Nepal. BirdingASIA: 8-9.</ref> অসমত সংৰক্ষিত বনাঞ্চল সমূহৰ বাহিৰত বাস কৰা বহুতো হাড়গিলা চৰাই উপৰোক্ত কাৰণ সমূহৰ বাবে নব্বৈৰ দশকত সমুলঞ্চে বিনাশ হ'ল৷ <ref> Choudhury, A. 2000. The birds of Assam. Gibbon Books and WWF-India, Guwahati, India</ref> বৰ্তমান অসমত হাড়গিলাৰ সংৰক্ষণৰ উদেশ্যে ইয়াৰ বাহৰ সমীক্ষা, বাহ সাজিবলৈ ব্যৱহাৰ কৰা বৃক্ষ ৰোপণ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়াতা সম্পৰ্কে জনসাধাৰণক জাগ্ৰত কৰা আদি প্ৰচেষ্টা হাতত লোৱা হৈছে৷ <ref>Baral, H.S. 2005. Surveys for Lesser Adjutant Leptopilos javanicus in and around Koshi Tappu Wildlife Reserve, Nepal. Forktail 21: 190-193.</ref>

==তথ্য সংগ্ৰহ==
 {{reflist|2}}

==বাহ্যিক সংযোগ==
*[http://ibc.lynxeds.com/species/lesser-adjutant-leptoptilos-javanicus Photographs and videos]

[[শ্ৰেণী: চৰাই]]
[[en: Lesser Adjutant]]

 [[ar:أبو سعن الصغير]]
[[bn:মদনটাক]]
[[br:Marabou Java]]
[[ca:Marabú javanès]]
[[ceb:Leptoptilos javanicus]]
[[de:Sunda-Marabu]]
[[es:Leptoptilos javanicus]]
[[eo:Azia marabuo]]
[[eu:Leptoptilos javanicus]]
[[fr:Marabout chevelu]]
[[id:Bangau tongtong]]
[[it:Leptoptilos javanicus]]
[[ms:Burung Botak Kecil]]
[[nl:Javaanse maraboe]]
[[ja:コハゲコウ]]
[[pnb:نکا ایڈجوٹینٹ]]
[[pl:Marabut jawajski]]
[[ru:Яванский марабу]]
[[sv:Mindre adjutantstork]]
[[th:นกตะกรุม]]
[[vi:Già đẫy Java]]