Revision 120418 of "তৰালী শৰ্মা" on aswiki{{Infobox musical artist
| bgcolour = lightgray
| name = তৰালী শৰ্মা
| image = Tarali Sarma.jpg
| image_size = 220px
| caption = বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ পাছত তৰালী
| birth_date = {{birth date and age|df=yes|1975|08|04}}
| background = solo_singer
| birth_place =
|origin = [[অসম]], [[ভাৰত]]
| genre = শাস্ত্ৰীয় সংগীত, লোক-সংগীত, আধুনিক
| occupation = কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালিকা
| instrument = কণ্ঠ
| parents = প্ৰভাত শৰ্মা
| nationality = ভাৰতীয় {{flagicon|IND}}
| label = বিভিন্ন
| associated_acts =
| website = [http://taralisarma.com/ taralisarma.com]
}}
'''তৰালী শৰ্মা''' ({{lang-en|Tarali Sarma}}, জন্ম:৪ আগষ্ট, ১৯৭৫) [[অসম]]ৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালীয়ে মঞ্জু বৰাৰ [[অসমৰ চলচ্চিত্ৰ|অসমীয়া ছবি]] '''আকাশীতৰাৰ কথাৰে...''' নামৰ বোলছবিখনত "কিমতে ভকতি কৰিব....." শীৰ্ষক ঘোষাভাগিত কৰা কণ্ঠদানৰ বাবে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা|ৰাষ্ট্ৰীয় বঁটা]] লাভ কৰে।<ref name="pib"/><ref name="spider">{{cite web | url=http://www.assamspider.com/resources/3474-Profile-Tarali-Sarma-Assamese-Indian-singer.aspx | title=Profile of Tarali Sarma, Assamese Indian singer | publisher=Assam Spider | accessdate=December 20, 2011}}</ref><ref name="about">{{cite web | url=http://taralisarma.com/about.html | title=About Tarali | publisher=taralisarma.com | accessdate=December 20, 2011}}</ref>
==প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱন==
তৰালী শৰ্মাৰ জন্ম হয় ১৯৭৫ চনৰ ৪ আগষ্টত। তৰালীৰ পিতৃ প্ৰভাত শৰ্মা হৈছে অসমৰ এজন পৰিচীত লোক-সংগীতৰ শিল্পী, বাঁহীবাদক আৰু সংগীত পৰিচালক। সেযে তৰালী সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু ঘৰতেই সংগীত শিক্ষা লাভ কৰে। তৰালীয়ে তেখেতৰ পিতৃ আৰু বৰদেউতাক বশিষ্ট দেৱ শৰ্মাক, যি হৈছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ, নিজৰ প্ৰৰণাৰ উৎস ৰূপে বিবেচনা কৰে।<ref name="about"/>
১২ বছৰৰ বয়সতে তৰালীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰ এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে।<ref name="about"/> সেয়াই আছিল তাইৰ শিল্পী জীৱন জীৱনৰ আৰম্ভণি।
২০০৬ চনৰ ১ ডিচেম্বৰ তাৰিখে তৰালী জিন্টু বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হয়।
==শিল্পী জীৱন==
তৰালীয়ে বৰ্তমানলৈ বহু গীতত কণ্ঠদান কৰাৰ লগতে বিভিন্ন বোলছবি, চুটি ছবি, তথ্যচিত্ৰ, আৰু ধাৰাবাহিকৰ বাবে সংগীত পৰিচালনা কৰিছে।<ref name="about"/> অসমীয়া লোক-সংগীতৰ ওপৰত তেখেতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি গীতসমূহ ৰচনা কৰে। তেখেতৰ প্ৰথম এলবাম আছিল ‘অভিমান’।
তৰালী হৈছে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী। ইয়াৰোপৰি তেখেত হৈছে [[ভ্ৰাম্যমাণ থিয়েটাৰ]]ৰ প্ৰথম মহিলা সংগীত পৰিচালিকা।<ref name="about"/>
২০০৩ চনত তৰালীয়ে মঞ্জু বৰাৰ অসমীয়া ছবি "আকাশীতৰাৰ কথাৰে..."-ৰ প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনাৰ লগতে গীতত কণ্ঠদানো কৰে। এই ছবিখনত গোৱা এটি ভক্তিমূলক ‘কাকুতি ঘোষা’-ৰ বাবে তেখেতে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা|ৰাষ্ট্ৰীয় বঁটা]] লাভ কৰে।<ref name="works">{{cite web | url=http://taralisarma.com/compos_work.html | title=Compositions & Works | publisher=taralisarma.com | accessdate=December 20, 2011}}</ref> উল্লেখযোগ্য যে এই ঘোষাটোত কোনো বাদ্যযন্ত্ৰৰ সংগীত ব্যৱহাৰ কৰা হোৱা নাছিল।<ref name="pib"/> বঁটা প্ৰদানকাৰী জুৰীয়ে এইদৰে লিখিছে:
{{cquote|The award for the Best Female Playback Singer of 2003 is given to Tarali Sarma in “''Akashitorar Kothare...''” for her tuneful rendition of a devotional song without instrumental accompaniment.}}
২০০৭ চনৰ মাৰ্চত তৰালীয়ে "ৱাইণ্ডচংচ্" নামৰ এক প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ প্ৰথম প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ বাঁহীবাদনৰ এলবাম "পিচ অফ লাইফ"। তাৰ পাছতেই ২০০৮ চনত প্ৰযোজনা কৰে তৰালীৰ একক আধুনিক গীতৰ এলবাম "মুকলি"।<ref name="windsongs">{{cite web | url=http://taralisarma.com/wind_songs.html | title=Wind songs | publisher=taralisarma.com | accessdate=December 21, 2011}}</ref>
==সংগীতপঞ্জী==
===সংগীত পৰিচালনা===
{{multicol}}
*আকাশীতৰাৰ কথাৰে... (বোলছবি, ২০০৩)
*লাজ (বোলছবি, ২০০৪)
*যাত্ৰা, দা পাচেজ (বোলছবি, ২০০৪)
*অভিযাত্ৰী (জীৱনীমূলক ছবি, ২০০৫)
*লেটচ্ ডাঞ্চ (আবহ সংগীত পৰিচালনা; বোলছবি, ২০০৯)<ref name="imdb">{{cite web | url=http://www.imdb.com/name/nm3690421/ | title=Tarali Sarma on IMDb | publisher=Internet Movie Database | accessdate=December 20, 2011}}</ref>
*এজনি জাপানী ছোৱালি (টেলিফ্লিম)
*পোহৰ (টেলিফ্লিম)
*অৰাষ্ঠ অৱস্থান (টেলিচিৰিজ)
{{col-break}}
*জীৱন আৰু সংগত (টেলিচিৰিজ)
*পাৰ্বতী (টেলিচিৰিজ)
*মা (টেলিচিৰিজ)
*তাল দবা সংখ বাজেও অসংখ্যাত (তথ্যচিত্ৰ)
*জ্যোতিৰ্গময়: লিড মি টু দা লাইট (তথ্যচিত্ৰ, ২০০৫)
*হোৱাটেভাৰ! (তথ্যচিত্ৰ, ২০০৬)
{{col-end}}
===এলবাম: সংগীত পৰিচালনা আৰু কণ্ঠদান===
{{multicol}}
*তোমাৰ মৰমৰ কোন (একক আধুনিক গীতৰ এলবাম, ২০০৩)
*অভিসাৰী প্ৰিয়া (বিভিন্ন ভাৰতীয় ৰাগৰ গীত, ২০০৩)
*সোনজনী (বিহুনাম)
*শংকৰ মাধৱ (টোকাৰী গীত, ২০০৩)
*স্নেহ (ভক্তিমূলক গীত, ২০০৪)
*পোহৰ (ভক্তিমূলক গীত, ২০০৪)
{{col-break}}
*তৰালি (একক আধুনিক গীতৰ এলবাম, ২০০৫)
*বৰগীত (বৰগীতৰ এলবাম)
*পাৰবীন চুলটানাৰ গীত
*মুকলি (একক আধুনিক গীতৰ এলবাম, ২০০৮)
*হেঙুলীয়া (একক আধুনিক গীতৰ এলবাম, ২০১২)<ref name="heng">{{cite web | url=http://hengulia.com/ | title=hengulia.com | accessdate=June 03, 2012}}</ref>
{{col-end}}
==বঁটা==
*শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা|ৰাষ্ট্ৰীয় বঁটা]] ২০০৩: ৰজত কমল - "আকাশীতৰাৰ কথাৰে..."-ত ঘোষা এটাত কৰা কণ্ঠদানৰ বাবে<ref name="pib">{{cite web | url=http://pib.nic.in/newsite/erelease.aspx?relid=3123 | title=51st National Film Awards-2003 | publisher=Ministry of Information & Broadcasting | accessdate=December 20, 2011}}</ref>
*শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী: বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ - কহিনুৰ থিয়েটাৰৰ গীত "চিনাকী অচিনাকী"-ৰ বাবে
==তথ্যসূত্ৰ==
{{reflist}}
==বহিঃসংযোগ==
*{{imdb name|id=3690421|name=তৰালী শৰ্মাৰ}}
*তৰালী শৰ্মাৰ [http://taralisarma.com/compos_work.html সাংগিতীক কাৰ্য]
{{National Film Award Best Female Playback Singer}}
[[শ্ৰেণী:অসমৰ সঙ্গীত পৰিচালক]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী|তৰালী শৰ্মা]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=120418.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|