Revision 123234 of "কম্পিউটাৰ" on aswiki{{unreferenced}}
{{Infobox|title =কম্পিউটাৰ
|image = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x85px]]{{nowrap end}}
}}
কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলিও কোৱা হয়৷ ইংৰাজী কম্পিউটাৰ শব্দটো আহিছে [[লেটিন ভাষা]]ৰ 'কম্পিউটে' শব্দৰ পৰা যাৰ অৰ্থ হৈছে [[গণনা]]৷ Oxford English Dictionary-ৰ মতে, কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা যাক গণনা কাৰ্যত অথবা অন্যান্য কিছুমান কাৰ্য নিয়ন্ত্ৰণৰ বাবে গাণিতিক দৰ্শনৰ সহায়ত ব্যৱহাৰ কৰা হয় ৷
গতিকে আমি ক'ব পাৰোঁ যে, কম্পিউটাৰ হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা বিভিন্ন গণনা কাৰ্য সমাধা কৰিব পৰাৰ উপৰিও য'ত গাণিতিক পদ্ধতিগতভাৱে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰি আৰু লগতে প্ৰয়োজন অনুসৰি সংৰক্ষিত তথ্যৰাজি উলিয়াই আনিব পৰা যায়৷
= কম্পিউটাৰৰ চমু ইতিহাস =
шлгшглшгшлглг
= কম্পিউটাৰৰ প্ৰকাৰ =
কম্পিউটাৰ মূলত তিনি প্ৰকাৰৰ-এনালগ, ডিজিটেল আৰু হাইব্ৰিড কম্পিউটাৰ৷
# এনালগ কম্পিউটাৰ: ইংৰাজী Analog শব্দটো প্ৰকৃততে গ্ৰীক ভাষাৰ পৰা অহা; ইয়াৰ অৰ্থ হৈছে- যিকোনো দুটা মাধ্যম তুলনা কৰি ইহঁতৰ মাজত সাদৃশ্য স্থাপন৷ এনাগল কম্পিউটাৰে একেৰাহে একোটা জোখ আৰু তথ্যৰ জৰিয়তে দুটা মাধ্যমৰ মাজত সাদৃশ্য জুখি উলিয়ায়৷ এই শ্ৰেণীৰ কম্পিউটাৰত গণনা কৰাতকৈ জোখ লোৱাতহে অধিক গুৰুত্ব আৰোপ কৰা হয়৷ সাধাৰণতে, উষ্ণতাৰ পৰিৱৰ্তনৰ জোখ লোৱা ধৰণৰ কাৰ্যত এই কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ৷
# ডিজিটেল কম্পিউটাৰ: ডিজিটেল কম্পিউটাৰে '০' আৰু '১' অংক দুটাৰ বাদে আন একো বুজি নাপায়৷ এই শ্ৰেণীৰ কম্পিউটাৰে ইয়াক যোগান ধৰা সকলো তথ্য, নিৰ্দেশ ইত্যাদি ততমুহূৰ্ততে '০' আৰু '১' লৈ পৰিৱৰ্তন কৰি লয়৷ ডিজিটেল কম্পিউটাৰ এনালগ কম্পিউটাৰতকৈ অধিক ক্ষীপ্ৰ, নিৰ্ভৰযোগ্য আৰু উন্নত মানৰ ৷
# হাইব্ৰিউ কম্পিউটাৰ: হাইব্ৰিউ কম্পিউটাৰ হৈছে এনালগ আৰু ডিজিটেল দুয়োবিধ কম্পিউটাৰৰে এক সংমিশ্ৰিত ৰূপ৷ এই শ্ৰেণীৰ কম্পিউটাৰ ঘাইকৈ বৈজ্ঞানিক আৰু কাৰিকৰী ক্ষেত্ৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয় ৷
হাইব্ৰিউ কম্পিউটাৰৰ আকাৰ, কাৰ্যদক্ষতা আৰু তথ্য সংৰক্ষণৰ ক্ষমতাৰ ভিত্তিত কেইবাভাগতো বিভক্ত কৰা হয়৷ যেনে- মাইক্ৰ'কম্পিউটাৰ, মিনি কম্পিউটাৰ, চুপাৰ মিনি কম্পিউটাৰ, মেইন ফ্ৰে'ম কম্পিউটাৰ আৰু চুপাৰ কম্পিউটাৰ৷ বৰ্তমান বহুলভাৱে ব্যৱহৃত ব্যক্তিগত কম্পিউটাৰ বা লেপটপ কম্পিউটাৰবিলাক মাইক্ৰ' কম্পিউটাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত ৷
নিম্নলিখিত বৈশিষ্টসমূহ কম্পিউটাৰত দেখিবলৈ পোৱা যায় :
# কম্পিউটাৰে অতি ক্ষীপ্ৰভাৱে কাৰ্য সম্পাদন কৰিব পাৰে৷ বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতিছেকেণ্ডত কেইবা লাখ গণনাকাৰ্য সমাধা কৰিব পাৰে ৷
# কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য হয়৷ ই কেতিয়াও ভুল নকৰে ৷
# ই অতি বৃহত পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে ইবিলাক ততমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে ৷
# ই একে সময়তে কেইবা ধৰণৰ কামো সম্পাদন কৰিব পাৰে ৷
# ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা কামাণ্ড ই ততমুহূৰ্ততে কাৰ্যকৰী কৰে ৷
# ই এটা বাধ্য আৰু নিৰ্বোধ যন্ত্ৰ৷ ইয়াৰ নিজস্ব কোনো বুদ্ধিমত্তা নাই ৷
# কম্পিউটাৰত ব্যৱহৃত বেলেগ বেলেগ প্ৰ'গ্ৰামৰ ভাষাও বেলেগ বেলেগ হয়৷ এটা প্ৰ'গ্ৰামত ব্যৱহৃত ভাষাই আন এটা প্ৰ'গ্ৰামত কাম নকৰিবও পাৰে ৷
# প্ৰয়োজন সাপেক্ষে কম্পিউটাৰে ব্যৱহাৰকাৰীজনক সহায়ৰ জৰিয়তে সহায় কৰে৷ ইত্যাদি
= কম্পিউটাৰৰ সুবিধা =
# কম্পিউটাৰে যিকোনো গণনা বা কাম অতি খৰতকীয়াকৈ কৰিব পাৰে ৷
# ই অতি নিখুটভাৱে কাৰ্য সম্পাদন কৰে৷ ব্যৱহাৰকাৰীয়ে ভুল নিৰ্দেশ নিদিলে কম্পিউটাৰে কেতিয়াও ভুল নকৰে ৷
# ইয়াৰ স্মৃতি ভঁৰাল অতিকে বৃহত৷ অৰ্থাত, ইয়াত বিশাল পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পৰা যায়৷ তাৰ উপৰিও, প্ৰয়োজন সাপেক্ষে সংৰক্ষিত তথ্য ই ততমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে ৷
# একেৰাহে বহুসময় কাম কৰিলেও ইয়াৰ ভাগৰ নালাগে ৷
# ই একে সময়তে কেইবাধৰণৰো কাম কৰিব পাৰে ৷
# একেটা কামকে বাৰে বাৰে কৰিলেও কম্পিউটাৰৰ ভাগৰ নালাগে অথবা ভুল নহয় ৷
# শিক্ষা, চিকিত্সা, যোগাযোগ, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা যায় ৷
# ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ ই ততমুহূৰ্ততে পালন কৰে৷ ইত্যাদি
= কম্পিউটাৰৰ অসুবিধা =
# কম্পিউটাৰৰ কোনো সাধাৰণ জ্ঞান নাই; আন কথাত ই এটা নিৰ্বোধ যন্ত্ৰ৷ সেয়েহে, ই নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে ৷
# বিদ্যুত শক্তি অবিহনে ই বিকল হৈ পৰে ৷
# এক শ্ৰেণী কম্পিউটাৰৰ বাবে প্ৰস্তুত কৰা চ'ফ্টৱেৰে আন এক শ্ৰেণী কম্পিউটাৰত কাম নকৰিবও পাৰে ৷
# প্ৰতিটো প্ৰ'গ্ৰামৰ ভাষা পৃথক হোৱাৰ বাবে সকলো ব্যৱহাৰকাৰীয়ে সকলো প্ৰ'গ্ৰাম ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে; যিহেতু এজন সাধাৰণ ব্যৱহাৰকাৰীয়ে সকলোবিলাক ভাষা ভালদৰে আয়ত্ব কৰাটো সম্ভৱ নহয় ৷
# দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত ইহঁতৰ মেৰামতি কাৰ্য জটিল হৈ পৰিছে৷ তদুপৰি, নিত্য নৱ উদ্ভাৱনে আজিৰ কম্পিউটাৰক কালিলৈ পুৰণি কালৰ কম্পিউটাৰলৈ পৰিৱৰ্তন কৰিছে ৷
# কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ অতিকে স্পৰ্শকাতৰ; আৱা-হাৱাৰ সমান্য পৰিৱৰ্তনে কোনো মুহূৰ্ততে এই কম্পিউটাৰসমূহৰ ক্ষতি সাধন কৰিব পাৰে ৷
# কম্পিউটাৰ এটা ব্যয়বহুল যন্ত্ৰ ৷
= কম্পিউটাৰৰ বিভিন্ন অংশ =
কম্পিউটাৰৰ ভৌতিক বা হাতেৰে চুব পৰা অংশবোৰক হাৰ্ডৱেৰ বোলা হয় ৷
ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷
[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:তথ্য প্ৰযুক্তি]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=123234.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|