Revision 173318 of "ভূপেন হাজৰিকাৰ গীতৰ বিষয়-বৈচিত্ৰ্য" on aswiki

{{story}}
ওপজা মাটিৰ পৰা বিশ্বখনৰ য’লৈকে ভূপেন হাজৰিকা গৈছিল তাৰেই আকাশ-বতাহ, সমাজ, সভ্যতা, সংস্কৃতি সকলোকে আকোঁৱালি লৈ গীত ৰচি মৃত্যুপৰ্যন্ত গাই গৈছিল। তেওঁৰ গীত সমূহত দেশ-জাতিৰ মানুহক ভালপোৱাৰ কথা, বৰলুইতৰ দুয়োপাৰ উজ্বলাই তোলাৰ কথা, খাটি খোৱা মানুহৰ জীৱনৰ সংগ্ৰামৰ কথা, প্ৰেম তথা একতাৰ এনাজৰীৰে জাতি-জনগোষ্ঠীক বান্ধি ৰখাৰ কথা জানিব পাৰি। ইতিহাস, বিজ্ঞান, ভূগোল, ৰাজনীতি, সমাজনীতি প্ৰতিটো বিষয় তেওঁৰ গীতত মূৰ্তমান।<ref name="বৈচিত্ৰ" /> জীৱন যুঁজত ভাগৰি নপৰা সঁচা মানুহৰ কাহিনী যিদৰে তেওঁৰ গীতত বৰ্ণিত হৈছে, একেদৰে প্ৰতিধ্বনিত হৈছে সকলোধৰণৰ সামাজিক বৈষম্য, গাতপাতৰ সংকীৰ্ণতা, অন্যায়-অবিচাৰৰ বিৰুদ্ধে, অন্যায় অবিচাৰৰ বিৰুদ্ধে জাগি উঠাৰ উদত্ত আহ্বান। 

ড০ হাজৰিকাই জীৱন আৰু জগতক অতি সূক্ষ্মৰূপত অধ্যয়ন আৰু নিৰীক্ষণ কৰিছিল। তেখেতৰ গীতবোৰ বিষয়বিহীন কল্পনা নহয়, প্ৰতিটো গীতৰ মাজতে আছে একো একোটা বাৰ্তা। বিষয়বস্তুৰ এনে বিশালতা আৰু বৈচিত্ৰ্য অনুসৰি সুধাকণ্ঠজনৰ গীতসমূহক এনেদৰে শ্ৰেণীবিভাগ কৰিব পাৰি:
*অসমপ্ৰেম বা জাতীয়প্ৰেম পৰিস্ফুট গীত
*মানৱতাবাদৰ জয়গান
*প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন
*বিদ্ৰোহী অন্তৰৰ উচ্ছাস প্ৰকাশক গীত
*সমসাময়িক প্ৰসংগৰ মূৰ্ত প্ৰকাশ
*জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি
*লোকগীত আধাৰিত গীতৰ শৰাই
*শিশুবিষয়ক গীত<ref name="বৈচিত্ৰ" />

== অসমপ্ৰেম বা জাতীয়প্ৰেম পৰিস্ফুট গীত==
বিশ্বৰ প্ৰান্তে প্ৰান্তে জীৱন কটালেও দেশ-জাতিৰ প্ৰতি থকা বিশাল অনুৰাগৰ বাবেই ভূপেন হাজৰিকাই কাহানিও জন্মভূমিৰ আপোন মাটিৰ গোন্ধ আৰু অসমীয়া মাটিৰ গোন্ধ আৰু অসমীয়া মানুহৰ সান্নিধ্য পাহৰি যোৱা নাছিল। ভাৰতৰ পূব দেশৰ সূৰ্য উঠা দেশখনৰ বিশাল সংস্কৃতি, মনোৰোম সৌন্দৰ্য, পৰ্বত-ভৈয়ামৰ মানুহৰ সমন্বয়ৰ ছবিখন বৰ্ণনা কৰি আন ক’তো এনে ৰসাল মাটি পাবলৈ নাই ‘অসম আমাৰ ৰূপহী’ গীতত এনেদৰে গাইছে –

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ।
গোটেই জীৱন বিচাৰিলেও 
অলেখ দিৱস ৰাতি
অসম দৰেই নাপাওঁ
ইমান ৰসাল মাটি।

‘অসম আমাৰ ৰূপহী, গীতত প্ৰকাশিত গীতিকাৰজনৰ অসমপ্ৰেম ‘আমি অসমীয়া নহওঁ দুখীয়া’, ‘অসমী আইৰ তোলনীয়া জী’, ‘বৰদৈচিলা’, ‘অস্ত আকাশৰে’, ‘শাৰদী ৰাণী’, ‘আকাশী যানেৰে’, ‘জিলিকাব লুইতৰে পাৰে’, ‘বুকু হম হম কৰে’ আদি অনেক গীতৰ মাজেৰে প্ৰকাশ লভিছে।

পৰ্বত-ভৈয়াম সম্প্ৰীতিৰ অবিহনে নানা জাতি-উপজাতিৰ মিলন অবিহনে যে নতুন ৰূপৰ অসমে গঢ় ল’ব নোৱাৰিব, সেইকথা হৃদয়ংগম কৰি তেওঁ নিজ হাতে শ্ৰম কৰি প্ৰতিজন অসমীয়াই দেশ-জাতিক গঢ়িবৰ বাবে ‘আমি অসমীয়া নহওঁ দুখীয়া’ শীৰ্ষক গীতটিৰ মাজেৰে এনেদৰে আহ্বান জনাইছে:

নানা জাতি উপজাতি
ৰহণীয়া কৃষ্টি
আকোঁৱালি লৈ লৈছিল সৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি
নিজে হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ
আৰু মনবোৰো ভাগি-ছিগি যাব
আজিৰ অসমীয়াই নিজকে নবচালে অসমতে মগনীয়া হ’ব।

অসমী আইৰ প্ৰতি অকৃত্ৰিম চেনেহ ‘বুকু হম হম কৰে’ গীতৰ মাজেদি সুন্দৰকৈ প্ৰস্ফুটিত হৈছে। ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত এপিনেদি দেশমাতৃৰ দুৰৱস্থা আৰু আনহাতে তেজপুৰত থাকি যোৱা অসুস্থ মাতৃৰ কথা সোঁৱৰণ কৰি বিবেক দংশনৰ চটফটনিত, গভীৰ আৱেগত তেখেতে কালজয়ী গীত এটি ৰচনা কৰিছিল।

বুকু হম হম কৰে
মোৰ আই?
কোনে নিদ্ৰা হৰে
মোৰ আই?
পুত্ৰ হৈ মই কিমতে তৰোঁ?
আই, তোৰে হৈ মই মৰোঁ?... 

অসমৰ ধূলি-বালি, সেউজীয়া প্ৰকৃতি অথবা পাহাৰ-ভৈয়ামৰ মানুহৰ বিচিত্ৰ জীৱন, অসমৰ ইতিহাস, অসমৰ ভৱিষ্যত এই সকলোবোৰ ভূপেন হাজৰিকাৰ গীতৰ মাজত সোমাই আছে। তেখেতৰ ভালেমান গীতৰ মাজেৰে এই দেশখনৰ ঐতিহ্য, বৰলুইতৰ দুয়োপাৰ জিলিকাই থৈ যোৱা বিশাল ব্যক্তিসকলৰ গুণ-কৰ্মৰাজিৰ মধুৰ সোঁৱৰণ, বৃহৎ অসমীয়া জাতিসত্তাৰ গঠনৰ স্বৰূপ আদি দিশবোৰ প্ৰতিফলিত হৈ উঠিছে। মাথোন এঘাৰে বছৰ বয়সতে নিজে ৰচনা আৰু সুৰ সংযোজন কৰি গোৱা প্ৰথমটি গীততে ঐতিহ্যৰ প্ৰতি, অতীতৰ মনীষীৰ প্ৰতি তেওঁৰ শ্ৰদ্ধাসুলভ মনোভাৱ ফুটি উঠিছিল।<ref name="বৈচিত্ৰ" />

==মানৱতাবাদৰ জয়গান==
মানৱতাবাদৰ জয়গান ভূপেন হাজৰিকাৰ গীতসমূহৰ এক মহৎ লক্ষ্য আছিল। তেওঁ মানৱ কল্যাণৰ সপোন দেখিছিল তথা মানুহে মানুহৰ প্ৰতি দয়া, মৰম, চেনেহ কৰাৰ আশা পোষণ কৰিছিল। দেশ-জাতিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ আধাৰতেই মানৱপ্ৰেমৰ বন্দনা কৰা ভূপেন হাজৰিকাই বহুতো চিৰযুগমীয়া গীতৰ ৰচনা কৰিছিল।<ref name="বৈচিত্ৰ" /> ১৯৬০-৬১ চনত হোৱা ভাষা আন্দোলনৰ সময়ত সকলোকে মানৱপ্ৰেমত উজ্জ্বীৱিত কৰিবলৈ তেওঁ এটি গীত ৰচনা কৰিছিল। গীতটি হৈছে:

মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে 
অকণো সহানুভূতিৰে 
ভাবিব কোনেনো কোৱা? সমনীয়া?

মানুহৰ মাজত থকা অসূয়া-অপ্ৰীতিবোৰ দূৰ কৰি আন্তৰিক মৰম-চেনেহৰ এখন সমাজ প্ৰতিষ্ঠাৰ সপোনো ভূপেন হাজৰিকাই দেখিছিল। ৰাইজক জগাই তুলুবলৈ গীতৰ মাজেৰেই অহৰহ সংগ্ৰাম চলাই গৈছিল। জগতত মানৱতাবাদৰ প্ৰচাৰ কৰা, মানৱতাবাদৰ বীজ সিঁচা ৰূপৰ কুমাৰজনে দুষ্কৃতি নাশি প্ৰগতিৰ গতি আনিবলৈ আজীৱন আশাৰেই গীত ৰচি গাই গ’ল।<ref name="বৈচিত্ৰ" />

==প্ৰেমৰ বিচিত্ৰ বৰ্ণালীৰ চিত্ৰায়ন==
সমগ্ৰ বিশ্বৰ মানুহৰ মুখত হাঁহি বিৰিঙাবৰ বাবে বিশ্বপ্ৰেম আকোঁৱালি লোৱা ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱনত প্ৰেমেই ধুমুহাৰ সৃষ্টি কৰিছিল। যৌৱনৰ প্ৰথম দিনবোৰতে তেওঁৰ অন্তৰত প্ৰেমৰ অনুভৱে দোলা দি গৈছিল। প্ৰেমত পৰিছিল, মজিছিল আৰু তেওঁ ব্যৰ্থতাকো আকোঁৱালি লৈছিল। যৌৱনৰ এনে প্ৰেমৰ মাদকতাক তেওঁ অসংখ্য গীতৰ মাজেৰে প্ৰকাশ কৰিছে।

ভূপেন হাজৰিকাই ৰচনা কৰা কিছুমান প্ৰেমগীতৰ মাজেৰে একো একোটা সৰু সৰু প্ৰেমকাহিনী মনোৰোমভাৱে বৰ্ণনা কৰিছিল। এনে গীতৰ ভিতৰত জানু আৰু লছমীৰ কাহিনী থকা [[এটি কলি দুটি পাত]], গৌৰীপুৰীয়া গাভৰুৰ বৰ্ণনা থকা ‘গৌৰীপুৰীয়া গাভৰু দেখিলোঁ’, কাঞ্চী আৰু নল বাহাদুৰ ছেত্ৰীৰ কথা থকা ‘ফুট গধূলিতে’ ইত্যাদি উল্লেখযোগ্য।<ref name="বৈচিত্ৰ" />

==বিদ্ৰোহী অন্তৰৰ উচ্ছাস প্ৰকাশক গীত==
ভূপেন হাজৰিকাৰ কিছুমান গীতৰ মাজত বিদ্ৰোহী অন্তৰখন জিলিকি উঠিছে। জনগণৰ দুখ-কষ্টৰ ওৰ পেলাবলৈ হাজৰিকাই এখন সাম্যবাদী সমাজৰ প্ৰয়োজন উপলব্ধি কৰিছিল। সেই সমাজখন গঢ় দিবলৈ তেওঁৰ বিদ্ৰোহী আত্মাৰ আকুতি আৰু বিপ্লৱী সুৰ গীত হৈ উলাইছিল।

তেৰ বছৰ বয়সতে ‘অগ্নিযুগৰ ফিৰিঙতি’ শীৰ্ষক বিদ্ৰোহৰ সুৰ প্ৰৱাহিত গীত লিখি তেওঁ বিদ্ৰোহী মনৰ পৰিচয় দিছিল। সমাজৰ শোষণকাৰী, পুঁজিপতিৰ বিৰুদ্ধে মাত মাতি দৰিদ্ৰ জনগণৰ মুক্তিৰ পথৰ সন্ধান দিবলৈকে প্ৰচণ্ড ক্ষোভেৰে বিদ্ৰোহী গীত কিছুমান ৰচনা কৰিছিল। ‘দোলা, হে দোলা, হে দোলা, হে দোলা’, ‘মুক্তিকামী লক্ষজনৰ/ মৌন প্ৰকাশ শুনিছানে নাই?’, ‘যায় যদি যায় জীৱনটো যাক্‌’, ‘সংগ্ৰাম যদি জীৱনৰ এটি নাম’, ‘এন্ধাৰ কাতিৰ নিশাতে’ আদি গীতৰ মাজেদি তেওঁৰ বিদ্ৰোহী চেতনাই প্ৰাণ পাই উঠিছিল। এনেবোৰ গীতৰ সৃষ্টিৰ আঁৰত মানুহৰ প্ৰতি থকা তেওঁৰ গভীৰ আকুলতা আৰু সাম্যবাদী সমাজ গঢ় দিয়াৰ ধাউতি লুকাই আছিল।<ref name="বৈচিত্ৰ" />

==সমসাময়িক প্ৰসংগৰ মূৰ্ত প্ৰকাশ==
বিভিন্ন সময়ৰ বিভিন্ন ঠাইৰ দেশ-জাতিৰ লগত জড়িত কেতবোৰ ঘটনাই তেওঁক যি ৰূপে প্ৰভাৱান্বিত কৰিছিল তাৰ আধাৰতে তেওঁ কেইবাটাও গীত ৰচনা কৰিছিল। [[মহাত্মা গান্ধী]]ৰ বিয়োগত নিঠৰুৱা হোৱা ভাৰতীয় সকলৰ হৃদয়ত সৃষ্টি হোৱা শোকৰ বতৰা প্ৰকাশ হোৱা ‘তেৰশ চৌৱনৰ মাঘৰে মাহতে শুকুৰৰ বিয়লি বেলা’ শীৰ্ষক গীতটিয়ে হাজাৰজনৰ চকুলো বিয়পাইছিল। ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰোঁতে বহু ভাৰতীয় সৈন্য নিপাত হোৱা খবৰে তেওঁৰ অন্তৰাত্মা কঁপাই তুলিছিল। তেওঁ বীৰসকলৰ মৃতদেহ নিজ চকুৰে প্ৰত্যক্ষ কৰি শোকদগ্ধ হৈ এটি কালজয়ী গীত ৰচনা কৰিছিল:

কত জোৱানৰ মৃত্যু হ’ল?
কাৰ জীৱন যৌৱন গ’ল?
সেই মৃত্যু অপৰাজেয়?
তেনে মৃতক নহ’লো মই কিয়?

সমগ্ৰ অসমজুৰি আৰম্ভ হোৱা অসমীয়া ভাষা ৰক্ষাৰ আন্দোলনৰ সময়ত ড০ হাজৰিকাই কেইবাটাও গীতৰ মাধ্যমেৰে শান্তি আৰু অস্তিত্ব ৰক্ষাৰ জয়গান গাইছিল। এনে গীতসমূহত ঐতিহ্যপ্ৰীতি আৰু ভাষাপ্ৰেম প্ৰকাশ পাইছিল। অসম আন্দোলনৰ সময়ত আন্দোলনৰ পটভূমিতো কেইবাটাও উল্লেখনীয় গীত তেখেতে ৰচনা কৰিছিল। ‘আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান’, ‘শেষ সকীয়নি’, ‘আমি অসমীয়া নহওঁ দুখীয়া’ আদি গীতসমূহ এই ক্ষেত্ৰ উল্লেখযোগ্য।<ref name="বৈচিত্ৰ" /> 

==জনগোষ্ঠীয় জীৱনৰ প্ৰতিচ্ছবি==
জনগোষ্ঠীয় সমাজ জীৱনৰ চিত্ৰণ ড০ ভূপেন হাজৰিকাৰ বহু জনপ্ৰিয় গীতৰ ঘাই বিষয়। ভূপেন হাজৰিকাৰ এটা বৈশিষ্ট্য আছিল যে, তেওঁ য’লৈকে গীত যাবলৈ যায় সেই ঠাইৰ সমাজ সভ্যতা, কৃষ্টি-সংস্কৃতি, ভৌগলিক বিৱৰণ অধ্যয়ন কৰি ঠাইডোখৰৰপ্ৰতি সন্মানসূচক এটা গীত গাই সমাজখনক আপ্লুত কৰিছিল। অসম, অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আদি ঠাইত বসবাস কৰি থকা প্ৰায়বোৰ জনগোষ্ঠীৰ বিচিত্ৰ জীৱনৰ ৰেহ-ৰূপ, মাত-কথা, উৎসৱ-পাৰ্বণ আদিবোৰ তেওঁৰ গীতত প্ৰাণ পাই উঠিছিল। এনেধৰণৰ গীতৰ ভিতৰত ‘টিৰাপ সীমান্ত’, ‘কাঃ মঙাইহ চেঃ মিজোৰাম’, ‘দুয়োটি বাঁহী বাঁহৰে বাঁহী’, ‘খুবলেই শ্বিবুন’, ‘আশ্বিন মাসে দুৰ্গা পূজা’, ‘চিয়াঙৰে গালং’, ‘কহিমাৰে আধুনিকা ডালিমী’, ‘মিচিং ডেকাটি’, ‘শ্বিলঙৰে মনালিছা লিংডো’ আই গীতেই অন্যতম।
ভূপেন হাজৰিকাই প্ৰতিটো জনগোষ্ঠীৰে নিজা মাত কথা সুৰ আয়ত্ব কৰি গীতিকাৰজনে সাৱলীলভাৱে গীতবোৰত প্ৰয়োগ কৰিছিল। উদাহৰণস্বৰূপে – ‘মিচিং ডেকাটি’ গীতত এগে (মেখেলা), গোংগোং (গগনা), আবুং (নদী) শব্দবোৰ, ‘খুবলেই শ্বিবুন’ গীতটিত খুবলেই শ্বিবুন (ধন্যবাদ), ডিয়েংচি (সৰল গছ) আদি শব্দবোৰৰ প্ৰয়োগে গীতসমূহৰ মাধুৰ্য দুগুণে বৰ্দ্ধন কৰিছে।<ref name="বৈচিত্ৰ" /> 

==লোকগীত আধাৰিত গীতৰ শৰাই==
ভূপেন হাজৰিকাই আমাৰ সমাজখনত চলি থকা বনগীত, বিহুগীত, নিচুকনি গীত, গোৱালপৰীয়া গীত, কামৰূপী লোকগীতৰ আধাৰত নতুনকৈ গীত ৰচনা কৰি সুৰ সংযোগেৰে গাইছিল আৰু পুৰণি সুৰৰেও বহু গীত পৰিৱেশন কৰি গীতবোৰ জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ কণ্ঠত বিশেষকৈ কামৰূপী, [[গোৱালপৰীয়া লোকগীত]], বিহুগীত আদিয়ে অধিক প্ৰসাৰ লভিছিল। এনে গীতৰ ভিতৰত ‘ৰাধে ক’লা নুবুলিবা মোক’, ‘কানাই পাৰ কৰা হে’, ‘আৰে, গেইলে কি আসবেন’, ‘বন্ধুৰ বাৰীতে’ আদি অনেক গীতৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ কণ্ঠ নিগৰোৱা বিহুগীত সমূহৰ ভিতৰত ‘অ’ বিহুৰেও বিৰিণা অ’ আইতা/ অ’ নাচনীৰ কলাফুল লৰে’, ‘চৰাই চিকুণ অ’ লীলা ৰহিলা/ তেলীয়া সাৰেঙ অ’ লীলা ৰহিলা’ আদি গীতকেইটা বিপুল জনপ্ৰিয়তা আছে।<ref name="বৈচিত্ৰ" /> 

==শিশুবিষয়ক গীত==
ভূপেন হাজৰিকাৰ অনেক গীত আৰু আন ৰচনাৰ মাজেদি শিশুসকলৰো অকৃত্ৰিম, আলসুৱা ভাব-অনুভূতিৰ মূৰ্ত প্ৰকাশ ঘটিছে। তেখেতৰ গীতে-মাতে অ, আ, ক, খ শীৰ্ষক গ্ৰন্থখনেই তেওঁৰ শিশুপ্ৰেমৰ পৰিচয় বহন কৰে। ১৯৫৫ চনত তেওঁ ৰচনা কৰিছিল:

<poem>
::::::::::''ৰং কিনিবা কোনে''
::::::::::''ৰং কিনিবা কোনে? ''
::::::::::''মোনা ভৰাই ৰং আনিছোঁ''
::::::::::''কিনা মোনে মোনে।''
</poem>

==লগতে চাওক==
* [[ভূপেন হাজৰিকাৰ সাহিত্য]]
* [[ভূপেন্দ্ৰ সংগীত]]

==তথ্য সংগ্ৰহ== 
{{Reflist
|refs =


<ref name="বৈচিত্ৰ">
{{cite journal 
| title=ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়-বৈচিত্ৰ্য 
| author=প্ৰশান্ত বৰা 
| journal=অসম সাহিত্য সভা পত্ৰিকা 
| year=২০১২-১২ খ্ৰীষ্টাব্দ, 
| month=ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী মাহ 
| volume=ষট্‌ষষ্টিতম বৰ্ষ 
| issue=তৃতীয় সংখ্যা 
| pages=২১৫ৰ পৰা ২২৬ পৃষ্ঠালৈ 
| শক=১৯৩৩ শক: ৫৬৩ শংকৰাব্দ}}
</ref>

}}
[[শ্ৰেণী:অসমৰ সংগীত]]
[[শ্ৰেণী:ভূপেন হাজৰিকা]]