Revision 176971 of "জতুৱা ঠাঁচ" on aswiki

{{Wikify}}

'''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:wikipedia:Idiom| Idiom]] ।

==কেইটামান জতুৱা ঠাঁচ==

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। 
 
* অৱস্থা চাই ব্যৱস্থা   : চাই চিতি উপায় কৰা ।
* অকঁৰা মৈত উঠা   : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা ।
* অলপ ধতুৱা       : সাহ নথকা, ভয়াতুৰ ।
* আঁঠু কাঢ়         : আঁঠুৰে বুল । 
* আঁঠু ল           : মাটিত আঠু লগাই সেৱা কৰ ।
* আভুৱা ভৰা       : মিচা কথা কৈ দায় সৰা ।
* আকাশত চাং পতা  : অস্বাভাৱিক কল্পনা কৰা ।
* আলাশৰ লাড়ু      : অতি মৰমৰ ।
* এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান ।
* ওপৰ চকুৱা        : অসাৱধান বা বেহিচাপী লোক
* কপাল ফুটা        : দু্ৰ্ভগীয়া ।
* কপাল ফুলা        : সৌভাগ্যই লগ দিয়া ।
* কপাল ধো         : আশা এৰ 
* কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
* কঁকাল পৰ         : বুঢ়া হ
* কাণ কটা          : নিলাজ 
* কাণ দি            : মনোযোগ দি 
* কাণ চুই থ         : আগলৈ মনত ৰাখ
* কাণ চোৱাই থ      : মনত ৰাখিবলৈ কোনো কথা জনাই থ
* কাণত ধৰি ক       : শপত খাই ক
* কাণ সমনীয়া        : ডেকা
* কাণ বাগৰা         : লোকৰ মুখে শুনা
* কুকুৰে মৈ টনা
* খুজি কিল খোৱা     : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা ।
* গাত সৰিয়হ ফুটা
* গা এৰা দিয়া        : সম্পৰ্ক এৰা
* গাই বাই চোৱা       : চেষ্টা কৰি চোৱা
* গা ধৰা             : শকত হোৱা
* ঘৰ গোনা           : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
* ঘৰিয়ালৰ চকুপানী    : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।
* চকু চৰহা           : আনৰ ভাল দেখিব নোৱাৰা
* চকুত লগা           : ধুনীয়া হোৱা
* চকুৰ পচাৰতে        : নিমিষতে,তৎক্ষণাৎ
* চকুৰ কুটা দাতৰ শাল  : ঘোৰ শত্ৰু ।
* চুক ভেকুলী
* চুঙা চাই সোপা
* চালে-বেৰে কোবোৱা   : সামঞ্জস্যহীন
* ডলাৰ বগৰী          :
* তলে পুতল
* দাঁতে ওঁঠে নলগা      : সমূলি কাজিয়া নলগা
* দেশ চাইহে ভেশ
* ধোদৰ পছলা          : এলেহুৱা
* ধোঁৱাচাঙত তোল
* নপতা ফুকন          : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ ।
* নদন-বদন            : উভৈনদী ।
* নাদৰ/কুৱাৰ ভেকুলী
* পৰ্বতত কাছ কণী বিচৰা
* পাবত গজা            : মূল নোহোৱা
* পানীৰ তলৰ কাঁইট      : নেদেখা শত্ৰু ।
* পানীত হাঁহ নচৰা হোৱা  : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
* পানী মিঠৈ
* পাভ লুটি মৰা
* পেট চলা              : বেছিকৈ শৌচ কৰা
* পেট মচা : নুমলীয়া
* পেটতে হাত ভৰি লুকা   : বৰ ভয় কৰা
* পেটে ভাতে খা         : জমা নকৰাকৈ কোনো মতে খাই থকা
* পানীত পৰা            : অথলে যোৱা
* বাট চা                : অপেক্ষা কৰা
* বিনা মেঘে বজ্ৰপাত      : আগজাননী নোপোৱাকৈ অহা বিপদ ।
* বুৰেপিত শেলুক
* ভাত মোকলা           : জীৱিকাৰ উপায় উলিয়াই লোৱা
* ভাত ঘৰ               : বন্ধু/অতি আপোন মানুহৰ ঘৰ 
* মন কৰ               : ইচ্ছা কৰ,মনোযোগ দে
* মাটিৰ মানুহ            : অতি সহজ-সৰল মানুহ
* মূৰ খা                : মৃত্যুৰ কাৰণ হ
* মূৰ ঘমা               : বৰকৈ চিন্তা কৰা
* মূৰ পাতি লোৱা         : দায়িত্ব লোৱা
* মূৰ পোলোকা মাৰ/দে    : গা এৰা দে
* মূৰে ভৰি কঢ়া          : অতপালি কৰা, বিপৰীতে কাম কৰা
* মূৰে কপালে হাত দিয়া   : বিমোৰত পৰা, বৰ দুখ পোৱা
 
* হাত উজান দিয়া        : কামত সহায় কৰা
* হাত লৰ               : চোৰ স্বভাৱৰ
* হাত দীঘল             : ক্ষমতাশালী
* হাত সাৱটি থকা         : কাম নকৰাকৈ থকা 
* হাতে-ভৰিয়ে ধৰা        : কাবৌ কৰা
* হাতৰ মুঠিত ৰাখা        : অধীনত ৰাখা 
* হাত টান : কৃপণ  
* শেনৰ এজাত
* শেন চকুৱা
* শূণ্যত গদা ঘূৰোৱা
* সাত ঘাটৰ চেঙেলী       : অতি টেঙৰ ।
* সাত ঘাটৰ সৈয়াকণী 
* সাহেই সিদ্ধি

==লগতে চাওক:== 
*[[ফকৰা যোজনা]]

==তথ্য সংগ্ৰহ==
{{Reflist}}

[[Category:অসমৰ ভাষা আৰু লিপি]]
[[শ্ৰেণী:অসমীয়া ব্যাকৰণ]]