Revision 80602 of "কনচেং বৰপাত্ৰ গোহাঁই" on aswiki{{under construction}}
"আহোম স্বৰ্গদেউ চুকাফাই ১২২৮ খৃষ্টাব্দত অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে । ১২১৫ খৃষ্টাব্দত তেওঁ মাও লুং ৰাজ্যৰ পৰা আহোঁতে লগত ৯০০০ মানুহৰ সৈন্যদল এটি,বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামে দুজন মন্ত্ৰ্ৰীকে ধৰি ১৫ জন উচ্চ বংশীয় লোক, তিনি গৰাকী কুঁৱৰী,চোম দেৱতা এহাল হাতী,এটা হাতী মাউট আৰু ৩০০ ঘোঁৰা তেওঁৰ লগত আনিছিল । চৰাইদেউত ৰাজধানী স্থাপন কৰি চুকাফাই ১২৬৮ খৃষ্টাব্দলৈকে শাসন কৰিছিল । চুকাফাৰ পাছত তেৰ জন স্বৰ্গদেৱে শাসন কৰাৰ পাছত ১৪৯৩ খৃষ্টাব্দত চুপিমফা স্বৰ্গদেৱে সিংহাসনত আৰোহণ কৰে । স্বৰ্গদেৱে বানফেৰা নক্টে খুনবাও নমে এজন নগা ৰজাৰ লগত নোৱাই ধোৱাই সখী কৰিছিল । এই নগা ৰজা জনৰ নাম আছিল কাৰঙ্গপা ।এদিনাখন কাৰঙ্গপাই চুপ্ৰিম্ফাক কৰ সোধাবলৈ আহোঁতে চুপ্ৰিম্ফাই তেওঁক ৰাজ কাৰেংত ৰাখি একেলগে খোৱা বোৱা কৰিলে । চুপ্ৰিমফাই নগা ৰজাৰ লগত ভাত খাই থাকোতে চুপ্ৰিম্ফাৰ চমুৱা কুঁৱৰী এজনীয়ে নগা ৰজাক জুমি চাইছিল । ৰজাই খাই বৈ উথি ভিতৰলৈ যোৱাত সেই কুঁৱৰী গৰাকীয়ে স্বৰ্গদেৱক নগা ৰ্জাজন দেখিবলৈ ভাল বুলি কোৱাত স্বৰ্গদেউৰ খং উঠি নগা ৰজাৰ প্ৰতি মন সোমোৱাত চমুৱা কুঁৱৰী গৰাকীক নগা ৰজাক দি দিলে ।সেই সময়ত কুঁৱৰী গৰ্ভৱতী আছিল কাৰণে নগা ৰজাই নিব নুখুজিছিল যদিও ৰজাই বৰকৈ কোৱাত লৈ যাবলৈ বাধ্য হ’ল । নগা চাঙত এই কুঁৱৰী গৰাকীৰ এটি ল’ৰা জন্ম হ’ল । ইয়াৰ পাছত ১৪৯৭ খৃষ্টাব্দত চুহুংমুং বা দিহিঙ্গীয়া ৰজা আহোম সিংহাসনত আৰোহণ কৰে । এইগৰাকী স্বৰ্গদেৱে ১৫৩৯ খৃষ্টাব্দলৈকে শাসন কৰিছিল । এই গৰাকী স্বৰ্গদেউৰ দিনত নগা চাঙৰ পৰা চমুৱা কুঁৱৰীৰ পুতেকে আহোম ৰাজধানীলৈ কৰ সোধাবলৈ আহোতে দিহিঙ্গীয়া ৰজাই এই ল’ৰাটিৰ গাত ৰাজকীয় তেজ দেখি তাৰ আতি-গুৰি জানিব পাৰি তেওঁ গোঁহাই আৰু বৰগোঁহাইৰ লগত আলোচনা কৰি ভবিষ্যতে আহোম ৰাজ্যৰ বিপদৰ আশংকা কৰি এই ল’ৰাটিক কনচেং নাম দি বৰপাত্ৰ গোঁহাইৰ বাব দিলে । বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সৈতে এওঁৰ সমান মৰ্যদা হ’ল । হিতেশ্বৰ বৰবৰুৱাই তেওঁৰ পুথি “আহোমৰ দিন”ত কনচেংৰ জন্ম সম্পৰ্কে তিনিটা মতামত দিছে । ওপৰত উল্লেখ কৰা কনচেংৰ জন্ম কথা বুৰঞ্জীবিদ কাশীনাথ তামুলীফুকনে সমৰ্থন কৰিছে । পৰৱৰ্তী লিখক যেনে - ৰায়চাহাব পদ্মনাথ বৰুৱায়ো তামুলীফুকনৰ মতামতকে সমৰ্থন কৰিছে ।
দিহিঙ্গীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰি চুতীয়া ৰজা চন্দ্ৰ নাৰায়ণ আৰু তেওঁৰ খুলশালী সাধক নাৰায়ণক পৰাজিত কৰি গোটেই চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্গত কৰে আৰু চুতীয়া ৰাজ্য শাসন কৰিবৰ কাৰণে শদিয়াখোৱা গোঁহাই নামে এটি নতুন বিষয়াৰ সৃষ্টি কৰে । ইয়াৰ পাছত দিহিঙ্গীয়া ৰজাই নিজৰ ৰাজ্যৰ সীমা বৃদ্ধি কৰিবৰ কাৰণে আহোম ৰাজ্যৰ পশ্চিম ফালে থকা কছাৰী ৰাজ্য জয় কৰিবলৈ মন কৰে । কছাৰী ৰাজ্য জয় কৰিবলৈ কনচেং বৰপাত্ৰগোঁহাইৰ অধীনত এদল আহোম সৈন্য কছাৰীৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’ল । কনচেং বৰপাত্ৰ ই প্ৰথমতে চুহেনফা স্বৰ্গদেউৰ দিনত ১৪৬৮ খৃষ্টাব্দত কছাৰী সকলে দখল কৰি লোৱা দিখৌ নৈৰ পূবপাৰৰ মাটিখিনি কছাৰী সকলৰ হাতৰ পৰা উদ্ধাৰ কৰি তেওঁ নামদাংলৈকে কছাৰী সকলক পিছুৱাই যাবলৈ বাধ্য কৰালে । নামদাংৰ পৰাও আকৌ কছাৰীসকলক যুদ্ধত হৰুৱাই দেৰগাঁও পোৱালেগৈ । দেৰগাঁও কছাৰী সকলে এৰি দিবলৈ মান্তি নোহোৱাত তেওঁ বুদ্ধিৰে বিনাযুদ্ধে কূটনীতিৰে দেৰগাঁও কছাৰীসকলৰ হাতৰ পৰা দখল কৰিলে । ইয়াৰ পাছত কছাৰী সকলৰ ঘাটি মৰঙ্গী আহোমক এৰি দি ধনশিৰি পাৰ হৈ থাকিলেগৈ । ইয়াৰ পাছত ১৫২৬ খৃষ্টাব্দত পুনৰ আহোম আৰু কছাৰী যুদ্ধ হয় আৰু এই যুদ্ধত কছাৰীয়ে জয় লাভ কৰে । ইয়াৰ পাছত ১৫৩১ খৃষ্টাব্দত আহোম সেনাই কছাৰীৰ বিৰুদ্ধে অভিযান চলাই দুখন ৰণত কছাৰী সেনাক পৰাজিত কৰি আহোম সেনাই কছাৰীৰ ৰাজধানী ডিমাপুৰ অধিকাৰ কৰে । ইয়াৰ পাছত কছাৰী সকলে আহোম ৰজাৰ লগত মিত্ৰতা কৰি অহোমৰ তলতীয়া ৰজা হিচাপে থাকিবলৈ বাদ্ধ্য হয় ।
১৫২৭ খৃষ্টাব্দত মুছলমানসকলে প্ৰথমবাৰৰ কাৰণে আহোম ৰাজ্য আক্ৰমণ কৰাত দিহিঙ্গীয়া ৰজাই কনচেং বৰপাত্ৰগোহাঁই অধীনত এদল আহোম সেনা মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠায় । প্ৰথমতে মুছলমান সেনা বুৰৈ নদীৰ মুখত আহোম সেনাৰ লগত পৰাজিত হ’লেও পুনৰ মুছলমান সেনা ব্ৰক্ষ্মপুত্ৰ ইদি উজাই আহি তেমনি পায়হি । মুছলমান সেনাই শিঙ্গৰিত থকা আহোমৰ শিবিৰ আক্ৰমণ কৰাত দুয়োপক্ষৰ মাজত তয়াময়া ৰণ লাগে । এই যুদ্ধত মুছলমান সেনাপতিৰ মৃত্যু হয় আৰু বহুত মুছলমান সেনা আৰু যুদ্ধৰ আহিলা-পাতি আহোমৰ হাতত পৰে । কনচেং বৰপাত্ৰ গোঁহায়ে অতি দক্ষতাৰে যুঁজ কৰি যুদ্ধত জয় লাভ কৰা কাৰণে আহোম স্বৰ্গদেৱে আনন্দতে বৰপাত্ৰগোঁহাইক এজনী ছোৱালী উপহাৰ দিয়ে । আৰু আন আন বিষয়া বোৰকো যথাযোগ্য পূৰস্কাৰ দিয়ে ।
১৫৩২ খৃষ্টাব্দত তুৰ্বক নামৰ এজন মুছলমান সেনাপতিয়ে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰে । এই যুদ্ধৰ বিৰুদ্ধে পুনৰ এটি আহোম বাহিনী মুছলমানক বাধা দিবৰ বাবে অগ্ৰসৰ হয় । আৰম্ভণিতে মুছলমান সেনাই আহোম সেনাক পৰাজিত কৰে আৰু ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি আঠজন আহোম সেনাপতি এইযুদ্ধত মৃত্যু হয় । এই যুদ্ধত জয় লাভ কৰি মুছলমান সেনা কলিয়াবৰত চাউনি পাতি থাকিবলৈ লয় । এইবাৰ মুছলমান সেনাৰ বিৰুদ্ধে দিহিঙ্গীয়া ৰজাৰ বৰপুত্ৰৰ নেতৃত্বত এদল আহোম সেনা মুছলমানৰ বিৰুদ্ধে অগ্ৰসৰ হয় । সলাত দুয়োদলৰ মাজত অনুষ্ঠিত যুদ্ধত অৱশেষত নৌ যুদ্ধত আহোম সেনাৰ জয় লাভ হয় । ইয়াৰ পাছত বঙ্গৰ নবাব হুছেইন খাঁৰ নেতৃত্বত অহা এদল মুছলমান সেনাই তুৰ্বকৰ লগত যুগ দিলেহি । তেওঁলোক আহি দিকৰাই নদীৰ মুখত কোঠ মাৰি ৰ’ল । অৱশেষত প্ৰথমতে আহোম সকলে যুদ্ধ আৰম্ভ কৰি কেইবাখনো যুদ্ধত মুছলমানক পৰাস্ত কৰে । দুয়োপক্ষৰ মাজত ভৰলী নৈৰ দাঁতিত শেষ যুদ্ধখন হয় । কথিত আছে যে এই ৰণতেই ফ্ৰাচেনমুং বৰগোঁহাইৰ বিধবা পত্নী মূলাগাভৰুৱে স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল’বৰ মনেৰে অসীম সাহসেৰে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰি অৱশেষত তুৰ্বকৰ হাতত প্ৰাণ এৰে । এই যুদ্ধত আহোম সেনাপতি আছিল কনচেং বৰপাত্ৰগোহাঁই । তুৰ্বকে নিজেই ঘোঁৰাৰ ওপৰত উঠি যুদ্ধ চলাওঁতে আহোম সেনাৰ যাঠিৰ খোচ খাই মাটিত পৰি যোৱাত কনচেং বৰপাত্ৰগোহাঁয়ে নিজহাতে তুৰ্বকৰ মূৰটো কাটি হাতত লয় । তেতিয়া মুছলমান সেনা যুঁজত হাৰি পলাবলৈ ধৰিলে । আহোম সেনাই মুছলমান শেনাক পাছে পাছে খেদি নি কৰতোৱা নদী পাৰ কৰি থৈ আহিল আৰু সেনাপতি হুছেইন খাঁক খণ্ড-বিখণ্ডকৈ কাটিলে । পুনৰ ১৫৩২-৩৩ চনত তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰাত কনচেং বৰপাত্ৰগোহাঁইৰ আৰু চন্খাম বৰগোহাঁইৰ অধীনত আহোম সেনাই মুছলমান সেনাক সম্পূৰ্ণভাৱে পৰাজিত কৰি পাছে পাছে খেদি নি কৰতোৱা নৈ পাৰ কৰি থৈ আহে ।
আহোম ৰাজ্যৰ সীমা বঢ়োৱাৰ ক্ষেত্ৰত দিহিঙ্গীয়া ৰজাই লোৱা পদক্ষেপত কনচেং বৰপাত্ৰগোহাঁয়ে মূখ্য ভূমিকা লৈছে । বিভিন্ন সময়ত সামৰিক অভিযানৰ নেতৃত্ব দি তেওঁ অতি তীক্ষ্ণ সমৰ কৌশলৰ পৰিচয় দি গৈছে । তেওঁৰ দক্ষতা যুদ্ধ পৰিচালনা কৰাতেই সীমাবদ্ধ নাছিল ; তেওঁ বুদ্ধিতো আছিল বৃহস্পতি । এনে বুদ্ধিৰ ফলতেই কেইবাখনো লাগিব লগা যুদ্ধ এৰাই চলিব পাৰিছিল আৰু শত্ৰু পক্ষয়ো নিজৰ ৰাজ্য আহোমক বিনাযুদ্ধে এৰি দি মিত্ৰতাৰ ডোলেৰে বান্ধ খাই পৰিছিল । কছাৰী ৰজাৰ লগত থকা দীৰ্ঘদিনীয়া বিবাদ তেওঁৰ দিনত সামৰণি পৰাই নহয় চুতীয়া আৰু কছাৰী দুয়োখন ৰাজ্য এওঁৰ দিনতেই আহোম ৰাজ্যৰ অধীন হয় । এওঁৰ সামৰি দক্ষতা কছাৰী আৰু মোগলৰ লগত হোৱা ৰণতহে প্ৰকাশ পায় ।
কনচেং হ’ল বৰপাত্ৰগোহাঁইৰ বিষয়খোৱা প্ৰথমজন ডাঙৰীয়া । নগা চাঙত জন্ম লাভ কৰি ডাঙৰ দীঘল হৈছিল কাৰণে এইজনা ডাঙৰীয়াৰ বংশধৰক নগাঘৰীয়া বৰপাত্ৰগোহাঁই বুলি কোৱা হয় ।দিহিঙ্গীয়া ৰজাৰ দিনত এওঁ বৰপাত্ৰগোহাঁই ডাঙৰীয়া বিষয় খাইছিল । তেতিয়া আহোম ৰাজ্যৰ ৰাজধানী আছিল ব্ৰক্ষ্মপুত্ৰৰ সমীপৰ চৰগুৱাত ।
কছাৰী ৰাজ্য , চুতীয়া ৰাজ্য দখল কৰাৰ পাছত তিনিজনা প্ৰধান ডাঙৰীয়া আৰু তেওঁলোকৰ বংশধৰ সকল থকা ঠাই নিৰ্দ্ধৰণ কৰা হৈছিল । বুঢ়াগোহাঁই আৰু বৰপাত্ৰগোহাঁই দিখৌ নৈৰ উত্তৰ পাৰে আৰু বৰগোহাঁইক দক্ষিণ পাৰে খটপাম দি সংস্থাপন দিছিল । বৰপাত্ৰগোহাঁইৰ বাসস্থান আছিল শিৱসাগৰ মহ্কুমাৰ কেন্দুগুৰিত । এই ঠাই শিৱসাগৰ জিলাৰ বেটবাৰী মৌজাত । এই স্থান গড়গাঁৱৰ পৰা ৮ কিলোমিটাৰ উত্তৰে দিচাং নৈৰ দক্ষিণ পাৰে হাৰিপৰা আলিৰ কাষত আৰু শিৱসাগৰ নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ উত্তৰ-পূবত । <ref> History of Assam – Edward Gait</ref><ref>অসম দেশৰ বুৰঞ্জীঃ ড০ লক্ষী দেৱী </ref> <ref>আহোমৰ দিনঃ হিতেশ্বৰ বৰবৰুৱা</ref> <ref> কনচেং বৰপাত্ৰগোহাঁইঃ দিলীপ কুমাৰ বুঢ়াগোহাঁই </ref> "
==তথ্যসূত্ৰ==
<references/>All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=80602.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|