Revision 80645 of "কৃষিজীবি অসমীয়া আৰু বিহু" on aswiki{{db|মৌলিক গৱেষণা সমৃদ্ধ লেখা}}
অতীজৰে পৰাই অসমীয়া মানুহ কৃষি কাৰ্য্যৰ লগত ওতঃপ্ৰত ভাবো জড়িত। এই কৃষি কাৰ্য্যৰ লগত সংগতি ৰাখিয়েই অসমীয়াই বাপতি-সাহন বিহু বছৰটোৰ তিনিটা সন্ধিক্ষণত কৃষি প্ৰধান অঞ্চল অসমৰ ৰাইজে বিহু তিনিটি বুলিয়েই পালন কৰি আহিছে। বসন্ত ঋতুত কুলি-কেতেকীৰ মাতে বতাহত উৰি ফুৰা কপৌফুল, কেতেকী ফুলৰ সুবাসে, গছ-বননিৰ কুমলীয়া পাতৰ জিৰজিৰ শব্দই অসমীয়া ডেকা গাভৰুৰ মনলৈ কঢ়িয়াই আনে অনন্দৰ জোৱাৰ। আৰু লগতে সোঁৱৰাই দিয়ে বিহুৰ আনন্দ-উল্লস সামৰি কৃষিত কৰ্মত ব্যস্ত হোৱাৰ সময় সমাগত বুলি। বহাগ বিহুৰ আগে-পিছে এই সময়ছোৱাতে খেতিৰ মাটিত পানীয়ে মৰাৰ ভয় থাকে বাবে বাওধান সিঁচাৰ কাম আৰম্ভ কৰে। গ্ৰীষ্ম কালৰ প্ৰচণ্ড উত্তপ, প্ৰখৰ ৰদ, ধৰাসাৰ বৰষুণকো নেওচি খেতিয়কে মাটি হালবাই চহাই, কঠীয়া পাৰি, ভুই ৰুই বা মাটি ৰুই খেতি পথাৰ ভৰাই তোলে। জমাহৈ থকা পানীৰ খজুৱতি, মহ-ডাঁহ, জোক আৰু কত যে কিমান পোক-পৰুৱাৰ অত্যাচাৰকো উলাই কৰি খেতিয়কে হালবাই খেতিৰ মাটিডৰা বোকা কৰি দিয়া মাটিত ৰোৱনীয়ে ধূলিয়া কঠিয়া কোৱাই তুলি মাটিডৰা ৰুই সৰ্ম্পূন কৰে। এনেকা ৰুই থৈ অহা কঠীয়াই এটা সময়ত সজাল ধৰে। সজাল ধৰা ধানগছে গোটেই পঠাৰখন সেউজীয়া কৰি তোলা দৃশ্য অতি সুন্দৰ আৰু মনোমোহা হৈ পৰে। এই সেউজীয়া পথাৰ খন চায়েই কৃষকে সন্তোষ লাভে আৰু মনত বহু কল্পনাও কৰে যে উত্পাদিত শস্য বিক্ৰি কৰি বছৰটোৰ বাবে ঘৰৰ লগতীয়াল বয়বস্তু যোগাৰ কৰিব। সেয়ে খেতিত যাতে পোক নালাগে, ঘাঁহ জাতীয় উদ্ভিদে চানি নেপেলাই তাৰ বাবে যত্ন লয়। খেতিৰ মাটিত পচতিয়া গছৰ পাত, ৰবাব টেঙাৰ বাকলি, পেনাই আদি চতিয়াই।ভাদ-আহিন মাহ মানৰ পৰা ধানৰ গেৰ ধৰা দেখা যায়। কাঁতি-আঘোন মাহৰ পৰা খেতিয়কৰ মন আনন্দৰে ভৰি পৰে, খেতি কৰোতে হোৱা সকলো দুখ কষ্ট পাহৰি যায় নিজ হাতে গঢ়িতোলা ধাননি পথাৰ খন দেথি। আহিন আৰু কাতিৰ সংক্ৰান্তিতে কাতি বিহু পৰে। কাতি বিহুৰ দিনা পথাৰত বন্তি প্ৰজলন কৰে যাতে খেতিডৰা ৰক্ষা পৰে। তাৰোপৰি কাতি বিহুত নিজৰ খেতিপথাৰত বন্তি প্ৰজলন কৰি লক্ষী দেৱীক আৰাধানা কৰাটো অতীজৰে পৰাই চলি অহা অসমীয়াৰ পৰম্পৰা ।আহিন কাতি মাহতে খেতিয়কে ধান থৱৰ বাবে ঘৰৰ ভড়াঁল আজৰাই মেৰামতি কৰি তোলে। আঘোন মাহৰ কোনোৱা এটা ভাল দিন চাই ধানৰ আগ আনি ভঁড়ালত থয় আৰু মিতিৰ কুটুমৰ আৰু গাঁৱৰ বন্ধু বৰ্গক লৈ সেই ধানৰ চাউলেৰে ন-খোৱা ভোজ পাতে। কাৰণ পুহমাহ সোমালে ন-খাৱ নাপাই।
আঘোনৰ আৰম্ভনিৰ পৰাই খেতিয়কৰ গাত তত নাইকিয়া হৈ পৰে, ধানকটা, মৰণা মৰা, খেৰ শুকুৱাই খেৰৰ মেজি সজা, কেঁচা ধান বোৰ ৰদৰ তাপত শুকুৱাই ভঁড়ালত সুমুৱাব লাগে। এনেদৰে ধান কটা মাৰা কামবোৰ মাঘবিহুৰ আগলৈকে খৰধৰকৈ কৰি সমাপ্ত কৰে। খেতিপথাৰৰ সকলো কামবন সামৰি পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা মাঘবিহু পাতে। উৰুকাৰ দিনা মেজিঘৰ বা ভেলাঘৰ সাজি সকলোৱে একেলগে নিশাৰ ভাগত ভোজভাত খাই ৰাতিটো ৰং-ৰহস্য কৰি দোকমোকালিতে সকলোৱে নদী বা পুখুৰীত গা-ধুই আহি মেজি জ্বলাই অগ্নি দেৱতাক পূজা-অৰ্চনা কৰে।উৰুকাৰ নিশা জীয়াৰি বোৱাৰি সকলোৱে ওৰেটো ৰাতি উজাগৰে থাকি বিহুৰ বাবে বিভিন্ন পিঠা-পনা বনাই। বিহুৰ পাছৰ দিনা বিভিন্ন ধৰনৰ খেল ধেমালিও অনু্ষ্ঠিত হয়-কণীযুজ, মহৰ যুজ, কুকুৰা যুজ, বুলবুলি চৰাইৰ যুজ। এইদৰে বছৰটোৰ শেহতীয়া জাতীয় উত্সৱ পালন কৰে কৃষিজীবি অসমীয়া মানুহে। বিহুৰ পাছৰে পৰা কৃষক ৰাইজ সাজু হয় খেতিৰ কৰিবৰ কাৰণে।মাঘ মাহৰ শেষৰ ফালে ভাল দি বাৰ চাই হালজোৰিবলৈ ঠিৰাং কৰে। প্ৰথম হালবোৱাৰ দিনা সোনৰ অলংকাৰ ধুই সেই পানীৰে নাঁঙল আৰু যুৱলিত চতিয়াই সোধন কৰি লয়। এই কামটোক মাংগলিক কাৰ্য্য হিচাপে খেতিয়কে গণ্য কৰে।All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?oldid=80645.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|