Revision 80658 of "অসমীয় নাৰীৰ ব্যস্ততা" on aswiki

{{db|মৌলিক গৱেষণা সমৃদ্ধ লেখা}}
==প্ৰথম ভাগ==অসমীয়া নাৰীৰ ব্যস্ততাঃ- আগকথাঃ-সময়ৰ সদ ব্যৱহাৰ আৰু সফলতাৰ আৰত কঠোৰ পৰিশ্ৰম বা ব্যস্ততা নিহিত হৈ থাকে। সময়ৰ লগত খোজত খোজ মিলাই আগুৱাই যাৱলৈ অসমীয়া নাৰীও পিছ পৰি থকা নাই । লক্ষ কৰিলে দেখা যায় যে –অতীজৰ পৰাই অসমীয়া নাৰীয়ে সকলো কামতে দক্ষতাৰ প্ৰমান দি আহিছে। তাহানিৰ আহোম স্বৰ্গদেউ সকলৰ দিনত নাৰী সকলে নিজৰ স্বামীক যুদ্ধত জয়ী হৱলৈ মনেপ্ৰাণে সাজু কৰি তোলাৰ লগতে ৰাতিটোৰ ভিতৰতে তঙালী বৈ উলিয়াই দক্ষতা চিন দি থৈ গৈছে।সময় পৰিবৰ্তনশীল-সময়ৰ লগতে সকলো, প্ৰকৃতি,মানুহ, জলবায়ু সকলো আজি সলনি হৈছে। বিজ্ঞানে সকলোকে এফালৰ পৰা গ্ৰাস কৰি আনিছে। পৃথিবী খনক ৰিঙি এটাৰ বাটত পৰিণত কৰিলে। সময়ৰ তুলাচনীত ব্যস্ত নাৰীৰ অতীত আৰু বৰ্তমানঃ-অসমীয়া সাংস্কৃতিৰ ভঁড়াল টনকিয়াল কৰা বিভিন্ন লোকাচাৰ তথা লোক-উত্সৱ সমূহত ব্যস্ত অসমীয়া নাৰীয়ে নিজকে বিলীন কৰি দিয়ে।ফলস্বৰূপে অসমীয়া নাৰীৰ পথাৰৰ কঠিয়া ৰোৱা, ধান কটা কামৰ পৰা ঘৰুৱা কামকাজৰ লগতে বোৱা-কটা, বিভিন্ন খাদ্য প্ৰস্তুত কৰালৈকে ব্যস্ততাৰ সীমা নাই।উদাহৰণ স্বৰূপে-অসমীয়াৰ প্ৰধান জলপান পিঠাগুড়ি হল খাদ্য সম্ভাৰৰ আন এক সুকীয়া জলপান। বিভিন্ন তৰহৰ পিঠাগুড়ি-সান্দহেৰে আলহী-অতিথিক শুশ্ৰুষা কৰি নিজৰ গভীৰ আতিথ্যপূৰ্ণ সহূদয়তা প্ৰকাশ কৰে অসমীয়া জীয়াৰী-বোৱাৰীয়ে। ইয়াৰ উপৰিও আৰু অনেক খাদ্যসম্ভাৰেৰে পৰিপুষ্ট কৰি তোলে প্ৰতিজন অসমীয়া মানুহৰ ঘৰৰ ভঁড়াল।অসমীয়া সমাজৰ এক অতিকৈ আপোন বস্তু হল ঢেঁকী। ঢেঁকীৰ জৰিয়তে আগৰ অসমীয়া তিৰোতাই ধানৰ পৰা চাউল কাঢ়ি সেই চাউলৰ পিঠাগুড়ি কৰি নানা তৰহৰ পিঠা-পনাৰ যোগাৰ কৰিছিল।বৰ্তমান ঢেঁকী যেন অলাগতিয়াল বস্তুহৈ পৰিছে। বিজ্ঞানৰ চমকপ্ৰদ বস্তুৱে আৰাম আৰু কম সময়ৰ ভিতৰতে ভাল বস্তু উতপাদন কৰাৰ সজুলি আজি আমাৰ সমাজত প্ৰচাৰ হোৱাৰ ফলত যেন ঢেঁকীৰ চাহিদাও কমি আহিবলৈ ধৰিছে। অসমীয়া গাঁৱৰ মানুহে বিহুৰ আগৰ পৰাই নানা কেইবিধ খাদ্য সম্ভাৰ বনোৱাত ব্যস্ত হৈ পৰে। এই ক্ষেত্ৰত জীয়াৰী-বোৱাৰী অধিক তত্পৰা আছিল।অসমীয়া সমাজত পুৰুষৰ স্থান আগত আছিল যদিও এই ক্ষেত্ৰত নাৰী ভালেখিনি আগবঢ়া। ৰন্ধা-বঢ়া, ডাঙৰৰ আল-পৈচান ধৰা, চাহ-জলপানৰ ব্যৱস্থা কৰা, সন্তানৰ যত্ন লোৱাকে আদি কৰি এশ-এবুৰি কামৰ মাজতো অসমীয়া নাৰীৰ বিহুৰ কেইদিন যেন ব্যস্ততা অলপ বাঢ়ি যায়। আলহি-অতিথিক শুশ্ৰুষা কৰি তেওঁলোকৰ সকলোবোৰ দায়িত্ব নাৰীয়ে মূৰ পাতি লৱ লগা হয়। সেইবাবেই হয়তো কোৱা হয় নাৰী ঘৰখনৰ নাইখুটা বুলি।
আগৰ তুলনাত বৰ্তমান বিহুৰ ব্যস্ততা তথা অসমীয়া নাৰীৰ ব্যস্ততা যেন ক্ৰমাত বহুখিনি কমি গৈছে। বজাৰত উভৈনদী পিঠা-পনাৰ আধিক্যই আজিৰ মানুহক কৰি তুলিছে এলেহুৱা। এসময়ৰ বহুবিধ পিঠা-পনা আজি পাহৰণিৰ গৰ্ভত বিলীন হৈ গল। পুৰণি অসমীয়া জীয়াৰী –বোৱাৰীয়ে অনেক কষ্টৰে নতুন নতুন পিঠাৰ সৃষ্টি কৰি এক সৃজনীশীল মনৰ পৰিচয় দাঙি ধৰিছিল। সান্দহ বা চিৰা-পিঠাৰে ঘৰৰ সন্মানীয়, ডাঙৰজনক জলপান দিছিল। পৰিয়ালৰ লাইখুঁটা হোৱা বাবেই হয়তো নাৰীৰ ব্যস্ততা বেছি। কেৱল বিহুৱেই নহয়, বৰঞ্চ ঋতুভেদে আমাৰ মাজলৈ অহা যিকোনো পূজা-পাতল বা উত্সৱ-অনুষ্ঠানত নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। ঘৰ সজোৱাৰ পৰা আৰম্ভ কৰি আলহী-অতিথিক আপ্যয়িত কৰালৈকে নাৰীৰ অৱদান অপৰিসীম। ইয়াৰ উপৰিও যিকোনো অনুষ্ঠানত পিঠা-লাড়ু বনোৱা এটি প্ৰধান কাম অসমীয়া সমাজত বিশেষকৈ গাওঁ অঞ্চলত ইয়াৰ প্ৰাধান্য বেছি। গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে অলপো এলাহৰ ভাব মনলৈ ননাকৈয়ে এই সকলোবোৰ কাম সম্পাদন কৰিছিল। সেয়ে তুলনামূলক ভাবে বৰ্তমানৰ অসমীয়া সমাজৰ চিত্ৰখনি সৰ্ম্পূন পৃথক।সৃষ্টিৰ সফলতাত, কৃতকাৰ্য্যতাৰ আনন্দত কৃষিজীৱী মানুহে মনৰ আনন্দ প্ৰকাশ কৰিছিল বিহু তথা আন আন উত্সৱ-পাৰ্বণৰ যোগেদি।সেই সময়ত পথাৰৰ লখিমী ঘৰলৈ অনাৰ পিছৰে পৰা মাঘৰ ভোগালী বিহুলৈকে মানুহ কৰ্মব্যস্ত হৈ পৰিছিল। পথাৰত বিভিন্ন ধৰণৰ ধানৰ খেতি কৰি তাৰ পৰা পোৱা ফলেৰে বিহুৰ যা-যোগাৰ কৰিছিল। ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে প্ৰতিটো ক্ষণেই আনন্দৰে পুৰাই পেলাইছিল। ইঘৰে সিঘৰলৈ গৈ বস্তুৰ যোগাৰ ধৰিছিল। এটা সময় আছিল আনকি পাকঘৰৰ আখলৰ জুইডলো চাকি এটা হাতত লৈ কাষৰ ঘৰৰ পৰা আনিছিলগৈ। বৰ্তমানৰ দৰে সেইসময়ৰ মানুহবোৰ স্বাৰ্থপৰ নাছিল, নাছিল তাহানিৰ দিনৰ মানুহৰ মাজত জাত-পাতৰ বিভেদ। বৰ্তমান যাৰ বস্তু আছে সিয়ে ভোগ কৰিব আৰু যাৰ একো নাই সি পেটত গাঁঠি মাৰি শুই থাকিব। সেইসময়ৰ ধনী মানুহে দুখীয়া মানুহবোৰক যথেষ্ট পৰিমানে সহায়-সহযোগ কৰিছিল। উদাৰ মনৰ সেই মানুহখিনি আছিল বিশাল মনৰ আৰু ইজনে সিজনক বৰ আন্তৰিকাতাৰে গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত জীয়াৰী-বোৱাৰীয়ে গুৰুদায়িত্ব পালন কৰিছিল, কিয়নো খৰৰ ভঁড়ালৰ চাবি যিহেতু নাৰীৰ হাততেই আছিল আৰু তেওঁলোকেই ইজনে-সিজনক সহায়-সহযোগিতা কৰিছিল। কাৰণ পুৰুষসকল বিভিন্ন উত্পাদনক্ষম কাৰ্য্যৰ লগত জড়িত হৈ পৰিব লগা হৈছিল আৰু নাৰীয়ে সেই বস্তুৰ পৰিচালিকাৰ কাম কৰিছিল।বৰ্তমান সকলো উত্সৱ-পাৰ্বণ, বন্ধুত্ব, আন্তৰিকাতবোৰ যেন লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিলে। এতিয়া কেৱল পুৰুষ নহয়, নাৰীসকলৰ মাজতো সেই আন্তৰিকাতা নাই। চহৰমুখী সভ্যতাই আজি গাঁৱক কুঠাৰঘাত কৰিছে।যেতিয়া বিহু আহিছিল, তেতিয়া নাৰী সকলৰ ব্যস্ততা অন্ত নাছিল। ৰং-ৰহস্যৰ মাজতেই তেওঁলোকে পিঠাগুড়ি, সান্দহ, ধান-চিৰা খুন্দাৰ মাজতে ঢেঁকীশালতেই আড্ডাও মাৰিছিল। সেই ঢেঁকীশালত কিন্তু পুৰুষৰ আগমন নিষিদ্ধ আছিল, কিয়নো জীয়াৰী-বোৱাৰীয়ে যিবোৰ কথাৰ মহলা মাৰিছিল তাৰ ভাগ পুৰুষসকলক নিদিছিল। ইয়াৰ যোগেদি তেওঁলোকৰ মাজত সহূদয়তাৰ এনাজৰীডাল কটকটীয়া হৈ পৰিছিল।
অসমীয়া নাৰীৰ এনে বাহুতো গোপিনীমেলত নগৰিতা হোৱা বহু কথা, ঢেঁকীশালৰ ঢেঁকীটো, জীয়াৰী-বোৱাৰীৰ আন্তৰিকতাবোৰ আজি যেন কৰবাত হেৰাই গল। কৰ্মব্যস্ততাময় জীৱন যাত্ৰাত বজাৰমুখী সভ্যতাৰ মাজত আজিৰ অসমীয়াই নিজকে বিলীন কৰি দি নিজৰ সভ্যতা-সাংস্কৃতিক যেন উপলুঙা কৰিছে।বহু সংখ্যক নাৰীয়েই এতিয়া ঘৰুৱা কাম বনক উলাই কৰি নিজৰ ৰূপ-যৌৱনক কিদৰে সৌন্দৰ্য্যৰ জালেৰে বান্ধি ৰাখিব পাৰি তাৰেই চেষ্টাত যেন দিনে ৰাতিয়ে প্ৰতিযোগিতাতহে নামিছে তেনে লাগে।আনহে নালাগে কোনো কোনোৱে এতিয়া নিজৰ পৰিয়াল, পুত্ৰ-কণ্যা সকলোকে উপলুঙা কৰি আভিজাত্যৰ সন্ধান কৰোতে কৰোতে কথাবতৰা, চালচলন, সাজ-সজ্জাকে আদিকৰি সকলো পশ্চিমীয়া সংস্কৃতিৰ মোহত মোহাচন্ন হৈ পৰিছে।এই কথা নুই কৰিব নোৱাৰি যে এতিয়াও বহুতো গাঁৱত আগৰ সেই দৃশ্য দেখিবলৈ পোৱা যায়। এতিয়াও বহু গাঁৱত ঢেঁকীশালত বহি কোনো কোনো জীয়াৰী-বোৱাৰীয়ে কথাৰ মহলা মৰা দেখা যায়। আজিও তাৰ লগে লগে সান্দহগুড়ি, পিঠা-পনা বনাই,  আগৰ সেই বিহুৰ উখল-মাখল নাই যদিও গাঁও অঞ্চলত সেই দৃশ্যৰ এখন শুকান ছবি দেখিবলৈ পোৱা যায়। আগৰ তুলনাত নাৰী আজি বহু সমস্যাৰ মূখত পৰিছে, যৰ পৰা ওলাই অহাৰ পথ সুগম নহয়। অধিকাংশই আভিজাত্যৰ সন্ধানত চহৰাভিমুখী হৈ ঢপলিয়াবলৈ লাগিছে, ফলত নিজস্বতা হেৰুৱাৰ পৰিক্ৰম হৈছে।==দ্বিতীয় ভাগ==মানুহৰ মৌলিক প্ৰয়োজন সমুহৰ ভিতৰত বস্ত্ৰওহৈছে অন্যতম। কাপোৰে কেৱল আমাৰ শৰীৰটোকে আৱৰি নাথাকে, ই গোটেই সংস্কৃতিটোকেই যেন আৱৰি ৰাখিছে।অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। প্ৰাচীন কালৰে পৰাই ইয়াত সকলো জাতি-জনগোষ্ঠীৰ লোকে কাপোৰ বোৱাটো জীৱনৰ এটা অতি আৱশ্যকীয় আৰু মৰ্য্যাদাসুচক কাম হিচাপে মানি আহিছে। জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় আৰু সামাজিক মৰ্য্যদা নিৰ্বিশেষে সকলো তিৰোতাৰ কাপোৰ বব পৰাটো আৱশ্যকীয় গুণ হিচাপো স্বীকৃত হৈ আহিছে। তাঁতশালৰ খট-খট শব্দ গ্ৰাম্য জীৱনৰ এটা চিনাকি শব্দ। এই তাঁতশাল খন অসমীয়াৰ জীৱনৰ সৈতে এনেদৰে সংপৃক্ত হৈ আছে যে তাঁতশালৰ অবিহনে নাৰীৰ কৰ্মময় জীৱন আধৰুৱা। অসমীয়া মহিলাসকলে সূতা কটাৰ পৰা আৰম্ভ কৰি কাপোৰ বোৱালৈকে সকলো খিনি কামকে অতি নিষ্ঠাৰে পালন কৰে। অসমীয়াৰ বিহুটিতও এই তাঁতশাল আৰু তাঁতৰ বস্ত্ৰৰ সঘন প্ৰয়োগ ঘটিছে।বিহুৰ লগত তাঁতশালৰ নিবিৰ সৰ্ম্পক আছে, নহলেনে তাহানিৰ গাভৰুৱে উজুটিত যঁতৰ ভাঙি গৈয়ো বিহু মাৰিবলৈ ওলাই আহেনে ?ৰঙালী বিহুৰ আগে আগে অসমীয়া গাভৰু-মহিলাই তাঁতশালত বিহুৱান বৈ উলিয়াই। যিকোনো প্ৰকাৰে দহোবন কাটি কৰি বিহুৰ আগতেই তাঁতৰ বিহুৱান বৈ কাটি উলিয়াবই লাগিব, নহলে কথিত আছে যে বিহু চৰা তাঁত হেনো অমঙ্গলীয়া হয়। এই বিহুৱান খনেৰে সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰে আৰু ডাঙৰে সৰুক মৰম-শুভেচ্ছা জনায়। তাৰোপৰি বিহুত গৃহস্থক আশীৰ্বাদ দিবলৈ  ঘৰে ঘৰে হুঁচৰিৰ দল আহে। তেওঁলোকক শৰাইত তামোল-পাণ, নিজ হাতে বোৱা গামোচা আৰু হাঁচতি একোখন দিহে মান ধৰিব লাগে।সেয়ে শালত কাপোৰ বব নজনাটো অসমীয়া নাৰীৰ বাবে লাজৰ কথা হৈ পৰে। গতিকে বিহুৰ আগতে হাঁচতি এখন বৈ উলিয়াই দিব নোৱাৰিলে কেনেকৈ হৱ। সেয়ে বিহুগীতত গায়েই- এখনি হাঁচতি উলিয়াই নিদিলে শৰাইলৈ নেমেলো হাত। সেয়ে ৰঙালী বিহুত চেনাইৰ বাবে বিহুৱান বোৱাত ব্যস্ত হৈ পৰে অসমীয়া গভৰু।তাঁতৰ পাটত বহি বহিয়েই চেনাইৰ সপোন দেখে। ফলত শালৰ পৰা মাকো সৰি সৰি পৰে।বহো তাঁৰ পাটত—চকু আলিবাটত,মাকো সৰি সৰি পৰে।তাঁতশালৰ গুৰুত্ব অসমীয়া সমাজত ইমানেই বেছি যে স্ত্ৰী জাতিৰ জীৱন পূৰ্ণতাৰ ক্ষেত্ৰত কাপোৰ বব জনা জ্ঞান এক অপৰিহাৰ্য্য অৰ্হতা হিচাপে স্বীকৃত হৈ আহিছে। তাঁতশাল বব নজনা গাভৰুক অতীজতে সেয়ে বিবাহৰ বাবেই অনুপযুক্ত বুলি ভবাৰো থল আছে।তাঁতৰ শালত বোৱা কাপোৰৰ বাবে কপাহ, এড়ি, মুগা, পাট আদি সূতাৰ প্ৰয়োজন হয়। তাহানিতে এড়ি, মুগা, পাট সূতাৰ বাবে ঘৰে ঘৰে পলু পোহা পৰম্পৰাও আছিল।অতীজৰ স্বৰ্গদেউ ঈশ্বৰেও ৰঙালী বিহুত বিহু মাৰিবলৈ গামচেং চোলা পিন্ধি ওলাই আহে। সেয়ে বিহুগীত এফাকিত গায়-স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ,দুলীয়াই পাতিলে দোলা,কাণত জিলিকিছে নৰা জাংফাই গাত গোমচেং চোলা। ইয়াৰ বিপৰীতে অসমীয়াৰ চিৰযুগমীয়া তথা হাড়েহিমজুৱে বিয়পি থকা  তাহানিৰ ডেকা-গাভৰুৰ মৰমৰ-চেনহৰ জুৰীয়া আহতৰ তলৰ বিহু ৰাধাগোবিন্দ বৰুৱা দেৱৰ সানিধ্যত মঞ্চলৈ পৰিবৰ্তন হল। লাহে লাহে বিহু নাচত কৃতিমতাই যেন আগুৰিহে ধৰিলে। অসমীয়া জীয়াৰী-বোৱাৰীয়ে বিহুৰ এমাহৰ আগৰ পৰা তাঁতৰ শালত বোৱা সকলো কাপোৰ-গামোচা, তঙালি, হাঁচতি, ৰিহা, মেখেলা সকলো বজাৰত উপলব্ধ হল। ফলস্বৰূপে লাহে লাহে তাঁতশালৰও যেন ব্যৱহাৰ প্ৰতি ভাবুকি আহিল। এতিয়া অসমীয়াৰ মৰমৰ আদৰৰ গামোচাৰ বাণিজ্যও বহিঃৰাজ্যৰ পৰা আমদানি হৱলৈ ধৰিলো। তথাপিও সকলোৱে কিয় চকু মুদা কুলিৰ ভাওঁ যুৰি আছে, সেয়া এতিয়াওঁ সাথৰ হৈয়ে ৰৈছে।