Revision 80659 of "বাৰবাসী আইৰ সেৱাৰ নিদৰ্শন" on aswiki

{{db|মৌলিক গৱেষণা সমৃদ্ধ লেখা}}
বাৰবাসী আইৰ সেৱাৰ নিদৰ্শনঃ-(সহায়ক গ্ৰন্থ-আতাপুৰুষৰ মুকুতা)
ঐশ্বৰিক শক্তিসম্পন্ন মহাপুৰুষ ধৰ্ম-গুৰুসকলৰ পৃথিৱীত আৱিৰ্ভাব হয় ভক্তক শুদ্ধ পথ দেখুৱাবলৈ বা অমৃতৰ সন্ধান দিবলৈ। লগতে মহীয়সী সতী নাৰী সকলৰো অতুলনীয় বিৰল প্ৰতিভা প্ৰকাশৰ ফলত বহু আৰ্দশ ৰাখি যায় সমাজৰ বাবে। পঞ্চদশ শতিকাত সমাজৰ কু-সংস্কাৰবোৰ মশিমূৰ কৰিবলৈ আৰু অধ্যাত্মিক ভাৱধাৰৰ প্ৰতিষ্ঠা কৰিবলৈকে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাব হয। তেনে সময়ৰে এগৰাকী মহীয়সী নাৰী বাৰাসী আই আছিল নাৰায়ণ দাসৰ আতাৰ পত্নী। সতী নাৰীৰৰ বাৰটা গুণৰ অধিকাৰী বাবে আইৰ নাম আছিল বাৰবাসী। গুৰুজনাৰ একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কামত মহাপুৰুষ মাধৱদেৱৰ লগত তেখেতৰ প্ৰাণৰ সখা নাৰায়ণ দাস আতায়েও বহু সময়ত বহু অৱদান আগবঢ়াই আহিছিল।নাৰায়ণ আতা বৰ পৰিশ্ৰমা, কৃষি, বাণিজ্য আদি সকলো কৰ্মতে সু-দক্ষ লোক আছিল। মুখে ৰাম নাম, কৰ্ণে কৃষ্ণ কথা, মনে ৰূপ, চিত্তে পাদপদ্ম, হস্তে কৰ্ম, আতাৰ কৰ্মস্থলী জনীয়া । খেতিবাতিত ৰাপ থকা হেতু আতাৰ পথাৰৰ শস্যৰ পৰা বাৰীৰ ফলে-মূলে নদন-বদন।এবাৰ বহুদিন ধৰি বৰষুন নোহোৱাত খেতি বাতিৰ অৱস্থা একেবাৰে বেয়া হৈছিল। দুৰ্ভিক্ষত ভকত সকলৰ বৰ কষ্ট হৈছিল। গাওঁলৈ ভিক্ষা কৰিবলৈ গলেও একো নোপোৱা হৈছিল, কাৰণ সকলোৰে একেই অৱস্থা হৈছিল। ভকত সকলৰ মূখ শুকাল। এনেতে এদিন নাৰায়ন আতা গনক কুছিলৈ অহাত মাধৱদেৱে সুধিলে-বোলে সখা এই আকালৰ দিনত ভকত সকল জীয়াই থাকে কেনেকৈ? কিবা এটা উপাই পোৱা হলে ভাল আছিল? নাৰায়ণ আতাই কলে-চিন্তা নকৰিব, আমি জীয়াই থাকোতে ভকত সকলক মৰিবলৈ দিব নোৱাৰো। আমাৰ দুটি পকাধানৰ ভঁড়াল ঠাহ খাই আছে, তাৰে গছি ধানৰ ভঁড়ালটি এতিয়াই ভকত সকললৈ আগবঢ়ালোঁ।এই কথা শুনি মাধৱদেৱে আতাৰগৃহী আই গৰাকীয়ে বা কি কয় বুলি সন্দেহৰ দৃষ্টিৰে সদ্যহতে গ্ৰহন কৰিব পৰা নাযাব বুলি কলে। নাৰায়ণ আতাই চিন্তা কৰি ঘৰলৈ গৈ পত্নী বাৰবাসী আইক সুধিলেগৈ আৰু ভকত সকলৰ অভাব-অনাতনৰ বিবৰি কলেগৈ। গছিধানৰ ভঁড়ালটো আগবঢ়োৱা কথা শুনি দয়াৱতী ভাৰ্য্যাই মৃদু খঙৰ ভাৱত কলে –বোলে এনে সত্ কামৰ বাবে কিবা চিন্তা কৰিব লাগেনে?  আপুনি আগবঢ়োৱা গছি ধানৰ ভঁড়ালটিৰ লগত মই গুটি ধানৰ ভঁড়ালটিও আগবঢ়লোঁ। নাৰায়ণ আতাই পত্নীৰ মনৰ ভাব বুজিব পাৰি চলেৰে কলে –বোলো দয়োটি ভঁড়াল যে আগবঢ়ালা পিছত কি হৱগৈ গম পাইছানে নাই? আইয়ে তপৰাই উত্তৰ দিলে-আপোনাৰ দাসীয়ে তালৈ সমূলি ভয় নকৰে। কাৰণ ভকতে আমাক শুদা পেটে মৰিবলৈ নিদিয়ে। আইগৰাকীৰ এনে মহান হৃদয়ক প্ৰশংসা কৰি খেদ কৰি গুৰুজনাই কৈছে-বোলে এনে ভকত বত্সল উদাৰ লোককো অসূয়া কৰে। নাৰায়ণ আতাৰ লগতে আই বাৰবাসীৰ ভকত সেৱাৰ নিদৰ্শন দেখি সকলোৱে মুগ্ধ হল।এদিন নাৰায়ণ আতাই পত্নীৰ লগত আলাপ আলোচনা কৰি আছিল, তেনেতে আই বাৰবাসীয়ে আতাক কথাৰ মাজতে সুধিলে-বোলো, আপোনাৰ ভকতত অধিক স্নেহ মোলৈহে স্নেহ বেছি? নাৰায়ণ আতাই পূৰ্বজন্মৰ কথালৈ টানিছা বুলি মৃদু খং এটা দেখুৱাই সেৱা বস্তুহে যে পৰকালৰ বাবে সাৰথি তাকে বুজাই দিলে। আয়ে কলে-আপুনি কিয় মিছা মাতিছে  পত্নীৰ এনে টান কথাত আতা হতবাক হল আৰু গুচি গল। পাছত গুৰুজনাক কথাটো জনোৱাত বাৰবাসী আইক মাতি পঠালে। আয়ে বুজিব পাৰি আমোল-পাণেৰে শঁৰাই গামোছা লৈ আহি গুৰুজনাৰ আগত সেৱা ধৰিলেহি। আয়ে কলে বোলে দাসীতে দোষ, ভকতত যদি ইমান দয়া-স্নেহ আছে সোৰ কেঞা আঙুলিত থকা বাখৰ লগোৱা একশ সোণৰ ৰূপৰ আঙুঠিটোৰে আদখনি দেখো ভকতক দি সেৱা কৰিব পাৰে। আইৰ মুখত ভকতৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তিত গুৰুজনা গদগদ হৈ পৰিল। আইৰ ভকতি দেখি নাৰায়ণ আতালৈ চাই গুৰুজনাই কলে বোলে নাৰায়ণ তোমাক উত্তৰণ ঘটালে। মই কি বুলি কম এতিয়া?আইৰ কথাত নাৰায়ণ আতা সন্তুষ্ট হৈ গৃহৰ সমস্ত সম্পত্তিৰ হিচাব এটা কৰি আনি গুৰুৰ ওচৰত দাখিল কৰিলে। মহাপুৰুষ গুৰুৱে সমস্ত সম্পত্তিকে তিনিভাগ কৰি এভাগ ৰজাৰ, এভাগ সেৱা কাৰ্য্যলৈ আৰু এভাগ ভাৰ্য্যা পুত্ৰলৈ বুলি ৰাখি ভগাই দিলে আৰু আতাক ফলাহাৰ কৰোৱাই পঠাই দিলে।
কৃষ্ণৰ সেৱক সব পৰম নিৰ্মল।
জগত পবিত্ৰ কৰে তাহাৰা সকল ।।
তাসম্বাক সেৱা আতি কৰন্তে সদায়।
ভক্তি প্ৰতিবদ্ধ নষ্ট হোৱে সমুদায় ।।
জনীয়াৰ পৰা নাৰায়ণ আতাই বৰপেটালৈ আহি মাধৱদেৱৰ সহিতে ভক্তবৃন্দৰ লগত নাম-কীৰ্ত্তন-হৰি ভক্তিত পৰম আনন্দৰে মজি থাকে। তেনেকৈ অহা বাবে এবাৰ মাধৱদেৱে শ্ৰীনাৰায়ণ আতাক পাঁচিলে, বোলে বাৰবাসী আই কেনে আছে চুপেচাপে খবৰ কৰি আহাগৈ। সেইমতেই শ্ৰীনাৰায়ণ আতাগৈ জনায়া পালেগৈ।
সেইসময়ত বাৰবাসী আই লৰা-ছোৱালী কেইটাক বিচনাত শুৱাই থৈ নিজে ৰান্ধনি শালত ব্যস্ত আছিল। আইয়ে চাউল বহাই হৰি হৰি উচ্চাৰণ কৰি খেদকৈ কবলৈ ধৰিলে, বোলে মই আভাগী গৃহমায়াত বন্দীহৈ পৰি ৰলো আৰু আজি আমাৰ আতা গোঁসাই আছেগৈ বৈকুণ্ঠত। গুৰুজনে অমৃতৰ ভাও মেলিছে আৰু বাকী ভক্তসকলে অমৃত ৰস পান কৰিছে। আমাৰ তাৰাই বহিছে দক্ষিণত, শ্ৰীৰাম আতা পূৱত, হৰিহৰ আতা পশ্চিমত, বুঢ়া আতা উত্তৰত, ভৱানীপূৰীয়া আতা নৈঋতত, দক্ষিণৰ আতা বায়ুত, বেহাৰৰ আতা অগ্নিত, ভাটৌকুছিয়া আতা ঐশানত-এই ক্ৰমে দশদিশ পাল ভক্তি সৰোবৰত ৰাজহংস যেনেকৈ বহিছে, ব্ৰহ্মসভাৰ দিগপালৰ দৰেই। অন্যান্য ভক্তসৱেও ভোমোৰাৰ শাৰী শাৰীকৈ বহি মধুপান কৰিছে। মোৰ মহাপুৰুষ গুৰুমধ্যতে বহি মূখপদ্মে কীৰ্ত্তনকৈ হৰিনাম অমৃতৰস বাটি দিছে আৰু মোৰ আতাসৱে ঢোকেঢোকে গণ্ডগোল নোহোৱাকৈ কৰ্ণপন্থে পান কৰিব লাগিছে।মই অভাগিনীহে গৃহ অন্ধকূপতে পৰি থাকিলো। গৃহ মায়া-মোহ পাশতে পৰি বন্দী হৈ ৰলো। হায়ৈ বিধিৰ কি লিখন। ভকতিৰ অমৃত ৰস পান কৰাৰ পৰা বঞ্চিত হৈ বাৰবাসী আয়ে এইবুলি খেদ কৰা দেখি পৰম কাৰুণিক শ্ৰীনাৰায়ণ আতা ভাৱত বিভোৰ হৈ পৰিল। আইৰ আশ্চৰ্য্য-অদ্ভুত মহিমা উপলদ্ধি কৰি আইৰ ফালে হাত যোৰকৈ কোটিবাৰ প্ৰণাম জনাই গৃহৰ বাহিৰৰ পৰাই গুচি আহিল বৰপেটালৈ। মাধৱদেৱ গুৰুজনাক আহিয়েই সেৱা জনালে। তাকে দেখি মাধৱদেৱে সুধিলে-বোলে শ্ৰীনাৰায়ণ, আইক কেনে দেখিলা, কি শুনিলা ? বোলে বাপ, আইৰ প্ৰেম, খেদ, ভক্তি মই একেমুখে কৈ অন্ত কৰিব নোৱাৰোঁ। এনে কাৰ্য্য-কাৰখানা কতো দেখাও নাই, শুনাও নাই। এনে সপ্ৰেম ভক্তি।
শ্ৰীনাৰায়ণ আতাই এইবুলি খেদ-প্ৰেম সকলো কথা বৰ্ণাই কোৱাত পৰম সন্তোষ হৈ গুৰুজনাই কলে-বোলে দ্ৰোপদীৰ ভক্তিয়ে পাণ্ডৱৰ বশ্য হৈ জগতৰ ঈশ্বৰ ৰথৰ সাৰথি হৱ পাৰিছিল। আমাকো বাৰবাসী আইৰ ভক্তিয়ে বশ্য কৈলে। (কথা গুৰু চৰিত)
যেন স্বভাৱতে সতী নাৰী নিৰন্তৰে।
প্ৰতিব্ৰতা ধৰ্ম্মে শান্ত পতি বশ্য কৰে ।।
সেহিমতে সাধুসবো জানিব নিশ্চয়।
মোতেসে কেৱলে বন্ধ কৰিলে নিশ্চয় ।।
একান্ত ভকতি ভাৱে কৰে মোক বশ্য।
কহিলো দুৰ্বাসা ইটো তোমাত ৰহস্য ।।
বাৰবাসী আইৰ প্ৰেম-ভক্তিৰ মুকুতাৰ মালাধাৰীৰ আদৰ্শ চিৰ-যুগমীয়া হৈ ৰল।গুৰুজন প্ৰৱৰ্ত্তিত ভক্তিধৰ্মত একান্ত সেৱক শ্ৰীনাৰায়ণ আতাৰ সহধমিনী বাৰবাসী আইও স্বামী ধৰ্মত আৰ্দশ গৃহী। ভক্তি ধৰ্ম গ্ৰহণ কৰি সংসাৰৰ মাজত থাকিও আই আসক্তিহীন আৰু উদাসীন হৱ পাৰিছিল। সেৱাই ভক্তি ধৰ্মৰ মূল ৰহস্য। ভকত বৈষ্ণৱক সেৱা ধৰিলে জীৱ শ্ৰেষ্ঠ মানৱে সেৱাতেই মূল বস্তু পায়। তাৰে এটি উদাহৰণ বাৰবাসী আই। মহাপুৰুষ শঙ্কৰ দেৱে জাতি-বৰ্ণ-বৈষম্যহীন একশৰণ হৰি নাম প্ৰচাৰত অসন্তুষ্ট হৈ গুৰুজন তথা তেৰাৰ অনুগামীসকলৰ বিৰুদ্ধে ন্যস্ত স্বাৰ্থৰ প্ৰভাৱশালী লোকে ৰজা নৰনাৰায়ণৰ আগত থলুৱা-বিৰূপ কথাৰ গোচৰ দিবলৈ ধৰিলে। তাতে ৰজাই খং খাই শঙ্কৰদেৱক ধৰি নিবলৈ গড়মলি পাচিলে। গড়মলি সকলে গুৰুজনক বিচাৰি নাপাই নাৰায়ণ দাস আৰু গোকুল চান্দ আতৈক ধৰি নি ৰজাৰ আগত হাজিৰ কৰালে। ৰাজ আজ্ঞামতেই ভকত দুজনাক নিজ মুখেদি গুজন প্ৰৱৰ্ত্তিত নাম ধৰ্মক নিন্দা কৰিবলৈ বহুতো শাস্তি বিহিলে। তথাপিও দুয়োজনাই সত্যত অটল হৈ থাকিল। স্বামী নাৰায়ণ দাস আতাক ধৰি নিওতে বাৰবাসী আইও লগত গৈছিল আৰু স্বচক্ষে সন্তান সম্ভৱা আইয়ে স্বামীৰ নিৰ্য্যাতন দেখি আছিল। অথচ দুয়োজনাকেই সত্য নেৰিবলৈ সাহস আৰু প্ৰেৰণা যোগাইছিল। আইৰ এটি সন্তান জন্ম হোৱাত গড়মলিৰ ঘৰত ৰাখিছিল। পাছত নাৰায়ণ আতাৰ মুক্তি হোৱাত নৱজাতকৰ সৈতে দুয়োজনা গৈ শঙ্কৰ গুৰুৰ ওচৰ সেৱা জনাই সকলো দুখৰ কথা বিৱৰি কলে। দুখৰ দিনত ওপজা বাবে পুত্ৰটিৰ নাম ৰাখিছিল দুখীয়া। গুৰুজনাই নিজ হস্তপদ্ম জাতকৰ শিৰত দি দুখৰ দিনত পৰম আনন্দ দিয়া হেতুকে লৰাটিৰ নাম থলে পৰ্ম্মানন্দ। দেৱৰো দুৰ্ল্লভ আশীৰ্ব্বাদ লাভি পৰমানন্দও মহাভক্ত হল।বাৰবাসী আই সতী, গুণৱতী আছিল আৰু পৰমাৰ্থিক তত্ত্বৰ দিশতো তেওঁ বিচক্ষণা আছিল। আইৰ সাহস, উদাৰ ভক্তিয়ে সকলোকে মুগ্ধ কৰিছিল। আইৰ ভকত সেৱাৰ নিদৰ্শনে আইক অমৰ কৰি জগতত চিৰ-যুগমীয়া কৰি ৰাখিলে।