Revision 98719 of "তিতাবৰ" on aswiki

{{Infobox Indian Jurisdiction 
| native_name = তিতাবৰ 
| type =নগৰ
| latd = 26.60 | longd = 94.20 
| state_name =অসম
| district = [[যোৰহাট জিলা|যোৰহাট]]
| leader_title = 
| leader_name = 
| altitude = 172 
| population_as_of = 2001 
| population_total = 7450
| population_density = 
| area_magnitude= sq. km 
| area_total =  
| area_telephone = 03771 
| postal_code = 785630
| vehicle_code_range = AS-03
| sex_ratio = 
| unlocode = 
| website = titabartowncommittee.co.in/
|
}}

'''তিতাবৰ''' ({{lang-en|Titabor}}) হৈছে [[অসম|অসমৰ]] [[যোৰহাট]] জিলাৰ এখন নগৰ । ২০০১ চনৰ লোকপিয়ল অনুসৰি তিতাবৰ চহৰৰ জনসংখ্যা ৭৮৪০ জন<ref name="census">{{cite web |  accessdate = নৱেম্বৰ ২২ | accessyear = ২০০৬ |  url = http://web.archive.org/web/20040616075334/www.censusindia.net/results/town.php?stad=A&state5=999 | title = ভাৰতৰ ২০০১ চনৰ লোক গননা}}</ref>। যোৰহাটৰ পৰা ২০ কি:মি: আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ [[ধান]] উৎপাদনৰ কাৰণে বিখ্যাত। [[এছিয়া|এছিয়াৰ]] ভিতৰতে ডাঙৰ ''[[আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ|ধান গৱেষণা কেন্দ্ৰ]]'' ইয়াতেই অৱস্থিত। এই নগৰখন তিতাবৰ মহকুমাৰ সদৰ ঠাই। এই নগৰৰ লেখত ল'বলগীযা প্ৰতিষ্ঠানসমূহ হ'ল - [[জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান]], [[ৰেচম মহাবিদ্যালয়]] আদি। এই নগৰৰ মাজেদি পূবা-পশ্চিমাকৈ ঐতিহাসিক ধোদৰ আলি পাৰ হৈ গৈছে।

== ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি ==
১৯৫৯ চনত এখন ৰাজহ নগৰ হিচাপে তিতাবৰ নগৰখন গঢ় লৈ উঠিছিল। তিতাবৰৰ স্থানাংক হৈছে {{Coord|26.60|N|94.20|E|}} আৰু গড় উচ্চতা {{convert|172|m|ft}}। 

২০০১ চনৰ লোকপিয়লৰ তথ্য মতে নগৰ সমিতি অঞ্চলৰ জনসংখ্যা আছিল ৭৮৪০ জন<ref name="census"/>।

== যোগাযোগ ==
তিতাবৰৰ মাজেৰে পূবা-পশ্চিমাকৈ ঐতিহাসিক [[ধোদৰ আলি]] পাৰ হৈ হৈছে। এই পথেৰে পূৱলৈ [[ডিব্ৰুগড় জিলা]]ৰ [[নামৰূপ]]ৰ ওচৰৰ জয়পুৰলৈ আৰু পশ্চিমলৈ [[গোলাঘাট জিলা]]ৰ কমাৰগাঁৱলৈ যাব পাৰি। নগৰৰ সোমাজতে [[অসম ৰাজ্যিক পথ পৰিবহন নিগম]]ৰ বাছ আস্থান আৰু তিতাবৰ ৰেল ষ্টেছন অৱস্থিত। ইয়াৰে আশে পাশে বে-চৰকাৰী বাছ আৰু টেক্সী সেৱাৰ বাবে বিভিন্ন আস্থান সমূহ আছে।

* '''বিমান পথ''': তিতাবৰ নগৰৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে [[ৰৰৈয়া বিমানবন্দৰ]]। তিতাবৰৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ১৬ কিঃমিঃ<ref>{{cite web | url=http://www.onefivenine.com/india/villag/Jorhat/Titabor | title=ৰৰৈয়া বিমানবন্দৰ | accessdate=August 18, 2012}}</ref>।

==উল্লেখযোগ্য ঠাই==
=== ঠেঙাল ভৱন ===
১৯২৯ চনত ৰাই বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই '''ঠেঙাল ভৱন'''টো নিৰ্মাণ কৰিছিল। ১৯৩৫ চনৰ ১২ আগষ্টত [[নীলমণি ফুকন]]ৰ সম্পাদনাত  ইয়াৰপৰাই প্ৰথম বাতৰি কাকত '''[[দৈনিক বাতৰি]]''' প্ৰকাশ পাইছিল<ref>{{cite web | url=http://www.heritagetourismindia.com/# | title=ঠেঙাল ভৱন | accessdate=August 18, 2012}}</ref>। বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।

== শৈক্ষিক প্ৰতিষ্ঠান ==
=== আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ ===
{{Main|আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ}}
'''আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ''' ({{lang-en|Regional Agricultural Research Station, Titabar}}), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে [[যোৰহাট জিলা]]ৰ [[তিতাবৰ]]ত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম '''ধান গৱেষণা কেন্দ্ৰ''' আছিল। ১৯৮৬ চনত, এই কেন্দ্ৰটো '''আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ''' নামেৰে নামাংকিত কৰা হয়। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে [[অসম কৃষি বিশ্ববিদ্যালয়]]। 
এই প্ৰতিষ্ঠানটোত বৰ্তমান ৬টা বিভাগ আছে।
* Plant breeding
* গ্ৰাম্য অৰ্থনীতি (Agronomy)
* Soil science
* Plant pathology
* Entomology
* Plant physiology

=== জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, যোৰহাট, তিতাবৰ । ===

=== মহাবিদ্যালয় সমূহ ===
* নন্দনাথ শইকীয়া মহাবিদ্যালয়
* বৰহোলা কলেজ

===  উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ ===
* গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
* জৱাহৰ নবোদয় বিদ্যালয়, তিতাবৰ
* তিতাবৰ টাউন হাইস্কুল
* শ্ৰীমন্ত শঙ্কৰ বিদ্যাপীঠ
* মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

=== ব্যক্তিগত খণ্ডৰ উল্লেখযোগ্য বিদ্যালয় ===
* প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ
* জাতীয় বিদ্যালয়, তিতাবৰ
* জ্ঞানজ্যোতি একাডেমী
* কনচেপ্ত জুনিয়ৰ কলেজ

== ৰাজনীতি ==
তিতাবৰ নগৰখন [[যোৰহাট (লোকসভা সমষ্টি)|যোৰহাট লোকসভা সমষ্টি]]ৰ অন্তৰ্গত। তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]। তেওঁ ২০০১ চনৰ পৰা একেৰাহে তিনিবাৰ তিতাবৰ সমষ্টিৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে<ref>{{cite web
| url = http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf
| title = List of Parliamentary & Assembly Constituencies 
| accessdate = 2008-10-06 
| work = Assam
| publisher = Election Commission of India }}</ref>।

== লগতে চাওক ==
* [[আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ]]

==তথ্যসূত্ৰ==
<references/>

== বাহ্যিক সংযোগ ==
* [http://titabartowncommittee.co.in/ তিতাবৰ টাউন কমিটিৰ চৰকাৰী ৱেবছাইট]
* [http://www.nnsaikiacollege.org/ নন্দনাথ শইকীয়া মহাবিদ্যালয়]
* [http://www.conceptedu.org/ কনচেপ্ত জুনিয়ৰ কলেজ]

{{Geographic location
|Centre    = তিতাবৰ চহৰ
|North     = 
|Northeast = 
|East      = 
|Southeast = 
|South     =  
|Southwest = 
|West      =
|Northwest = 
}}

{{অসমৰ নগৰ-মহানগৰ}}
[[শ্ৰেণী:যোৰহাট]]
[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]]
[[শ্ৰেণী:অসমৰ মহকুমাসমূহ]]

[[bpy:টিটাবোর শহর]]
[[en:Titabor Town]]
[[it:Titabor Town]]
[[pt:Titabor Town]]
[[vi:Titabor Town]]
[[zh:蒂塔博镇]]