Difference between revisions 11136 and 37236 on aswikisource<center> <poem> সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ ; সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ ৷ দেখিও নেদেখা কিয় দিন-কণা সুখযে হাততে আছে ; যিয়ে দিব পাৰে স্বাৰ্থ-বলিদান, সুখ ফুৰে পাছে পাছে ৷ অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই ৷ পৰৰ অভাৱ, পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই ৷ শক্তি-সামৰ্থ পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ৷ সকলো আপোন যত নৰ-নাৰী ; কাকনো বুলিম পৰ ? পৰমপিতাৰ সকলো সন্তান পৃথিৱী আমাৰ ঘৰ ৷ গাই-গোটা-পেটে- ভঁৰাল নহ’বা ৷ লোকৰ দুখলৈ চোৱাঁ, মানুহৰ সেৱা, মানুহৰ পূজা, পৱিত্ৰ বৰত লোৱা ৷ ‘মই’ ‘মোৰ’ ভাবে তললৈ নমাব নাপাব ৰক্ষাৰ তৰী ৷ সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবাঁ থিত ; ত্যাগত লভিবা পৰম সন্তোষ সাধিবা লোকৰ হিত ৷ স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে হুলে, নি:স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে ৷ যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন, বিস্ব-প্ৰেমে ভৰ-পূৰ, বিশ্বৰ সকলো ভাই-ভনী তাৰ, সুখৰ নপৰে ওৰ।</poem> </center> [[শ্ৰেণী:আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যকৰ্ম]]⏎ [[শ্ৰেণী:কবিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=37236.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|