Difference between revisions 2520 and 33209 on aswikisource{{No source}}⏎ {{header | title = গোলাপ | author = ৰঘুনাথ চৌধাৰী | translator = | section = | previous = | next = | notes = }} <poem> কাৰ পৰশত ফুলিলি বান্ধৈ অ’ মোৰ সাদৰী ফুলাম পাহি ? শ্যামলী পাতৰ ওৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি ? কোন নন্দনত লগালি চমক, নাচিছে য’ত পৰি বুলবুল, অভিশপ্ত হৈ বিলাস-কুঞ্জত প্ৰেম-মদিৰাত যেন মচগুল ? হাছনা্হানাৰ তীব্ৰ গন্ধত সপোন-বিভোৰ মাধবী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ? আৰব-পিয়াৰী বছৰা ৰাণীৰ গুল-বদন পেলালি জুৰ, ভাঁহি ফুৰে তোৰ ৰূপ-তৰঙ্গত পাপিয়াৰ স্নিগ্ধ কৰুণ-সুৰ ? ফুলিলি যিদিনা মৰু উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগণ্চুম্বী কলোছাছে তোৰ পান কৰিলে ৰূপ-মাধুৰী ! আছিলিনে প্ৰিয়ে বেবিলনৰ গুল-বাগানত ফুলৰ ৰাণী ? স্বৰ্গৰ নন্দন সাজিলি শূন্যত, কবিৰ মুখৰ অমৰ বাণী | ৰূপ ৰস গন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্তান, বাদছাি হেৰেম কৰি গুলজাৰ দিল-দৰিয়াত তুলিলি বান | তোৰ ই ৰূপ জগতৰ বিভোল ঢালিলি প্ৰেমৰ বিমল ধাৰা , দিল্লী বেগম নুৰজাহানৰ আছিলিনে তয়ে দিলবাহাৰা ? কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকণ কাজ ? উঠিল প্ৰেমিক ছাহজাহানৰ ভুৱনবিজয়ী মৰ্ম্মৰ তাজ ! কত কাব্য-গাথা, অতীতৰ স্মৃতি, উদাস প্ৰেমৰ মূৰ্ত্ত বিকাশ, বিজড়িত তোৰ কোমল বুকুত কত বিৰহীৰ হা-হুতাশ ! ফুলিবিনে মোৰ মানস-কুঞ্জত অ’ মোৰ দৰদী ফুলাম পাহি ? উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ পুলক-ভৰা মিলন-বাঁহী ? <poem/> [[Category:কবিতা]] [[Category:ৰঘুনাথ চৌধাৰীৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=33209.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|