Difference between revisions 2556 and 33208 on aswikisource

{{No source}}
{{header
 | title      = কি দিয়া পূজিবো ৰাঙ্গা চৰণ মূৰাৰি
 | author     = অজ্ঞাত
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}

<poem>
কি দিয়া পূজিবো ৰাঙ্গা চৰণ মূৰাৰি |
তোমাৰ সেৱাৰ পুষ্প নাপালো বিচাৰি ||
প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন |
দ্বিতীয় পুষ্পৰ নাম হিংসা নিৱাৰণ ||
তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় |
ক্ষমাসমে চাৰি পুষ্প জানিলো নিশ্চয় ||
তপে পঞ্চ্য জপে জয় ধ্যানে সাত জানি |
জ্ঞান সমে অষ্ট পুষ্প জানিলো কাহিনী ||
ব্ৰহ্মাণ্ডৰ মধ্যে আছে এক দালি পুষ্প |
সেই পুষ্পে পুজিলেহে গুৰু হোৱে তুষ্ট ||

<poem/>
[[Category:প্ৰাৰ্থনা]]