Difference between revisions 2589 and 2796 on aswikisource{{header | title = মেধি তীৰ্থলৈ যায় | author = দণ্ডিনাথ কলিতা | translator = | section = | previous = | next = | notes = }} <poem> কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ , কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায় ; পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায় | লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি, ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই ; গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায় | দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই, নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই | ধুতি গাৰে মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায় ? কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ ?’ মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’ শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’ ; কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায় | জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি ; পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই, লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায় | দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি, এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই ; সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায় | তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল, বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায় ? কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায় | <poem/> [[Category:কবিতা]]⏎ [[শ্ৰেণী:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=2796.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|