Difference between revisions 3306 and 3309 on aswikisource{{header | title = অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা) | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[অক্কণমানি ল’ৰা]] | next = [[অবুজ মাতৰ বিবুজ বাতৰি]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = }} ::::অতীতৰ কিবা ৰহস্যনো তুমি ::::::কোন সুন্দৰৰ নিজম পুৰীত ::::::::আছাগৈ তুমি নিদিয়া দেখা? ::::শক্তি আজি যে সুপ্ত গুপ্ত ::::::কল্পনাক পুনি লৈ ধৰাবলে’ ::::::::আহা আজি সখী চিত্ৰলেখা ! ::::সখী চিত্ৰলেখা ! ::::::দূৰ অতীতৰ কিবা ::::::::ৰহস্যনো তুমি, ::::::::বুজিও নুবুজি ::::::::::আছা বিয়াকুল হৈ ? ::::কোন সৌন্দৰ্য্যৰ হোৱা ::::::জুৰুলি-জুপুৰি ::::::::নন্দন ৰাজ্যৰ তুমি ::::হাতত লেখনী লৈ ::::::আঁকে বহি ছবি ::::::গোলাপী গোলাপী আঙুলিকিটিৰে ::::::::কোন সৰগৰ ৰূপহী ::::আলৈ- আথানি মূৰৰ খোপাটি ::::::কপালৰ আগতে পৰিছে উফৰি ; ::::বুকৰে ৰিহা যে মাটিমুৱা কৰি ::::::পৰিছে কোলাতে বই ৷ ::::কেতেকীপাহিৰে কাঢ়ি বৰণকে ::::::পিন্ধিলে কোমল গাত, ::::সেন্দুৰীয়া বেলিয়ে পাহৰি ::::এমুঠি কঁকাল ভৰেদি বহিছে ::::::ভাবিগুণি আছে কিবা ::::দীঘলী লাৱনী আঙুলি ::::::থৰে লাগি লাগি ::::আপোনাৰে ::::ভৰিৰে আঙুলি কিনো মনে খোৱা ::::::গঢ়ৰো যে ৰিজনি নাই, ::::নিতম্বযুৰিৰ কিনো তুলে দিওঁ ::::::নিমজ হৈ পৰিছেগৈ ৷ ::::ওঁঠৰে তুলে মই কিনো দিওঁ ::::::কিনো দিওঁ ::::দিবলৈ নহয় যে ভুল ::::জগতৰ তাতে গোটে খালে, ::::::উপচি পৰিছে ::::::কেঁচাসোণৰ বৰণৰ ::::::::গালেখনি দেখি ::::::::::হলেবা মনৰে ভুল, ::::কেতেকী-গোলাপৰ বৰণকে আনি ::::::::::কৰে কিয় বিয়াকুল ৷ ::::বুকুৰে বান্ধনি সুলকি পৰিছে ::::::::::দেখা পাই উদঙে বুকু ::::ডালিমৰ গুটিৰে মুকুতা ::::::::তাতে কি মোহিনী, তাতে কি অময়া ::::::::ৰাখিছা সখী মোৰ ::::::::::গোলাপৰ পাহিৰে আৱৰি থৈ ? ::::তুমিতো নোহোৱা মঙহৰ ::::::পুৰণি মঙহৰে গঢ়া ঐ ::::::::::আছা পুতলাটি হৈ ৷ ::::গোলাপফুল-কেতেকীৰ ::::::::ৰেণু উৰাই আনি ::::::::::গঢ়িলে দেহা ৷ ::::কোন পুৰী কৰিছা বলিয়া ::::::::::চৰণৰ নূপুৰ-ধ্বনিয়ে ::::কোন পুৰী কৰিছা বলিয়া ::::::আলসুৱা দেহাটিৰ ::::::::::নিঋত্য-ভঙ্গীৰে ৷ ::::জাগিছে নে শুই থকা ::::::মুগ্ধ কুঁৱৰী ::::::::হাঁহি ঊষা দেৱী ::::::::::সপ্তমৰ কণ্ঠস্বৰ শুনি? ::::কঁপিছে নে কুঁৱৰীৰ ::::::মধুৰ যৌৱন ::::::::শুনি শুনি তোমাৰেই ::::::::::কণ্ঠৰ ধ্বনি? ::::তোমাৰেই কুমলীয়া ::::::আঙুলি মাজৰ ::::::::ভুৱনবিজয়ী লেখনীয়ে ::::আঁকিছে নে কাৰোবাৰ ::::::হৃদয়-হৰণ ? ::::সপোনতে চুমা খাই ::::::::::মন হৰি নিয়ে ৷ ::::হ’ল নে তোমাৰ শেষ ::::::সৌন্দৰ্য্য-সাধনা, ::::::::অনন্ত-বাসনা যাৰ ::::::::পৰা নাই ওৰ, ::::পালা নে বিচাৰি দেৱী ::::::যুগমীয়া সৌন্দৰ্য্যৰ ::::::::নিমাত দেৱতাজনা ::::::::::সখী হে’ৰা সৌন্দৰ্য্য-বিভোৰ ৷ ::::তোমাৰ তুলিৰ ৰেখা ::::::এটি এটিকৈ ::::::::উঠিছেনে ফুটি সখী ::::::::::শত শত ৰূপবান হৈ ? ==next==::::আহিছেনে এতিয়াও ::::::তুলিৰ আগেদি ::::::::ৰূপৰ স্পটিক-পানী ::::::::::শতধাৰা হৈ ? ::::গঢ়িলা যি তুলিৰ আগেদি ::::::জগতৰ চিৰশ্ৰেষ্ঠ ::::::::অনিন্দ্যসুন্দৰ, ::::::::ধন্য সখী তোমাৰ লেখনী ৷ ::::বাণৰ জীয়ৰী ঊষা ::::::সপোনত দেখা ৰূপ ::::::প্ৰত্যক্ষ কৰিলা আনি ::::::::সখীব্ৰতা! ::::::::ৰাখিলা যে সখীৰ জীৱন ৷ ::::দিগন্ত বিয়পা কিনো ::::::মায়াপী শৰীৰী তুমি ::::::::ইঙ্গিতত তধা লাগে তৰুণ তপন, ::::বিস্ময়ত মুগ্ধ হৈ ::::::চাই ৰয় মাথো ::::::::তোমাৰ মায়ালীলা ::::::::::কত শত লক্ষ ভুৱন। ::::ৰূপহী নোহোৱা তুমি ::::::তাতোকৈও আৰু আছে যদি ::::::::চাব হোৱা তুমি, ::::জগতৰ চিৰশ্ৰেষ্ঠ ::::::সকলো ৰূপহী ::::::::তোমাৰ ৰূপৰ মাজে মাজে ::::::::::চাব পাৰে জুমি ৷ ::::তোমাৰ ৰূপৰ সখী ::::::তুমিয়েহে তুল ::::::::সামৰিছা মহাবিশ্ব ::::::::::তোমাৰ ৰূপত, ::::বিশ্ব সঙ্গীত আহি ::::::আছে গোট খাই ::::::::তোমাৰেই বিজয়ী কণ্ঠত ৷ ::::কোন ৰহস্যৰ আঁৰ হৈ ::::::ফুৰা সখী লুকাই লুকাই ::::::মূৰ্ত্ত হৈ দিয়াচোন দেখা, ::::কবিৰ কল্পনা পুনু ঠন ধৰাবলে’ ::::::আহাঁ আজি সখী চিত্ৰলেখা ! All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3309.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|