Difference between revisions 3721 and 3723 on aswikisource{{header | title =আহ অ’ অকণি আহ | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[আন্ধাৰৰ মাজে মাজে ]] | next = [[ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী→১)|ঊষাৰ কোলাত থৈ]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | wikinews = | wiktionary = | wikibooks = | meta = | notes = }} ==কবিতা==আহ অ’ অকণি আহ আহ অ’ অকণি আহ নতুন দিনৰ নতুন জীৱনৰ ফুলা ফুলনিত হাঁহ, আহ অ’ অকণি আহ ৷ শেৱালি-নেৱালি পলাশ-পাৰলি তগৰ খৰিকাজাঁই কেতেকীৰ গোন্ধে মলেমলাই, পদুম ফুলিছে ৰঙা নলী বগা লেখিবকে পৰা নাই ৷ নতুন পুৱাৰ পোহৰ জুৰিত উটি ফুলাম পালৰ নাৱত হাঁহিছে ফুলৰ কোঁৱৰ ফুলৰ কুঁৱৰী দুটি নেদেখা নুশুনা নৰুন ফুলৰ সিঁচিছে ধুনীয়া গুটি ৷ তই জগাব লাগিব ভাৰতৰ জন জিনিব লাগিব পৃথিৱীৰ মন, তয়ে অসমৰ তয়ে ভাৰতৰ তয়ে জগতৰ তয়ে অভিনৱ জ্যোতি তয়েই বালাৰ্জ্জুন তবেই বালাৰুণ ৷ মহামহত্বৰ চিৰসুন্দৰৰ আলোকদীপ্ত অজেয় সেনাপতি কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি আলোকদীপ্ত অজেয় সেনাপতি। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=3723.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|