Difference between revisions 40789 and 40790 on aswikisource⏎ ⏎ {{header | title = মেধি তীৰ্থলৈ যায় | author = দণ্ডিনাথ কলিতা | translator = | section = | previous = | next = | notes = }} <Poem> কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ ,
কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায়;
পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায়।
⏎ লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি,
ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই;
গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায়।
⏎ দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,
নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই।
ধুতি গাৰে মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায়?
⏎ কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ?’
মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’
শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’;
কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়।
⏎ জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি;
পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই,
লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায়।
⏎ দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি,
এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই;
সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়।
⏎ তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল,
বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায়?
কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায়।
<poem/> [[Category:কবিতা]] [[শ্ৰেণী:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=40790.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.