Difference between revisions 4364 and 4365 on aswikisource::::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সৌোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। ::::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ ::পাৰ্ৱতীক সেৱা কৰো, ::ফৰলী আইকো কৰোঁ সাত সেৱা ::মণিৰামৰ ভণিতা জোৰোঁ।⏎ ⏎ ::::::৩ ::কোনে বোলে জীলে, ::ইংৰাজে দেশখন আকৌ আমাক দিলে ::::::৪ ::কোনো বোলে চৰিল, ::ইস্কট চাহাবেৰে সখি কৰিলে। ::চাহাবে কলেহি বুজাই, ::অসম দেশ লব লাগে ::বৰ লুইতে উজাই। ::::::৫ ::নহ'বলৈ হ'ল ::অসম দেশ গুচি ::বঙাল দেশ হ'ল। ::নহ'বলৈ হ'ল ::ইংৰাজ উঠা দেখি ::ৰাইজৰ মন ভাল হ'ল। ::::::৬ ::মনে গুণি চালে- ::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে ::অনেক গুণনি ধৰিলে দেৱানদেৱৰ ::ভাটীলৈ ভটিয়াই গ'ল। ::বঙালৰ ঘৰতে আপালি মিলিল ঐ ::দেশখন তল-ওপৰ হ'ল। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4365.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|