Difference between revisions 4408 and 4410 on aswikisource

{{header
 | title      = ৰূপহী
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = 
 | next       =
 | year       = 
 | portal     = 
 | wikipedia  =  
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

<poem>
পৃথিৱীৰ সকলো আপচুতাই যদি ক’লা বৰণ সানি যায়হি তথাপি সেই সৌন্দৰ্য্যৰ ছায়া কল্পনাৰপৰা মচ খাই নায়ায়। সেই সৰু টিলাটি, তাৰ তলত সেউজীয়া কোমল বননিখনি, ওখ ওখ গছকেজুপি, বিশাল সেই ফটফটীয়া জোলৰ লুইতখনি, তাৰ পাৰে পাৰে যুগান্তৰৰ ডাঙৰ ডাঙৰ নীলা, গছকেশাৰী আৰু দূৰ-দূৰণিৰ নীলা পৰ্ব্বতৰ আঁৰত মুখ লুকোৱা সেই কম্পিত দিন-দেৱতাৰ ৰঙা ঘূৰণীয়া মুখখনি, ৰঙা নীলা সোণোৱালী পাটলি পিন্ধা ডাৱৰকেডুখৰি কোনে পাহৰিব? সেই ফুলৰ সুগন্ধ, চৰাইৰ গীত, লুইতৰ হো হো শব্দ আৰু মৃদু-মৃদুকৈ বলি অহা শীতল সমীৰণ আৰু সেই কোমল শুৱলা বনগীত গোৱা(contracted; show full)আন্ধাৰী ৰাতিয়ে
পৃথিৱীত ভৰিটি থলে,
বগী ৰাধিকায়ে
ঘৰলৈ খোজে দি
ক’লাৰ হিয়া উৰুৱাই গলে।
<poem/>

[[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্প]]