Difference between revisions 4460 and 4462 on aswikisource

{{header
 | title      = মণিৰাম দেৱানৰ গীত
 | author     = অনামী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
(contracted; show full):::::৫১
::ই বোলে মণিৰাম, সি বোলে মণিৰাম
:::মণিৰাম কেহেলৈ গ'ল,
::ছকুৰি চিকাৰূপ কঁকালত বান্ধি লৈ 
:::মণিৰাম ভটীয়াই গ'ল।

:::::৫২


:::::৫৩

:::মাকে কান্দিলে গঞায়ো কান্দিলে
:::কান্দিলে ডালৰে মিৰি,
::পাটীৰে তিৰুতাই কান্দে বিলাপ কৰি
:::চুলি চিঙি কাতৰে ধৰি।

:::::৫৩
::বৰখন বজাৰৰ তিল অ' মণিৰাম
:::সৰুখন বজাৰৰ তিল,
::মণিৰাম দেৱানক ফাঁচীকাঠত তুলিলে
:::গলিব ধৰিলে শিল।

:::::৫৪

:::::৫৫::লেঙি তামোলৰ পুলি ঐ মণিৰাম
:::লেঙি তামোলৰ পুলি,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::তললৈ নামিলে চুলি।

:::::৫৫
::লৰে মাৰি ভাঙে শলেমাৰি
:::গাহৰিয়ে ভাঙিলে গৰাল,
::শুকুৰবাৰৰ দিনাখন কালক্ষণ লাগিলে
:::হাততে ঐ মণিৰাম হেৰাল।

:::::৫৬
::জিলিকি আহিলে চৰা নাওখনি
:::জিলিকি আহিলে টিং
::তাৰে মাজতে মণিৰাম জিলিকিল
:::গলধনৰ চুলিতে চিন।

:::::৫৭
::বৈ নববি চৈ  ঐ মণিৰাম
:::বৈ নববি চৈ,
::উধান যেন খোপা মই বান্ধি পঠিয়াম
:::ৰংপুৰত মেলিবি গৈ।

:::::৫৮
::ম'হত পৰিলে চুটীয়া শালিকা
:::আমত মলিয়ালে মল,
::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
:::বুকু হমহমাই গ'ল।

:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।

[[Category:মালিতা]]