Difference between revisions 4704 and 4724 on aswikisource{{header | title =কেলেই লাগিছে অনন্ত জীৱন | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[কেতেকীৰ পাহি যেন নিমজ]] | next = [[কোন সোণ সপোনৰ]] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | wikinews = | wiktionary = | wikibooks = | meta = | notes = }} <poem> কেলেই লাগিছে অনন্ত জীৱন অনন্ত দিনৰে ভৰা দিনৌ দিনৌ একে জোন বেলি একে আকাশৰে তৰা অনন্ত কালৰ অনন্ত মানৱে কিয় সুঁৱৰিব মোক ? নতুন মানৱে নতুন কালত গঢ়োক নতুন লোক ৷ দুদিনলে’ ফুলি দুদিনলে’ হাঁহি দুদিনীয়া গান গাম দুদিনতে মই অৰ্ব্বুদ যুগৰ আনন্দৰ কণা পাম ৷ অমৰ হৈ মৰ্ম্মৰ মূৰুতি নেলাগে নেগাওঁ মই দুদিনলে’ মই ইয়ালে’ আহিলো দুদিনতে যামগৈ ৷ সুঁৱৰিব মোক নালাগে কেৱেই বেজাৰৰ গীত গাই অতীতৰ এই আনন্দ কোঠাই সুন্দৰ হ্মোৰ ঠাই ৷ সৃজিৰ আজীৱন মাত্ৰ এদিন এখন্তেক লাগে তোৰ সঙ্গ এদিনতে কৰি চিৰদিনলৈ সাৰ্থক জনম মাগিছে পুত্ৰ-দান নামানে তোৰ প্ৰতিনিধি তাতে সমৰ্পি সকলো ভৱিস্য জুৰাৰ জীৱন পাব শান্তি আত্মাৰ ৷ কোন সতে তই কোন প্ৰাণহীন বেদ মানি ? কাৰ ক’ব হ’ব হানি ? দিয় যদি কোঠালি ওলাই চকুপানী মচি প্ৰণয়াকাঙ্ক্ষিনী পবিত্ৰতাৰ ? </poem>⏎ ⏎ [[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=4724.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|