Difference between revisions 7168 and 7245 on aswikisource{{header | title = মাধৱ কন্দলী | author = হেমচন্দ্ৰ গোস্বামী | translator = | section = | previous = | next = | year = | portal = | wikipedia = | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = ''বাঁহী'' আলোচনীত প্ৰকাশিত }} ⏎ ⏎ <poem> অসমীয়া সাহিত্য আকাশৰ সুবিমল শশধৰ মাধৱ কন্দলীক অসমীয়া সাহিত্যৰ আদি কবি বুলি ধৰিব পৰা যায়। তেওঁৰ পূৰ্বে আমাৰ সাহিত্যত ৰুদ্ৰ কন্দলী আৰু হেমচন্দ্ৰ আদি যি দুই-চাৰিজন কবিৰ নাম পোৱা যায়, মাধৱ কন্দলীৰ লগত তেওঁবিলাকৰ কোনো প্ৰকাৰে তুলনা নহয়। যেতিয়া অসমীয়া সাহিত্যৰ অৱস্থা নিচেই কুমলীয়া, যেতিয়া অসমীয়া ভাষাই ঠুনুক-ঠানাক মাতেৰে গাঁৱলীয়া গীত মাথোন গাবলৈ শিকিছিল, যেতিয়া আৰ্য্যবিলাকৰ শিক্ষা-দীক্ষা সকলো সংস্কৃত সাহিত্যত আবদ্ধ আছিল আৰু যেতিয়া কেৱল দুজন-এজন সাহিয়াল ব্ৰাহ্মণ পণ্ডিতে তলৰ শ্ৰেণীৰ মানুহৰ(contracted; show full) তেনেহলে মহামাণিক্য দেড়চোং ফাৰ পৰা পাঁচপুৰুষ। এক পুৰুষত ত্ৰিশ বছৰ ধৰিলেও মহামাণিক্য দেড়চোং ফাৰপৰা ১৫০ বছৰৰ আগৰ হব। তেনেহলে মহামাণিক্যৰ আনুমানিক কাল প্ৰায় ১৪১৯-১৫০০ অৰ্থাৎ ১২৬৯ শক। মহামাণিক্যৰ অনুৰোধত যেতিয়া মাধৱ কন্দলীয়ে ৰামায়ণ লেখিছে বুলি কৈছে তেতিয়া তেওঁও সেই সময়ৰে অৰ্থাৎ ১২৬৯ শকৰ লোক আছিল বুলি অনুমান কৰিলে বেছি ভুল কৰা নহব। এতিয়া তেওঁৰ ঘৰ ক’ত আছিল তাক আমাৰ শিক্ষিত ডেকাসকলে অনুসন্ধান কৰি প্ৰকাশ কৰিলে এটা বৰ ডাঙৰ কাম কৰা হব। (‘বাঁহী’ আলোচনীত প্ৰকাশিত)⏎ ⏎ [[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?diff=prev&oldid=7245.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|