Revision 2407 of "জেংৰাই" on aswikisource

==জেংৰাই ১৯৬৩==
কবি: অজিত বৰুৱা

আন্ধাৰ হোৱাৰ অলপ আগেয়ে

আমি সোৱণশিৰিত পৰিলো৷  আৰু

সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালো৷

আমি অন্ধবিশ্বাসী

কেৱল

আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন!

ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো৷

(চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?)

ওপৰে তৰা
আমাৰ ম’হৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড-সঙ্গীত বাজে
আৰু এই-এয়েনেকি সেই বাঘটোৰ গোন্ধত উজাৰ খোৱা
ম’হৰ জাকৰ ঘণ্টাৰ আত্ৰাণি?…

ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ
ডকা ফুলা গোন্ধ, টকা ফুটা গোন্ধ!!!

নাৱৰ টিঙত শুই
তৰা আৰু বোকা একেলগে দেখি!
বাঘৰ গোজৰ ম’হৰ ঘণ্টা জলকুঁৱৰীৰ গীত
একেলগে বাজে বেসুৰা সুৰীয়াকৈ!!

ৰাতি দুপৰত
মনিব পৰাৰ সীমাৰ শেষত
নে চকুৰ মণিৰ ভিতৰ-ফালত
দুকুৰা জুয়ে অহা-যোৱা কৰে নিৰন্তৰে৷
উকাৰ জুই, সময়ৰ দুৱাৰত পহৰাদাৰ;
নহ’লে, আঁৰ-কপোৰ গুচাত-
সেয়ে বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই
“ভাতৃ    অনল  এহিসে ক্ষণত   হৈবা কৰুণাময়”…

“কিনো জুয়ে লগা চকু”

“ভাবি চালে লিলিমাই এই জীৱনত একো নাই”

ৰাতি পুৱালত আমি নাও মেলিলো৷ আৰু
(মোৰ হঠাৎ যেনেই লাগিল)
দুটা গঙা-চিলনীয়ে
কুঁৱলীৰ মাজত ঘূৰিবলৈ ল’লে৷