Revision 2520 of "গোলাপ" on aswikisource

{{header
 | title      = গোলাপ 
 | author     = ৰঘুনাথ চৌধাৰী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}

<poem>
কাৰ পৰশত ফুলিলি বান্ধৈ
অ’ মোৰ সাদৰী ফুলাম পাহি ?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি ?

কোন নন্দনত লগালি চমক,
নাচিছে য’ত পৰি বুলবুল,
অভিশপ্ত হৈ বিলাস-কুঞ্জত
প্ৰেম-মদিৰাত যেন মচগুল ?

হাছনা্হানাৰ তীব্ৰ গন্ধত
সপোন-বিভোৰ মাধবী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?

আৰব-পিয়াৰী বছৰা ৰাণীৰ
গুল-বদন পেলালি জুৰ,
ভাঁহি ফুৰে তোৰ ৰূপ-তৰঙ্গত
পাপিয়াৰ স্নিগ্ধ কৰুণ-সুৰ ?

ফুলিলি যিদিনা মৰু উদ্যানত
উৰিল সৌৰভ জগত জুৰি,
গগণ্চুম্বী কলোছাছে তোৰ
পান কৰিলে ৰূপ-মাধুৰী !

আছিলিনে প্ৰিয়ে বেবিলনৰ
গুল-বাগানত ফুলৰ ৰাণী ?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মুখৰ অমৰ বাণী |

ৰূপ ৰস গন্ধ পৰশ প্ৰেমত
জিনিলি পিয়াৰা হিন্দুস্তান,
বাদছাি হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান |

তোৰ ই ৰূপ জগতৰ বিভোল
ঢালিলি প্ৰেমৰ বিমল ধাৰা ,
দিল্লী বেগম নুৰজাহানৰ
আছিলিনে তয়ে দিলবাহাৰা ?

কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ?
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !

কত কাব্য-গাথা, অতীতৰ স্মৃতি,
উদাস প্ৰেমৰ মূৰ্ত্ত বিকাশ,
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হা-হুতাশ !

ফুলিবিনে মোৰ মানস-কুঞ্জত
অ’ মোৰ দৰদী ফুলাম পাহি ?
উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ
পুলক-ভৰা মিলন-বাঁহী ?

<poem/>
[[Category:কবিতা]]
[[Category:ৰঘুনাথ চৌধাৰীৰ সাহিত্যকৰ্ম‎]]