Revision 2545 of "কবীৰৰ দোহা" on aswikisource'''ভক্ত কবীৰৰ দোহা''' মাত্ৰ দুটা দুটা শাৰীত লিখি থৈ যোৱা ভক্ত কবীৰৰ দোহাখিনিয়ে জীৱনৰ, জগতৰ বহুত কথা কৈ দিয়ে | ১) “চলটি চক্কী দেখ্ কৰ দিয়া কবীৰা ৰ’ই ::দো পাতন্ কে বীছ্ মে চাবুত্ বছা না কোই” ঘূৰি থকা জাটৰ শিলৰ পতাদুখনে শইচখিনি গুৰি কৰি থকা দেখি কবীৰৰ চকুপানী ওলাইছিল| শিলৰ পতাদুখন তেওঁ আকাশ আৰু ধৰিত্ৰীৰ লগত তুলনা কৰিছিল আৰু শইচখিনি যেন মানুহ| যি এবাৰ এই অনবৰতে চলি থকা শিলৰ পতাদুখনৰ মাজত আহে তেওঁ টুকুৰা-টুকুৰ হবই| ২) “বুৰা য’ দেখন্ মে চলা, বুৰা না মিল্যা কোই ::যো মন খোজা আপ্না, ত’ মোজ্ছে বুৰা না কোই” কবীৰে কৈছে – তেওঁ এজন মাত্ৰ বেয়া মানুহ বিচাৰি ফুৰিছিল, কিন্তু নাপালে| শেষত যেতিয়া নিজৰ মনৰ ভিতৰলৈ চাই পঠালে তেতিয়া দেখিলে যে আটাইতকৈ বেয়া মানুহজন নিজৰ মনৰ ভিতৰতে সোমাই আছে| ৩) “কাল কৰে চ’ আজ কৰ্, আজ্ কৰে চ’ অব্ ::পল্ মে প্ৰলয় হয়েগী, বহুৰী কৰোগে কব্” কবীৰে কৈছে - কৰিব খোজা কামটো কাইলৈ কৰাতকৈ আজিয়েই, এতিয়াই কৰি পেলোৱা| সময়ৰ এই ক্ষণটি হেৰাই গ’লে, কামটো কেতিয়া কৰিবা ? ৪) “এইছী ৱাণী ব’লিয়ে, মন্ কা আপা খোৱে ::পৰাণ্ কো ছিতল্ কৰে, ঔৰণ্ কো সুখ্ হোৱে”” কবীৰে কৈছে – কথা কওঁতে এনেকুৱা শব্দ ব্যৱহাৰ কৰিবা যাতে তোমাৰ অহঙ্কাৰ আঁতৰি যায় আৰু মনটোৱে শান্তি পায় আৰু লগতে অনেও তোমাৰ কথা শুনি সুখ পায়| ৫) “ধীৰে ধীৰে ৰে মন্, ধীৰে চব্ কুছ্ হোৱে ::মালী চিঞ্চে চ’ ঘাৰা, ঋতু আয়ে ফল হোৱে” কবীৰে কৈছে – মনৰ গতি কম কৰা, সকলো কথা নিজৰ সময়মতে লাহে-ধীৰে, কিন্তু নিশ্চিতভাৱে হয় | মালীয়ে গছজোপাত দিনে এশবাৰ পানী দিলেও ফল কিন্তু ঋতুমতেহে আহিব| ৬) “ছায়ী ইত্না দিজিয়ে, যো মে কুতুম্ব চমায়ে ::মে ভী ভোকা না ৰহো, চাধু না ভোকা যায়ে” কবীৰে কৈছে – হে ভগৱান, মোক সিমানখিনি দিয়া যিমানখিনিৰে মোৰ আত্মীয়-পৰিয়াল ভোকত থাকিবলগীয়া নহয়, মই নিজে ভোকত থাকিবলগীয়া নহয় আৰু মোৰ ঘৰলৈ অহা সাধু-সন্তসকলে মোৰ ঘৰত নোখোৱাকৈ ঘূৰি যাব লগা নহয় | ৭) “বড়া হোৱা ত’ ক্যা হোৱা, যেইচে পেড় খেজুৰ ::পন্থী ক’ ছায়া নেহী, ফল্ লাগে অতি দূৰ” কবীৰে কৈছে – তুমি ডাঙৰ মানুহ, ধনী, ক্ষমতাশালী হৈ কি লাভ যদিহে তুমি এজোপা খেজুৰ গছৰ দৰে হোৱা ? খেজুৰ গছে বাটৰুৱাক ছাঁ দিব নোৱাৰে, তাৰ ফলো অতি দূৰত লাগে| ৮) “যেইছে তিল্ মে তেল্ হ্যাই, য্য’ চক্মক্ মে আগ্ ::তেৰা ছায়ী তোজ্মে হ্যাই, তু জাগ্ চকে ত’ জাগ্” কবীৰে কৈছে – তিলৰ ভিতৰত যেনেকৈ তেল থাকে, টিঙিৰি-শিলৰ ভিতৰত যেনেকৈ জুই থাকে, তেনেকৈ তোমাৰ ভগৱান তোমাৰ ভিতৰতে থাকে | তুমি চিনিব পাৰা যদি চিনি লোৱা| ৯) “মাংগন্ মৰণ চমান্ হ্যাই, মত্ কোই মাংগে ভিখ্ ::মাংগন্ চে মৰ্না ভালা, য়হ্ সত্গুৰু কী ছীখ্” কবীৰে কৈছে – (নিজৰ বাবে) ভিক্ষা কৰাটো মৰণৰ সমান, ভিক্ষা কৰাতকৈ মৰণেই শ্ৰ্যেয় | তোমাৰ থকাখিনি পাৰিলে আনৰ বাবে ব্যৱহাৰ কৰা | নিজৰ সময়, পৰিশ্ৰম আৰু বন্ধুত্ত্ব আনক দিয়া, আনৰপৰা নিবিচাৰিবা | ১০) “মায়া মৰী না মন মৰা, মৰ্ মৰ্ গয়া ছৰীৰ্ ::আশা তৃষ্ণা না মৰি, কেহ্ গয়া দাছ্ কবীৰ” কবীৰে কৈছে – জীৱনৰ মায়াখিনিক মনটোৱে ৰক্ষণাবেক্ষণ দিয়ে | শৰীৰৰ মৃত্যু হৈ যায়, কিন্তু এই মায়া আৰু মনৰ মৃত্যু নহয় | জীৱনত আশা আৰু তৃষ্ণাৰ অন্ত নাই | ১১) “কবীৰ খাড়া বাজাৰ মে, মাংগে ছব্কী খ্যেৰ ::না কাহো ছে দোষ্টি, না কাহো ছে বেৰ” মানুহৰ ভীৰত থিয় হৈ কবীৰে সকলোৰে উন্নতি বিচাৰিছে | কাৰো প্ৰতি বিশেষ বন্ধুভাৱ বা বিশেষ শত্ৰুভাৱ নাই | ১২) “পুথি পঢ় পঢ় কৰ জগ্ মৌৱা, পণ্ডিত ভয়ো না কোই ::ধাই অক্সৰ প্ৰেম কা, যো পঢ়ে চ’ পণ্ডিত হোই” কবীৰে কৈছে – যিমানেই কিতাপ পঢ়া নাযাওক কিয়, মাত্ৰ কিতাপ পঢ়ি কোনো জ্ঞানী হব নোৱাৰে | প্ৰেম শব্দটোৰ আঢ়ৈটা আখৰ যি প্ৰকৃতাৰ্থত বুজি পায় তেওঁহে জ্ঞানী | ১৩) “দুখ মে চিম্ৰণ চব্ কৰে, ছুখ মে কৰে না কোই ::যো ছুখ মে চিম্ৰণ কৰে, ত’ দুখ কাহেকো হোই” কবীৰে কৈছে – দুখৰ সময়ত “তেওঁক” সকলোৱে স্মৰণ কৰে, কিন্তু সুখৰ সময়ত স্মৰণ নকৰে | যি সুখৰ সময়তো “তেওঁক” স্মৰণ কৰে তেওঁৰ ওচৰলৈ দুখ ক’ৰপৰা আহিব | ১৪) “গুৰ ধ’বি ছিখ কাপ্ড়া, চাবো সৃজন হৰ্ ::ছুৰ্টি চিলা পোৰ ধুইয়া, নিক্সা জ্যোতি অপাৰ্” কবীৰে কৈছে – গুৰু হৈছে ধোবা, কাপোৰ হৈছে শিক্ষা, চাবোন হৈছে সৃষ্টিকৰ্ত্তা, গুৰুৱে শিষ্যৰ মনটো সম্পূৰ্ণকৈ ধুই দিয়াৰ পিছত শৰীৰৰ পৰা জ্ঞানৰ জ্যোতি বিকিৰণ হয় | ১৫) “জীৱত্ চমঝে, জীৱত্ বুঝে, জীৱত হী কৰো আঁছ্ ::জীৱত কৰম্ কী ফাঁচী না কাটি, মৌৱে মুক্তি কী আঁছ্” কবীৰে কৈছে – জীয়াই থাকোতেই শিকি, বুজি, মায়া-মোহৰ ফাঁচৰ জৰীদাল কাটিব নোৱাৰিলে মৃত্যুৰ সময়ত মুক্তিৰ আশা কেনেকৈ কৰিবা | ১৬) “অকথ্ কাহানী প্ৰেম কী, কুছ্ কহী না যায়ে ::গুংগে কেৰী ছৰকাৰা, বৈথে মুছ্কায়ে”” কবীৰে কৈছে – প্ৰেম অপ্ৰকাশৰ কাহিনী, কোনো কথা কোৱা নাযায়, যিদৰে বোবা মানুহে মিঠাই খাই মাত্ৰ তৃপ্তিৰ হাঁহি মাৰে, প্ৰেমো তেনেকুৱাই | ১৭) “চিন্তা এইছি ডাকিনী, কট্ কলেজা খায়ে ::বৈদ্ বেছাৰা ক্যা কৰে, কাহা তক্ দৱা লগায়ে” কবীৰে কৈছে – চিন্তাই মানুহৰ হৃদয় থান-বান কৰি দিব পাৰে | চিন্তাৰ কোনো ঔষধ নাই | ১৮) “গৰ্ব্ না কিজিয়ে, উছা দেখ্ আৱাচ্ ::কাল পৰাণ পুণো লেট্না, ওপৰ ঝম্চি ঘাছ্” কবীৰে কৈছে – নিজৰ বিপুল সা-সম্পত্তি লৈ গৰ্ব নকৰিবা, অহঙ্কাৰ নকৰিবা | কাইলে যেতিয়া শুই পৰিবা, তোমাৰ ওপৰত ঘাঁহ গজিব | ১৯) “গৰ্ব্ না কিজিয়ে, কাল গহে কৰ্ কেছ্ ::না জানে কিট মাৰে হ্যাই, ক্যা দেছ ক্যা পৰ্দেছ” কবীৰে কৈছে – গৰ্ব নকৰিবা, সময়ৰ খামোচ বৰ কঠিন | সময়ে কাক কেতিয়া ক’ত ধ্বংস কৰি দিব, ঘৰতেই নে পৰতেই, কোনেও নাজানে | ২০) “কবিৰা কিয়া কুছ্ না হোতা হ্যাই, আন্কিয়া ছব্ হোৱে ::যো কিয়া কুছ্ হোতে হ্যাই, কৰ্ত্তা ঔৰ কোৱে” কবীৰে কৈছে – কবীৰৰ কথামতে (মানে আমাৰ নিজৰ ইচ্ছামতে) একো নহয় | কবীৰে কথামতে (মানে আমাৰ ইচ্ছামতে) হোৱা যেন লাগিলেও যি হয় তাৰ কৰ্ত্তা “আন কোনোবা” | ২১) “জীও নেইনো মে পুত্লী, তিয় মালিক ঘাট মাহী ::মুৰখ্ লোগ না জানি, বাহাৰ ধুণ্দে যাহী” কবীৰে কৈছে – চকুৰ মণিৰ দৰেই তোমাৰ ভগৱানো তোমাৰ ভিতৰতে আছে| অজ্ঞসকলে এই কথা নাজানি ভগৱানক বাহিৰত বিচাৰি ফূৰে| ২২) “যব তু আয়ে জগ মে, লোগ হাঁছে তু ৰোৱে ::এইছি কৰণি কৰ্ চলো, কি তু হাঁছে লো্গ ৰোৱে” কবীৰে কৈছে – যেতিয়া তুমি জন্ম হৈছিলা, তুমি কান্দিছিলা আৰু সকলোৱে হাঁহিছিল| জীয়াই থাকি এনে কাম কৰা যাতে তুমি যাবৰ সময়ত হাঁহি হাঁহি যাবগৈ পাৰা আৰু সকলোৱে কান্দে| ২৩) “পেহ্লে আগন্ বিৰ্হা কী, পিছে প্ৰেম কী প্যাচ্ ::কহে কবীৰ তব্ জানিয়ে, নাম মিলন কী আঁচ্” কবীৰে কৈছে – প্ৰথমে বিৰহৰ যান্ত্ৰনা, তাৰ পিছত প্ৰেমৰ তৃষ্ণা| তাৰ পিছতহে বুজি পাবা মিলনৰ সুখ| ২৪) “আগ্ যো লাগী চমন্দ মে, ধোঁৱা না প্ৰগত হোৱে ::চ’ জানে য’ যাৰমুৱা, জাকি লাগি হোৱে” কবীৰে কৈছে – সমূদ্ৰত জুই লাগিছে, ধোঁৱা অদৃশ্য হৈ আছে| যি তাৰ মাজত আছে আৰু জুইত জ্বলিছে তেওঁহে মাত্ৰ জানে এই কথা | ২৫) “কবীৰ ছ’ ধন চাঞ্চিয়ে, যো আগে কো হোই ::ছেচ ছৰায়ে পাতলি, লে যাত না দেখা কোই” কবীৰে কৈছে – বৰ্ত্তমানটো লৈ সুখী হোৱা, ভবিষ্যতৰ বাবে সাঁচি থৈ আজিলৈকে কাকো ধন-সম্পত্তি লগত লৈ যোৱা দেখা নাই | ২৬) “আছা জীয়ে জগ্ মৰে, লোগ মৰে মৰ যায়ে ::ছ’ৱে চুবে ধন চাঞ্চে, ছ’ উব্ৰে যো খায়ে” কবীৰে কৈছে – মানুহৰ বাৰে বাৰে মৃত্যু হয়, কিন্তু আশা জীয়াই থাকে| এদিন মানুহ জাগিব আৰু ধন-সম্পত্তিৰ মায়া ত্যাগ কৰি মুক্ত হব | ২৭) “এক কহো ত’ হে নেহী, দো কহো ত’ গাৰী ::হ্যাই যেইছা তেইছা ৰহে, ক’হে কবীৰ বেচাৰী” কবীৰে কৈছে – মই যদি (বৈচিত্ৰৰ মাজত) এক বুলি কওঁ, সেই একক দেখা পোৱা নাযায়| যদি দ্বৈত বুলি কওঁ, তেন্তে “তেওঁক” উলংঘা কৰা হয় | “তেওঁ”ক “তেওঁ”ৰ দৰেই থাকিবলৈ দিয়া, বিশ্লেষণ নকৰিবা| ২৮) “য়ে ঘৰ প্ৰেম কা, খালা কা ঘৰ নাহী ::চেচ উতাৰা হাথ কৰ্, চ’ পাচে ঘাৰ মাহী” কবীৰে কৈছে – এয়া প্ৰেমৰ ঘৰ, তোমাৰ খুৰীয়েৰাৰ ঘৰ নহয়| যিয়ে (মনৰ) কলুষতাখিনি ধুই নিকা কৰিব পাৰিছে, তেওঁহে এই ঘৰলৈ আহিব পাৰে | ২৯) “মালা ত’ কৰ্ মে ফীৰে, জিভ্ ফীৰে মুখ মাহী ::মনোৱা ত’ ছাৰো দিছ ফীৰে, য়ে ত’ চিম্ৰণ নাহী” কবীৰে কৈছে – জপমালা হাতত ঘূৰি থাকিব পাৰে, জিভাই মুখৰ ভিতৰত মন্ত্ৰ উচ্চাৰণ কৰি থাকিব পাৰে, কিন্তু মনটো যদি চাৰিওদিশে ঘূৰি ফূৰে, তেন্তে সেয়া ধ্যান/তপস্যা নহয়| ৩০) “যব মে থা তব্ হৰি নেহী, অব্ হৰি হ্যাই মে নেহী ::চব্ আন্ধিয়াৰা মিত্ গয়ে, যব্ দীপক দেখা মাহী” কবীৰে কৈছে – যেতিয়া মই আছিলো (মই মানে মোৰ অহংকাৰ) তেতিয়া হৰি (ভগৱান) নাছিল, যেতিয়া হৰি আহিল মই নাই (মোৰ অহংকাৰ শেষ হৈ গ’ল) | নিজৰ ভিতৰতে ভগৱানৰ জ্যোতি দেখা পোৱাৰ পিছত মোৰ সন্মুখৰ পৰা অন্ধকাৰ আঁতৰি গ’ল| ৩১) "কেশো কাহা বিগাড়িয়া, যো মুণ্ডে শৌ বাৰ্ ::মন্ কো কাহে না মুণ্ডিয়ে, জমে বিশেয় বিকাৰ্" কবীৰে কৈছে – চুলিখিনিয়ে কি অপকাৰ কৰিলে যে তুমি তাক বাৰে বাৰে খুৰাই থাকা| তোমাৰ মনটোত দিনে দিনে বৃদ্ধি পাই যোৱা অসংখ্যাত বিষয়-বাসনা, হিংসা-কপটতাখিনিৰ বাবে তোমাৰ মনটোক কিয় মুণ্ডন নকৰা? ৩২) "মুণ্ড মুণ্দাৱত দিন গয়ে, অঝান্ না মিলিয়া ৰাম ::ৰাম নাম কহো ক্যা কৰে, যো মন্ কে আঁৰে কাম" কবীৰে কৈছে – চুলি খুৰাই খুৰাই (মানে আনক দেখুৱাই) দিন পাৰ কৰি দিলা, তথাপিতো ৰামৰ (মানে ভগৱানৰ) সংগ নাপালা | যদিহে মনত কাম-ক্ৰোধ-হিংসা-কপটতা থাকে, ৰাম নাম উচ্চাৰণ কৰি কি লাভ হব| ৩৩) “কবীৰ তেৰী ঝোপ্ৰী গল কাটিয়ন কে পাচ্ ::জো কৰেংগে চ’ ভৰেংগে তু কিউ ভয়ো উদাচ্” কবীৰে কৈছে – তোমাৰ ঘৰ কচাইৰ দোকানৰ কাষতে হ’ল বুলি তুমি কিয় উদাস হৈছা ? যি আৰ্জিব সিহে ভুঞ্জিব| ৩৪) “কবীৰ চয়ী চুৰ্মা, মন্ চো মাৰে যুজ ::পাঞ্চ প্যাৰা পৰী লে, দুৰ কৰে চব্ ডুজ” কবীৰে কৈছে – তেওঁ অকলশৰীয়া যোদ্ধা, যি নিজৰ মনৰ লগত যুদ্ধ কৰে আৰু পঞ্চ ইন্দ্ৰিয়ক দমন কৰি সকলো “দ্বৈত”ক (মানে পৰস্পৰ বিৰোধী চিন্তা আৰু কাম) দূৰ কৰে| [[Category:দোহা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=2545.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|