Revision 2725 of "ঝুমুড়া" on aswikisourceঅনিৰুদ্ধদেৱ (১৫৫৩-১৯২৬) এ ভাই কমনে কৰ বিহাৰ ৷ প্ৰচণ্ডবেগৰ ঠাঠে ৰুহি আসে উমান নপৱা গাৰ ৷৷ গন্ধৰ্ব্ব-কতক গোটে গোটে পড়ি আগতে মৰিয়া যাই ৷ ত্ৰিশ পাইকৰ হাজৰা পড়য় ৰঙ্গ কৰ তাকে চাই ৷৷ লস্কৰগোট আগতে পড়য় আনন্দ কৰ অধিক ৷ সকলে কটক পাড়ি আনিলেক উমান নপৱা কিক ৷৷ শিলাঞ্চাৰ গড় ভাঙ্গিয়া কতক ইটাৰ গড় খসাই ৷ তথাপি নিসাৰে আছ কেনে ভাই অগ্নিৰ গড় নিমাই ৷৷ প্ৰচণ্ডবেগৰ বহিনী সুন্দৰী জৰা আসি লাগ পাই ৷ অলক্ষিতভাৱে পুৰুষক পাই স্বামী বৰিলেক তাই ৷৷ তেজ মাংস যত আগতে শোষয় ছাল হোৱে সোটাসোট ৷ ভাই ভনীয়ে নগৰ বেঢ়িয়া দিয়ে আতি বড় চোট ৷৷ যৱন পাইক দুৱাৰ ভেটয় ওহলাইবে শকতি নাই ৷ ভয়ে নৃপতিও গৰ্জ্জিবাক লৱৈ সিতো পুৰুষক চাই ৷৷ মৃত্যুৱে নিকট চাপিলেক আসি নিবেক ডোল লগাই ৷ তথাপিতো তাৰ ইটো বিমৰিষ মনৰ অগ্ৰতো নাই ৷৷ ধন-জন-ক্ষেত্ৰ- বিষম সুখত আনন্দ মানে অধিক ৷ যদ্যপি বিষয় ভূঞ্জিবে নুৱাৰে তাতে ৰতি আত্যন্তিক ৷৷ হৰি-চৰণত শৰণ পশিয়া নকৰ যাৱে ভকতি ৷ কালৰ হাতৰ এড়াইবেক লাগি আছয় কাৰ শকতি ৷৷ কৃষ্ণৰ চৰণে ভকতি-বিহীন হুয়া মূঢ় অল্পমতি ৷ কহে অনিৰুদ্ধ ইবাৰ কৰুণা কৰা মোক যদুপতি ৷৷ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=2725.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|