Revision 2727 of "কিবা যেন নাই নাই" on aswikisource'''যমুনেশ্বৰী খাটনিয়াৰ''' (১৮৯৯-১৯২৪) অগণন তৰা জলে নীল আকাশত, জোনায়ে কিৰণ ঢালে নিতে অবিৰত; যেনি চাওঁ সকলোৰে মুকলি অন্তৰ; কিন্তু কিয় মোৰ মনে নেদেখে পোহৰ! কত ফুল ফুলে আৰু কত সৰি যায়, মলয়াৰ মউ সনা বায়ুছাটি পাই গছৰ ডালৰপৰা ভৰ দুপৰীয়া জিলীয়ে ৰাগিণী টানে মন হৰি নিয়া | ফুলে গোলাপৰ পাহি তিৰবিৰ কৰি, হাঁহি থাকে লয়লাসে কিনা শোভা ধৰি | এনুৱা শোভাতো মন নুভুলেযে মোৰ, বুজা নাই হিয়া মোৰ কিহত বিভোৰ | ভাগৰুৱা জগতক জিৰণি বিলাই সন্ধিয়া সূৰুজদেৱ ধীৰে চলি যায়; সেই সময়তো প্ৰাণে নাপায় জিৰণি মোৰযে অন্তৰ হায় অতৃপ্তিৰ খনি! আহিছে বসন্ত কাল কুলিৰ মাতেৰে, গছ-লতা জকমক নতুন পাতেৰে; এনে ৰূপ এনে শোভা এনে ৰং চাই সকলোৱে ভাবে আৰু এনে সুখ নাই! উষা সময়ত বলা জুৰ মলয়াই তাপিত প্ৰাণক ধীৰে যায় নিচুকাই; তেও কিয় মন মোৰ অথিৰ সদায় দিনে-ৰাতি ভাবে যেন কিবা নাই নাই!! All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=2727.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|