Revision 2760 of "গীত (উমেশচন্দ্ৰ চৌধাৰী)" on aswikisource{{header
| title = গীত
| author = উমেশচন্দ্ৰ চৌধাৰী
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = উমেশচন্দ্ৰ চৌধাৰী
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
::।।১।।
<poem>
চেনেহী মোৰ মাতৃভাষা
তুমিযে মোৰ বুকুৰ বাণী,
তুমিযে মোৰ লীলাময়ী,
তুমি মোৰ-স্বপ্ন-ৰাণী ।
বিলালা মোক ইমান বেথা,
শিকালা মোক ইমান কথা;-
উল্লাসে উপচি পৰে
কি আনন্দ আকুলতা!
নধৰে মোৰ হৃদয়ত,
জৰি পৰে চকুৰ পানী ।
তুমিযে মোৰ দীপ্তি-হীনা
অযত্ন-মলিনা দীনা;
কিহেৰে আই পূজোঁ, মোৰ
সম্বল মাথোঁ জীৰ্ণ বীণা
তুমিযে মোৰ সুৰময়ী
প্ৰেম-পূত মন্দাকিনী।
</poem>
::।।২।।
<poem>
লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে
ওখকৈ পাতিছিল গৰা,
চিকুণ চিকিমিকি বগী ঢকেঢকী
পৰিছিলে বালিডৰা ।
</poem>
[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:উমেশচন্দ্ৰ চৌধাৰীৰ সাহিত্যকৰ্ম]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=2760.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|