Revision 2796 of "মেধি তীৰ্থলৈ যায়" on aswikisource{{header
| title = মেধি তীৰ্থলৈ যায়
| author = দণ্ডিনাথ কলিতা
| translator =
| section =
| previous =
| next =
| notes =
}}
<poem>
কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ ,
কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায় ;
পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায় |
লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি,
ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই ;
গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায় |
দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,
নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই |
ধুতি গাৰে মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায় ?
কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ ?’
মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’
শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’ ;
কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায় |
জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি ;
পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই,
লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায় |
দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি,
এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই ;
সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায় |
তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল,
বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায় ?
কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায় |
<poem/>
[[Category:কবিতা]]
[[শ্ৰেণী:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=2796.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|