Revision 3270 of "কুম্পুৰ সপোন" on aswikisource

{{header
 | title      = কুম্পুৰ সপোন 
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

:::::::::::::মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি
:::::::::::::আৰু দুজনী – নাক জিলিকা চকু টেলেকা
:::::::::::::তিলিকা তিলিকা পিলিকা পিলিকা যখিনী ছোৱালী

:::::::::::::এটা ক’লা, এটা বগা নাঙঠ পিঙঠ ভূত
:::::::::::::কথা পাতে টাকুট্ টাকুট্ কুট্
:::::::::::::এটাই ক’লে – “পুট্, পুট্, পুট্”
:::::::::::::ইটোৱে মা নাক জোকাৰি ক’লে – “ধুৎ ধুৎ”
:::::::::::::মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ
:::::::::::::কিবা কিবি গান গাই ফুছ্ ফুছ্ ফাছ্
:::::::::::::মনে মনে কাম কৰে খুছ্ খাছ্ খাছ্
:::::::::::::এংকোৰ বেংকোৰ কৰি যায় লৰি লৰি
:::::::::::::যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি
:::::::::::::যখিনীহঁতে নেপেলালে একেলগে ভৰি।

:::::::::::::চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি
:::::::::::::কোটোক কোটোক ঘোটোক কৰি
:::::::::::::ভূত পোৱালি জাপ মাৰি
:::::::::::::ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি

:::::::::::::মই, তই যে কৱ –
:::::::::::::ভূতে বোলে ল’ৰা ধৰি খায়
:::::::::::::পুখুৰীলৈ নি বোলে ভৰিদুটা ওপৰ কৰি
:::::::::::::গুজি গুজি মূৰটো হেনো এহাত বোকাত সুমায়।
:::::::::::::ক’ত মা, মোক দেখোন সিহঁত দুটাই একোকে কৰা নাই?
:::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
:::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।

:::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই।
:::::::::::::যখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি
:::::::::::::দুয়োটাৰে কাণ দুখন দিলো মুচৰি।
:::::::::::::দীঘল কাণত মুচৰি মা, লাগে বৰ ভাল,
:::::::::::::সিহঁত দুটাই চিঞঁৰ সোধাই লগালে তালফাল।

:::::::::::::বিচাৰি থকা ভূত পোৱালি মা, যেতিয়া পালোঁ
:::::::::::::পুতলা থোৱা আলমাৰিটোত আনি সুমাই থলোঁ
:::::::::::::তাৰ পাছতে তই মাতোতে উঠিলো সাৰ পাই।
:::::::::::::মা, মোৰ হ’লে অক্কনমানো ভূতলে ভয় নাই,
:::::::::::::ক’তা, মোৰ ওচৰ চাপিবলৈ সিহঁতে দেখোন অলপোকেই সাহেই কৰা নাই?
:::::::::::::ভয় কৰা ল’ৰাকহে মা ভূতে ধৰি কিলায়।
:::::::::::::মা, মোৰ হ’লে ভূতলে ভয় নাই।

[[Category:জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু সাহিত্য]]