Revision 3310 of "অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)" on aswikisource{{header
| title = অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)
| author = জ্যোতিপ্ৰসাদ আগৰৱালা
| translator =
| section =
| previous = [[অক্কণমানি ল’ৰা]]
| next = [[অবুজ মাতৰ বিবুজ বাতৰি]]
| year =
| portal =
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
::::অতীতৰ কিবা ৰহস্যনো তুমি
::::::কোন সুন্দৰৰ নিজম পুৰীত
::::::::আছাগৈ তুমি নিদিয়া দেখা?
::::শক্তি আজি যে সুপ্ত গুপ্ত
::::::কল্পনাক পুনি লৈ ধৰাবলে’
::::::::আহা আজি সখী চিত্ৰলেখা !
::::সখী চিত্ৰলেখা !
::::::দূৰ অতীতৰ কিবা
::::::::ৰহস্যনো তুমি,
::::::::বুজিও নুবুজি
::::::::::আছা বিয়াকুল হৈ ?
::::কোন সৌন্দৰ্য্যৰ হোৱা
::::::জুৰুলি-জুপুৰি
::::::::নন্দন ৰাজ্যৰ তুমি
::::হাতত লেখনী লৈ
::::::আঁকে বহি ছবি
::::::গোলাপী গোলাপী আঙুলিকিটিৰে
::::::::কোন সৰগৰ ৰূপহী
::::আলৈ- আথানি মূৰৰ খোপাটি
::::::কপালৰ আগতে পৰিছে উফৰি ;
::::বুকৰে ৰিহা যে মাটিমুৱা কৰি
::::::পৰিছে কোলাতে বই ৷
::::কেতেকীপাহিৰে কাঢ়ি বৰণকে
::::::পিন্ধিলে কোমল গাত,
::::সেন্দুৰীয়া বেলিয়ে পাহৰি
::::এমুঠি কঁকাল ভৰেদি বহিছে
::::::ভাবিগুণি আছে কিবা
::::দীঘলী লাৱনী আঙুলি
::::::থৰে লাগি লাগি
::::আপোনাৰে
::::ভৰিৰে আঙুলি কিনো মনে খোৱা
::::::গঢ়ৰো যে ৰিজনি নাই,
::::নিতম্বযুৰিৰ কিনো তুলে দিওঁ
::::::নিমজ হৈ পৰিছেগৈ ৷
::::ওঁঠৰে তুলে মই কিনো দিওঁ
::::::কিনো দিওঁ
::::দিবলৈ নহয় যে ভুল
::::জগতৰ তাতে গোটে খালে,
::::::উপচি পৰিছে
::::::কেঁচাসোণৰ বৰণৰ
::::::::গালেখনি দেখি
::::::::::হলেবা মনৰে ভুল,
::::কেতেকী-গোলাপৰ বৰণকে আনি
::::::::::কৰে কিয় বিয়াকুল ৷
::::বুকুৰে বান্ধনি সুলকি পৰিছে
::::::::::দেখা পাই উদঙে বুকু
::::ডালিমৰ গুটিৰে মুকুতা
::::::::তাতে কি মোহিনী, তাতে কি অময়া
::::::::ৰাখিছা সখী মোৰ
::::::::::গোলাপৰ পাহিৰে আৱৰি থৈ ?
::::তুমিতো নোহোৱা মঙহৰ
::::::পুৰণি মঙহৰে গঢ়া ঐ
::::::::::আছা পুতলাটি হৈ ৷
::::গোলাপফুল-কেতেকীৰ
::::::::ৰেণু উৰাই আনি
::::::::::গঢ়িলে দেহা ৷
::::কোন পুৰী কৰিছা বলিয়া
::::::::::চৰণৰ নূপুৰ-ধ্বনিয়ে
::::কোন পুৰী কৰিছা বলিয়া
::::::আলসুৱা দেহাটিৰ
::::::::::নিঋত্য-ভঙ্গীৰে ৷
::::জাগিছে নে শুই থকা
::::::মুগ্ধ কুঁৱৰী
::::::::হাঁহি ঊষা দেৱী
::::::::::সপ্তমৰ কণ্ঠস্বৰ শুনি?
::::কঁপিছে নে কুঁৱৰীৰ
::::::মধুৰ যৌৱন
::::::::শুনি শুনি তোমাৰেই
::::::::::কণ্ঠৰ ধ্বনি?
::::তোমাৰেই কুমলীয়া
::::::আঙুলি মাজৰ
::::::::ভুৱনবিজয়ী লেখনীয়ে
::::আঁকিছে নে কাৰোবাৰ
::::::হৃদয়-হৰণ ?
::::সপোনতে চুমা খাই
::::::::::মন হৰি নিয়ে ৷
::::হ’ল নে তোমাৰ শেষ
::::::সৌন্দৰ্য্য-সাধনা,
::::::::অনন্ত-বাসনা যাৰ
::::::::পৰা নাই ওৰ,
::::পালা নে বিচাৰি দেৱী
::::::যুগমীয়া সৌন্দৰ্য্যৰ
::::::::নিমাত দেৱতাজনা
::::::::::সখী হে’ৰা সৌন্দৰ্য্য-বিভোৰ ৷
::::তোমাৰ তুলিৰ ৰেখা
::::::এটি এটিকৈ
::::::::উঠিছেনে ফুটি সখী
::::::::::শত শত ৰূপবান হৈ ?
::::আহিছেনে এতিয়াও
::::::তুলিৰ আগেদি
::::::::ৰূপৰ স্পটিক-পানী
::::::::::শতধাৰা হৈ ?
::::গঢ়িলা যি তুলিৰ আগেদি
::::::জগতৰ চিৰশ্ৰেষ্ঠ
::::::::অনিন্দ্যসুন্দৰ,
::::::::ধন্য সখী তোমাৰ লেখনী ৷
::::বাণৰ জীয়ৰী ঊষা
::::::সপোনত দেখা ৰূপ
::::::প্ৰত্যক্ষ কৰিলা আনি
::::::::সখীব্ৰতা!
::::::::ৰাখিলা যে সখীৰ জীৱন ৷
::::দিগন্ত বিয়পা কিনো
::::::মায়াপী শৰীৰী তুমি
::::::::ইঙ্গিতত তধা লাগে তৰুণ তপন,
::::বিস্ময়ত মুগ্ধ হৈ
::::::চাই ৰয় মাথো
::::::::তোমাৰ মায়ালীলা
::::::::::কত শত লক্ষ ভুৱন।
::::ৰূপহী নোহোৱা তুমি
::::::তাতোকৈও আৰু আছে যদি
::::::::চাব হোৱা তুমি,
::::জগতৰ চিৰশ্ৰেষ্ঠ
::::::সকলো ৰূপহী
::::::::তোমাৰ ৰূপৰ মাজে মাজে
::::::::::চাব পাৰে জুমি ৷
::::তোমাৰ ৰূপৰ সখী
::::::তুমিয়েহে তুল
::::::::সামৰিছা মহাবিশ্ব
::::::::::তোমাৰ ৰূপত,
::::বিশ্ব সঙ্গীত আহি
::::::আছে গোট খাই
::::::::তোমাৰেই বিজয়ী কণ্ঠত ৷
::::কোন ৰহস্যৰ আঁৰ হৈ
::::::ফুৰা সখী লুকাই লুকাই
::::::মূৰ্ত্ত হৈ দিয়াচোন দেখা,
::::কবিৰ কল্পনা পুনু ঠন ধৰাবলে’
::::::আহাঁ আজি সখী চিত্ৰলেখা !
[[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=3310.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|