Revision 3313 of "অবুজ মাতৰ বিবুজ বাতৰি" on aswikisource

{{header
 | title      = অবুজ মাতৰ বিবুজ বাতৰি
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = [[অতীতৰ কিবা ৰহস্যনো তুমি (চিত্ৰলেখা)]]
 | next       = [[অ'মোৰ ধুনীয়া গাঁও]]
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

অবুজ মাতৰ বিবুজ বাতৰি          

                        শুনা প্ৰাণ ভৰি

ইন্দ্ৰধনুৰ বৰণশিখাত লিখা

                   আলোকময়ী ভাষা

                             তিমিৰ ওৰণি

                                      ধল ৷

                   থাকিবিনে শুই

                   খুলিছে খুলিছে

                             ৰুদ্ধ দুৱাৰখনি

                   চকু পদুমৰ পাহিটি তুলি

                             চা আগত তোৰ

                             অনাগত অতিথি ৷

                   জাগা শুভ্ৰ স্ফটিকালোক সম

                             সুবৰ্ণ কলিৰ ৰেখা

শব্দ সৰসিজ বিকাশ কমল-দল

                             অৰ্ব্বুদে বৃন্দে

                             শান্ত সাগৰ সম কণ্ঠ ভৰি ৷