Revision 3315 of "অ'মোৰ ধুনীয়া গাঁও" on aswikisource{{header
| title = অ'মোৰ ধুনীয়া গাঁও
| author = জ্যোতিপ্ৰসাদ আগৰৱালা
| translator =
| section =
| previous = [[অবুজ মাতৰ বিবুজ বাতৰি]]
| next = [[আকাশী ঘৰত থাকে]]
| year =
| portal =
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
অ’ মোৰ ধুনীয়া গাঁও
ৰজাকো, প্ৰজাকো,
আমাক গৰকাকো
তোৰে পদূলিতে বান্ধি ৰখাওঁ
অ’ মোৰ ধুনীয়া গাঁও ৷
তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
থকা ঘৰে মোক দিয়ে,
ইকৰা-খাগৰি উলু-খেৰণিয়ে
হজুৱা-বনুৱা জীয়ে ৷
তোৰ মৰমতে ধাননি উপচি
মাণিকিমধুৰী আহে,
তোৰে চেনেহতে ফুলা সৰিয়হে
পাহি মেলি মেলি হাঁহে ৷
তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
নকৈ বাঁতিছে তাঁত,
গাঁৱৰ ডেকা ল’ৰাই
তিনিসইত খাইছে --
নেৰিছোঁ নেৰিছোঁ
দুবেলাৰ দুসাজি ভাত ৷
অ’ মোৰ ধুনীয়া গাঁও !
অত দিনে থকা
অভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=3315.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|