Revision 3323 of "অ'মোৰ ধুনীয়া গাঁও" on aswikisource{{header
| title = অ'মোৰ ধুনীয়া গাঁও
| author = জ্যোতিপ্ৰসাদ আগৰৱালা
| translator =
| section =
| previous = [[অবুজ মাতৰ বিবুজ বাতৰি]]
| next = [[আকাশী ঘৰত থাকে]]
| year =
| portal =
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
:::::::অ’ মোৰ ধুনীয়া গাঁও
:::::::ৰজাকো, প্ৰজাকো,
:::::::::আমাক গৰকাকো
:::::::::তোৰে পদূলিতে বান্ধি ৰখাওঁ
::::::::::অ’ মোৰ ধুনীয়া গাঁও ৷
:::::::তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
:::::::::: থকা ঘৰে মোক দিয়ে,
:::::::ইকৰা-খাগৰি উলু-খেৰণিয়ে
::::::::::::হজুৱা-বনুৱা জীয়ে ৷
:::::::তোৰ মৰমতে ধাননি উপচি
::::::::::::মাণিকিমধুৰী আহে,
:::::::তোৰে চেনেহতে ফুলা সৰিয়হে
:::::::::: পাহি মেলি মেলি হাঁহে ৷
:::::::তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
::::::::::নকৈ বাঁতিছে তাঁত,
:::::::গাঁৱৰ ডেকা ল’ৰাই
:::::::::তিনিসইত খাইছে --
:::::::::নেৰিছোঁ নেৰিছোঁ
::::::::::দুবেলাৰ দুসাজি ভাত ৷
:::::::অ’ মোৰ ধুনীয়া গাঁও !
:::::::::অত দিনে থকা
:::::::::ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=3323.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|