Revision 33238 of "ব্ৰহ্মা আদি কৰি" on aswikisource

{{No source}}
{{header
 | title      = ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম
 | author     = অজ্ঞাত
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}

<poem>
ব্ৰহ্মা আদি কৰি জীৱ য্ত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া শয্যা মাজে আছয় ঘূমতি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিহোক নাথ জগাই ||
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি
কাল সৰ্পে দংশি হৰিল চেতন তাৰ |
মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত,
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ ||
সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||

<poem/>
[[Category:প্ৰাৰ্থনা]]